 
            নাৰিকল খেতিৰ বাবে ওখ, ৰ’দঘাই, সহজে পানী ওলাই যাব পৰা বালিয়া পলসুৱা মাটি অতি উপযোগী। ইয়াক আক্ৰমণ কৰা বিভিন্ন বেমাৰসমূহৰ বিষয়ে তলত আলোচনা কৰা হ’ল-
কোঁহ পচা ৰোগঃ
এই ৰোগত গছৰ মুকুট অংশত থকা কোঁহ পাতৰ গুৰিটো ভেঁকুৰৰ দ্বাৰা আক্ৰান্ত হৈ পচি যোৱা দেখা যায়। ফলত পাত হালধীয়া পৰি লেৰেলি যাবলৈ ধৰে। কোঁহ পাতখিলা টানি সহজে উভালি আনিব পৰা হয়। প্ৰতিকাৰ হিচাপে এক শতাংশ শক্তিৰ বৰড’ মিশ্ৰণৰ ২০০-৩০০ মিঃ লিঃ মান কোঁহটোৰ গুৰিত পৰাকৈ ঢালি দিব লাগে।
গা-গছৰ ৰস ওলোৱাঃ
ভেঁকুৰৰ দ্বাৰা হোৱা এই ৰোগত বীজাণুৱে গা-গছত লগা ঘা অংশইদি (দা, কটাৰী আদিৰে লগা দাগ বা ঘা) প্ৰৱেশ কৰি মজ্জা অংশত আক্ৰমণ কৰি পচাই পেলায়। এই পচা অংশইদি ৰঙচুৱা মুগা বৰণৰ ৰস নিগৰি নিগৰি বাহিৰলৈ ওলাই অহা দেখা যায়। এই ক’লা পৰি পচি যোৱা অংশৰ পৰা ৰসক্ষৰণ হ’ব নোৱাৰিলে আক্ৰান্ত গা-গছ অংশ ঢোলটোৰ দৰে ফুলি উঠা দেখা যায়। প্ৰতিকাৰ হিচাপে পচি যোৱা অংশ চোকা দাৰে ৰুকি সম্পূৰ্ণকৈ গুচাই দিব লাগে। বেমাৰৰ বীজাণু ৰৈ পুনৰ ৰোগ বিস্তাৰ কৰিব নোৱাৰাকৈ আধা ইঞ্চিমান নিৰোগী কেঁচা অংশও কাটিব লাগে। এইদৰে কাটি চাফা কৰা অংশত বৰড’ মিশ্ৰণ মলমৰ বা আলকতৰাৰ প্ৰলেপ দি সুফল পাব পাৰি। ১ শতাংশ শক্তিৰ বেভিষ্টিন প্ৰয়োগ কৰিও সুফল পাব পাৰি।
গেনডাৰমাঃ
এবিধ ভেঁকুৰে আক্ৰমণ কৰি শিপা অংশ পচাই পেলায়। সাধাৰণতে সেমেকা আৰু পানী জমা হোৱা জেকজেকীয়া মাটিত এই ৰোগ বেছিকৈ হয়। পচি যোৱা শিপাৰ সংখ্যা বাঢ়ি অহাৰ লগে লগে তলৰ পৰা পাতবোৰ হালধীয়া পৰি শুকাই হাউলি গছত ওলমি পৰে আৰু ক্ৰমে ওপৰলৈ আগবাঢ়ি যায়। গোটেই শিপাবোৰ পচি গ’লে ওপৰৰ ঠৰি পাতখিলাও হাউলি যায়। গছজোপাৰ কাণ্ড অংশৰ পৰা ৰঙচুৱা ৰস নিৰ্গত হোৱা দেখা যায়। প্ৰতিকাৰ হিচাপে পানী ওলাই যোৱাৰ সুব্যৱস্থা ৰাখিব লাগে। আক্ৰান্ত গছৰ পৰা বেমাৰৰ বীজাণু কাষৰ গছলৈ বিয়পিব নোৱাৰাকৈ আক্ৰান্ত গছৰ চাৰিওফালে ২-৩ মিটাৰ আঁতৰত ৪০ ছেঃ মিঃ বহল আৰু ৬০ বা ৭০ ছেঃ মিঃ দকৈ এটা নলা খান্দিব লাগে। সেই নলাটোত ৩ গ্ৰাম কেপটাফ এক লিটাৰ পানীৰ হিচাপত মিহলাই ভালদৰে মাটি তিতি যোৱাকৈ প্ৰয়োগ কৰিব লাগে। গছৰ গুৰিত পাতলীয়াকৈ কোৰ মাৰি সৰহ পৰিমাণে জৈৱিক সাৰ আৰু গছে প্ৰতি ৫ কিলোগ্ৰাম মানকৈ নিমৰ খলিহৈ ব্যৱহাৰ কৰি সুফল পাব পাৰি। গছজোপাৰ চাৰিওফালে গুৰিত ১.৫-২ কিলোগ্ৰাম ছালফাৰ পাউডাৰো মাটিত ছটিয়াব লাগে। আক্ৰান্ত গছ প্ৰতিকাৰ কৰিব নোৱাৰিলে মূঢ়াটোৰ সৈতে উভালি দূৰৈত পুৰি পেলাব লাগে।
পাতত দাগ পৰা ৰোগঃ
এই ৰোগত আক্ৰান্ত গছৰ পাতত প্ৰথমে হালধীয়া দাগ পৰা দেখা যায়। সেইবোৰ পিছলৈ ৰংচঙীয়া ৰঙচুৱা দাগলৈ ৰূপান্তৰিত হয়। গছজোপা মৰি নাযায় যদিও নিশকতীয়া হৈ উৎপাদন হ্ৰাস হোৱা দোখা যায়। প্ৰতিকাৰ হিচাপে অনুমোদিত পৰিমাণত সাৰ-পানীৰ ব্যৱস্থা কৰিব লাগে আৰু আক্ৰান্ত পাত আঁতৰাই ১ শতাংশ শক্তিৰ বৰড’ মিশ্ৰণ স্প্ৰে’ কৰি সুফল পাব পাৰি।
পাত পচা ৰোগঃ
এই ৰোগত আক্ৰান্ত পাতবোৰৰ আগবোৰ ক’লা পৰি মেটুৰা-মেটুৰ হয়। বেছিকৈ ৰোগে আক্ৰমণ কৰিলে আক্ৰান্ত অংশ টুকুৰা-টুকুৰ হৈ খহি পৰে আৰু গছজোপা নিশকতীয়া হৈ উৎপাদন হ্ৰাস কৰে। প্ৰতিকাৰ হিচাপে নিয়মিতভাৱে সাৰ-পানীৰ ব্যৱস্থা আৰু মুকুট অংশত এক শতাংশ শক্তিৰ বৰড’ মিশ্ৰণ অথবা ইণ্ডোফিল এম-৪৫ ঔষধৰ ০.২ শতাংশ মিশ্ৰণ এপ্ৰিল, আগষ্ট আৰু ডিচেম্বৰ মাহত (অৰ্থাৎ প্ৰতি চাৰি মাহৰ মূৰে মূৰে) স্প্ৰে’ কৰি সুফল পাব পাৰি।
ফল পচা আৰু সৰি পৰা ৰোগঃ
এই ৰোগত অপৈণত ফলৰ ঠাৰিবোৰত ক’লা দাগ পৰে আৰু অৱশেষত পচি যায়। ফলস্বৰূপে ফল পচি সৰি পৰে। এবিধ ভেঁকুৰৰ আক্ৰমণৰ ফলত হোৱা এই ৰোগৰ প্ৰতিকাৰ হিচাপে ১ শতাংশ বৰড’ মিশ্ৰণ বা ০.০৫ শতাংশ ফাইট’লান ঔষধ বাৰিষাৰ আগে আগে প্ৰথমবাৰ স্প্ৰে’ কৰি ৪০ দিনৰ মূৰে মূৰে ২-৩ বাৰমান একেদৰে প্ৰয়োগ কৰিব লাগে। ইয়াৰ উপৰি আন কাৰণতো ফল সৰিলে নিয়মিত সাৰ-পানীৰ যোগান আৰু পোক-পৰুৱা, বেমাৰ-আজাৰৰ পৰা গছজোপা বচাই ৰাখি সুফল পাব পাৰি।
উৎসঃ পূৰ্বে বিকাশপেডিআত প্ৰকাশিত প্ৰবন্ধ
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments