
নিজৰ কৰ্মৰ বলত যে মানুহে দোপতদোপে আগবাঢ়ি যাব পাৰে তাৰেই এক উদাহৰণ হৈছে যোৰহাট জিলাৰ চতাই অঞ্চলৰ শচী ৰাজখোৱা। নিজৰ শ্ৰম আৰু সাধনাৰ বলত এইজন চাহ খেতিয়কে নিজকে এজন কৰ্মপটু লোক হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছে।
তেখেতৰ সৈতে হোৱা এক চমু সাক্ষাতকাৰ দাঙি ধৰা হৈছে---
প্ৰঃ কিমান মাটিৰে আপুনি আপোনাৰ বাগানখন সাঙুৰি লৈছে
শঃৰাজখোৱা- মই ৬৫ বিঘাতকৈ অধিক মাটিত চাহ বাগিছাখন স্থাপন কৰি লৈছো।
প্ৰঃ বাগানখনৰ জৰিয়তে আপুনি কেনেধৰণেৰে আগবাঢ়ি যাবলৈ সক্ষম হৈছে বা কেনেধৰণৰ পৰিকল্পনা হাতত লৈছে
শঃৰাজখোৱা- হয়, ইতিমধ্যে মই মোৰ কেইজনমান বন্ধুৰ সহযোগত গিবন নামৰ এটা ফেক্টৰী খোলাৰ কামত আগবাঢ়ি যবলৈ সক্ষম হৈছো। অলপতে তাৰ অনুমতিয়ো লাভ কৰিছো।
প্ৰঃ অহ সচাঁয়ে এটা ভাল খৱৰ। কত আৰু কেনেধৰণেৰে খোলা হব এই ফেক্টৰী
শঃৰাজখোৱা – মই এটা চতাই আৰু এটা মৰিয়নিত খোলাৰ পৰিকল্পনা কৰিছো।ফেক্টৰীটোত গড় হিচাপে ১৫ ৰপৰা ১৭ হাজাৰ কিলোগ্ৰাম কেঁচা চাহপাতৰ প্ৰয়োজন হব। আনহাতে প্ৰায় পাঁচ লাখ কিলোগ্ৰাম পকা পাত উতপাদন কৰিব পাৰিব।
প্ৰঃ ইয়াৰ বাবে কিমান টকা আনুমানিক ব্যয় হব বুলি আপুনি ভাৱিছে
শঃৰাজখোৱা – অ হয়, এই ফেক্টৰীৰ বাবে ৬ কোটি পাঁচ লাখ টকা ব্যয় ধাৰ্য কৰা হৈছে আৰু ইয়াৰ ৪০ শতাংশ ৰেহাই হিচাপে পোৱা যাব।
প্ৰঃ অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ গুৰুত্বপূৰ্ণ সমস্যাটো কি বুলি আপুনি ভাৱে
শঃৰাজখোৱা- কেঁচা চাহপাত প্ৰদান কৰাটোৱেই খেতিয়কসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যা। এনে সমস্যাৰ প্ৰতি লক্ষ্য ৰাখিয়েই সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ দবীক গুৰুত্ব দি অসম চৰকাৰে পঞ্জীয়ন এক্টৰ অধীনত সমবায় ভিত্তিত নেডফি, টী বৰ্ড, ক্ষুদ্ৰ চাহ খেতিয়ক আৰু কিছু ৰাষ্ট্ৰীয়কৃত বেংকৰ লগত পৰামৰ্শৰে অসমৰ ক্ষুদ্ৰ চাহখেতিয়ক সকলৰ উপকাৰ হোৱাকৈ ১১ টা কলঘৰ স্থাপনৰ অনুমতি প্ৰদান কৰিছে। আৰু কিছুমান সমস্যা অৱশ্যে উলায় কৰিব নোৱাৰি, যেনে – উপকৰৰ ৰচিদ, ম্যাদি পট্টা, কীটনাশক দ্ৰব্যৰ সমস্যা, কেঁচা চাহপাত চুৰি আদি।
ৰাজখোৱাৰ মতে অসমত প্ৰায় তিনিলাখ যুৱকে ক্ষুদ্ৰ চাহ বাগিচা খুলি নিজৰ ভাত নিজে মোকোলাইছে। শেহতীয়াকৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ এক সমীক্ষাত কোৱা হৈছে যে, পূৰ্বৰ তুলনাত ক্ষুদ্ৰ চাহ শিল্পত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সংস্থাপন পোৱা লোকৰ সংখ্যা পোন্ধৰ লাখৰো অধিক হব। এই ক্ষুদ্ৰ চাহ বাগিচাবোৰে বিভিন্ন সমস্যাৰ মাজতো ৩৩ শতাংশ চাহ উতপাদন কৰি অসমৰ চাহ শিল্পলৈ এক জোৱাৰ আনিছে।