
খুমতাই সমষ্টিৰ মিছামৰাৰ এগৰাকী যুৱতী যি কুঁহিয়াৰ খেতি কৰি গুৰ উতপাদন কৰি নিজে স্বৱলম্বী হোৱাৰ লগতে অঞ্চলটোৰ অন্যান্য যুৱক – যুৱতীকো স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে।তেওঁৰ লগত হোৱা এটা সাক্ষাতকাৰ চমূকৈ তলত দাঙি ধৰা হল---
প্ৰঃ কিমান মান মাটিত আপুনি খেতি কৰে
ব.দত্তঃ মই মাত্ৰ পাঁচ বিঘা মাটিত খেতি কৰোঁ।
প্ৰঃ আপোনাৰ নিজৰ বিষয়ে অলপ কওকচোন
ব.দত্তঃ হয়, আচলতে মোৰ নিজা ঘৰ কামৰূপ জিলাৰ হাজোত।কিন্তু মই নিচেই সৰুতেই মামাৰ ঘৰলৈ গুচি আঁহো আৰু ইয়াতেই মই মোৰ শিক্ষাৰ জীৱন আৰম্ভ কৰো। মোৰ মামাৰ নাম দ্বিজেন দত্ত।
প্ৰঃ কিমানলৈকে পঢ়া-শুনা কৰিলে আপুনি
ব.দত্তঃ মই খুমতাইৰ মিছামৰা হায়াৰ ছেকেণ্ডেৰীৰপৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে দেৰগাঁও ডি.কে.ডি কলেজৰপৰা বি.এ. পাছ কৰো।

প্ৰঃ কুঁহিয়াৰ খেতিৰ লগত নিজকে কেনেকৈ জড়িত কৰিলে
ব.দত্তঃ মই পঢ়াৰ সমান্তৰালভাৱে মামা মামীৰ পাঁচ বিঘা মাটিত কুঁহিয়াৰ খেতি কৰিবলৈ লওঁ। মাটি ডোখৰৰপৰা নিজে কুঁহিয়াৰ কাটি আনি ঘৰত গোনা মহৰ দ্বাৰা শালত কুঁহিয়াৰ পেৰি গুৰ তৈয়াৰ কৰি বিক্ৰী কৰোঁ বজাৰত। তেনেকৈ এই বছৰ মই ১২ হাজাৰ ৫০০ টিন গুৰ উতপাদন কৰোঁ। প্ৰতি কেজিত ৫০ টকা পৰ্যন্ত দৰত বিক্ৰী কৰি বছৰেকত মোৰ আয় হয় প্ৰায় ৬লাখ ২৫ হাজাৰৰো অধিক টকা।
প্ৰঃ আপুনি এই খেতি অকলেই কৰেনে নে আন কোনোবাই আপোনাক সহায় কৰে
ব.দত্তঃ মই কোনো শ্ৰমিক নিয়োগ কৰি কুঁহিয়াৰ খেতি কৰা নাই। মোৰ এই খেতিত সহায় কৰে মোৰ ডাঙৰ মামা দ্বিজেন দত্ত, সৰু মামা পৰেশ দত্ত, মামী যুগ দত্ত আৰু আইতা প্ৰেম দত্তই। অতি কষ্টেৰে কুঁহিয়াৰ কাটি, দুৰ্গম পথেৰে ঠেলাৰে আনি ঘৰত গুৰ প্ৰস্তুত কৰোঁ আমি। সুখৰ কথা এয়ে যে আমাৰ এই প্ৰচেষ্টা দেখি বৰ্তমান স্থানীয় অন্যান্য লোকসকলো উতসাহিত হৈ কুঁহিয়াৰ খেতিত নিজকে নিয়োগ কৰিবলৈ ধৰিছে।
প্ৰঃ আপুনি এই ক্ষেত্ৰত চৰকাৰৰপৰা কোনো সহায় পাইছে নেকি
ব.দত্তঃ নাই, নাই, মই ক্ষেত্ৰত চৰকাৰৰপৰা তেনে কোনো সহায় এতিয়ালৈকে পোৱা নাই।
প্ৰঃ ধন্যবাদ, আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল লগতে কৃষিজাগৰণৰ তৰফৰপৰা আপোনাৰ উজ্জল ভৱিষ্যত কামনা কৰিলো।
ব.দত্তঃ আপোনালৈয়ো অশেষ ধন্যবাদ থাকিল।
উল্লেখযোগ্য যে খুমটাই সমষ্টিত এটা কুঁহিয়াৰ গৱেষণা কেন্দ্ৰ আছে। তথাপি তাৰপৰা ববিতা দত্তৰ দৰে খেতিয়কে কোনো সহাৰি পোৱা নাই। কৃষিৰ বতৰত উন্নত কুঁহিয়াৰৰ বীজ যোগানতো ব্যৰ্থ হয় গৱেষণাগাৰৰ বিজ্ঞানী কৰ্মচাৰীসকল। স্থানীয় এটা বেংকে ফামাৰ্চ ক্লাৱ গঠন কৰি ক্লৱৰ যোগেদিহে ঋণ আদি প্ৰদান কৰি আহিছে। ববিতা দত্তৰ দৰে কৃষকক চৰকাৰে গুৰুত্ব সহকাৰে সহায় কৰিবলৈ আগবাঢ়ি আহিলে নিবনুৱা সমস্যা বহু পৰিমাণে উপশম হব বুলি অঞ্চলবাসীয়ে আশা প্ৰকাশ কৰে।