পাচলি খেতিৰে লাভৱান বাক্সা জিলাৰ আদৰ্শ কৃষক

Friday, 25 January 2019 09:17 PM

নিজা কৃষিভূমি নথকা সত্বেও বাক্সা জিলাৰ অহোপা গাঁৱৰ ৰমেশ দাস নামৰ ব্যক্তিজনে শাক – পাচলিৰ খেতিৰে ইতিমধ্যে নিজকে এজন আদৰ্শ কৃষক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

 তেখেতৰ সৈতে হোৱা এক চমু সাক্ষাতকাৰ তলত দাঙি ধৰা হৈছে...

প্ৰঃ জানিব পৰা মতে আপোনাৰ নিজা মাটি নাই তথাপিও আপুনি কেনেকৈ খেতি কৰে

ৰঃদাস – হয়, মোৰ নিজা মাটি নাই। সেয়েহে গাঁৱৰে সংঘৰ দখলত থকা ডেকা নদীৰ পাৰৰ আঁঠ বিঘা পতিত মাটি লীজত লৈ খেতি কৰি আহিছো। বছৰি সাত হাজাৰ টকাত লীজত লৈ এনেদৰে খেতি কৰা মোৰ প্ৰায় ১৬ বছৰমানেই হল।

প্ৰঃ আপোনাৰ সৈতে আৰু কোন কোন এই কৃষিকাৰ্যত জড়িত হৈ আছে

ৰঃদাস- মোৰ পৰিয়ালৰ আটাইকেইদন সদস্য, মোৰ পত্নী, মোৰ পুত্ৰ তথা বোৱাৰী সক্ৰিয়ভাৱে এই কৃষিকাৰ্যত জড়িত হৈ আছে।

প্ৰঃ আপুনি ইয়াৰ বাবে কোনো প্ৰশিক্ষণ লাভ কৰিছে নেকি

ৰঃদাস- নাই, মই তেনে কোনো বিভগীয় প্ৰশিক্ষণ এতিয়ালৈকে গ্ৰহণ কৰা নাই যদিও বিজনাৰ মহেন্দ্ৰ ৰায় নামৰ লোক এজনৰপৰা কৃষিকাৰ্যৰ যাৱতীয় দিহা পৰামৰ্শ লাভ কৰিছো। মহেন্দ্ৰ ৰায় হৈছে কৃষি বিভাগত প্ৰশিক্ষণপ্ৰাপ্ত এজন লোক।

প্ৰঃ আপুনি ইয়াৰ বাবেআপোনাৰ খেতিত আপুনি কেনেধৰণৰ পাচলি উতপাদন কৰে

ৰঃদাস- মই খৰলিকালত আগতীয়াকৈ বন্ধাকবি, ওলকবি আৰু ফুলকবি উতপাদন কৰোঁ। তাৰোপৰি বোঙেনা, বিলাহী, পানীলাউ, জলকীয়া, ৰঙালাউ, আলু আদিৰো খেতি কৰা হয়।বাৰিষা কালত ধানখেতিৰ উপৰিও লেচেৰা, ভেণ্ডি, জিকা, তিয়ঁহ, কেৰেলা, জলকীয়া আদিৰ খেতি কৰা হয়।

প্ৰঃ খেতিসমূহৰ জৰিয়তে আপুনি আৰ্থিকভাৱে কেনেধৰণে লাভান্বিত হৈছে

ৰঃদাস- কৃষিকাৰ্যত অন্যান্য ব্যয়ৰ উপৰিও সকলো ঘৰুৱা ব্যয় বাদ দি মোৰ বছৰি প্ৰায় এক লাখ টকাকৈ লাভ উপাৰ্জন হয়।

প্ৰঃ পৰিয়ালৰ লোকসকলৰ উপৰিও আন কোনো লোক আপোনাৰ কৃষিকৰ্মত নিয়োগ হৈ আছে নেকি

ৰঃদাস- হয়, মই এজন লোকক মাহেকীয়া দৰমহা হিচাপত বাৰমাহেই নিয়োগ কৰি ৰাখিছো। ইয়াৰোপৰি পাঁচ – ছজন লোকক মই হাজিৰা হিচাপত নিয়োগ কৰো।

প্ৰঃ উতপাদিত ফচলসমূহ আপুনি কেনেধৰণেৰে বজাৰলৈ পঠায়

ৰঃদাস- মোৰ ইয়াত উতপাদিত ফচলসমূহ ঘৰতে আহি বেপাৰীয়ে পাইকাৰী মূল্যত ক্ৰয় কৰি লৈ যায়। আৰু মই নিজেও মুছলপুৰ, থমনা,আঠিয়াবাৰী আদি বজাৰত ফচলসমূহ বিক্ৰী কৰোঁ। ইতিমধ্যে মই এখন অটোভানো মোৰ উপাৰ্জিত টকাৰে ক্ৰয় কৰিছো। যাৰ জৰিয়তে উতপাদিত ফচলসমূহ বজাৰলৈ লৈ যোৱাত সহজ হৈ পৰিছে।

 উল্লেখযোগ্য যে, সীমিত পৰিমানণত ৰাসায়নিক ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা ৰমেশ দাসৰ উতপাদিত শাক – পাচিল অতি সোৱাদযুক্ত বুলি বজাৰত এটা সুনাম আছে। বৰ্তমান তেওঁ নিজাকৈ খেতিৰ মাটি অলপ ক্ৰয় কৰাৰ বাবেহে চিন্তা – চৰ্চা কৰি আছে।

Vegetable Plantation and Self Employment

Share your comments


CopyRight - 2026 Krishi Jagran Media Group. All Rights Reserved.