
তামোল খেতিৰে আত্মনিৰ্ভৰশীল মাজুলিৰ যুৱক
বৰ্তমান সময়ত ৰাজ্যখনৰ বহুতো যুৱক – যুৱতীয়ে সংস্থাপন বিচাৰি ৰাজ্যৰ বহিৰলৈ ঢাপলি মেলা পৰিলক্ষিত হয়। সমস্যাটো সমাধানৰ ক্ষেত্ৰত চৰকাৰখনো ব্যৰ্থ হোৱা দেখা যায়। কিন্তু তাৰ মাজতো এনে কিছুমান যুৱক – যুৱতী আছে যি চাকৰীৰ আশাত বহি নাথাকি আত্মসংস্থাপনৰ বাবে কেতবোৰ স্বনিয়োজন আঁচনি গ্ৰহণ কৰিছে। তেনে এজন শিক্ষিত নিবনুৱা যুৱক হৈছে উজনি – মাজুলিৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত কুঁহিয়াৰবাৰীৰ গাঁৱৰ বুদ্ধেশ্বৰ শইকীয়া।
তেখেতৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপৰ ক্ৰিয়দাংশ তলত দাঙি ধৰা হৈছে।

প্ৰঃ আপোনাৰ শিক্ষা
বু.শইকীয়াঃ মই কলা বিভাগত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছো।
প্ৰঃ সংস্থাপনৰ মাধ্যম হিচাপে আপুনি কেনেধৰণৰ পথ বাচি লৈছে।
বু.শইকীয়াঃ হয়, ইতিমধ্যে মই এজন খেতিয়ক হিচাপে মোৰ জীৱিকাৰ পথ মুকলাবলৈ সক্ষম হৈছো।
প্ৰঃ কেনেধৰণৰ খেতি আপুনি কৰি আহিছে
বু.শইকীয়াঃ মই প্ৰধানকৈ তামোলৰ খেতি কৰোঁ যদিও বিভিন্ন ধৰণৰ শাক – পাচলিৰ খেতিও ইয়াৰ লগতে কৰি আহিছো।
প্ৰঃ বৰ্তমান আপোনাৰ কিমান জোপা তামোল গছ আছে
বু.শইকীয়াঃ মোৰ বৰ্তমান ৩০০ জোপা তামোল গছ আছে।
প্ৰঃ ইয়াৰপৰা আপুনি কিমান টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে
বু.শইকীয়াঃ হয়, মই বৰ্তমান বছৰি ৪০ হাজাৰ পৰ্যন্ত উপৰ্জন কৰিবলৈ সক্ষম হৈছো।
প্ৰঃ আপোনাৰ শাক – পাচলিৰ খেতিৰ বিষয়ে অলপ কওকচোন
বু.শইকীয়াঃ হয়, মই বৰ্তমান প্ৰায় ডেৰবিঘামান মাটিত শাক-পাচলিৰ খেতি কৰোঁ। ঋতু অনুযায়ী বিভিন্ন ধৰণৰ শাক-পাচিলৰ খেতি কৰা হয় যদিও প্ৰধানকৈ জিকা,তিয়ঁহ, কেৰেলা,ভাতকেৰেলা আদিয়েই বেছিকৈ কৰা হয়। আৰু মই ইয়াৰপৰা দৈনিক গড়ে পাঁচশ টকাকৈ উপাৰ্জন কৰিবলৈ সক্ষম হৈছো। শাক-পাচিলৰ উপৰিও মই ধানৰ খেতিও কৰি আহিছো।
প্ৰঃ ইয়াৰ বাবে আপুনি কোনো চৰকাৰী সাহাৰ্য লাভ কৰিছে নেকি
বু.শইকীয়াঃ নাই, নাই, মই চৰকাৰ বা কৃষিবিভাগৰপৰা কোনো ধৰণৰ সহায় পোৱা নাই।
এনেদৰে কোনোধৰণৰ আৰ্থিক সাহাৰ্য লাভ নকৰাকৈ মাজুলিৰ বুদ্ধেশ্বৰ শইকীয়াই আত্মনিৰ্ভশীল হবলৈ সক্ষম হৈছে।