Krishi Jagran Assam
Menu Close Menu

বিজ্ঞানসন্মত বাঁহখেতি

Wednesday, 01 May 2019 04:03 PM

প্ৰাচীন কালৰ পৰাই বাঁহ মানৱ জাতিৰ বিভিন্ন কামত জড়িত হৈ আহিছে। বাঁহ গ্ৰাম্য অঞ্চলত বসবাস কৰা মানুহৰ কাৰণে খাদ্য, খৰিকাঠ, ঘৰ সজা কাম, কুটীৰ শিল্পত লগা কেঁচা সামগ্ৰী আনকি ঔষধ আদিত ব্যৱহাৰ কৰাৰ উপৰি কাগজ শিল্পতো বহুলভাৱে বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। অগ্রাধিকাৰ ভিত্তিত বাঁহ খেতি কৰাৰ মূল কাৰণবিলাক হ’ল, বাঁহৰ বহু প্রকাৰৰ ব্যৱহাৰ, খৰকৈ বঢ়া বৈশিষ্ট্য, সহজ বিস্তাৰণ পদ্ধতি, মাটি সংৰক্ষণ কৰা ক্ষমতা আদি।

মানুহে ব্যৱহাৰ কৰা বিভিন্ন গছ-গছনিৰ ভিতৰত বাঁহ হ’ল অন্যতম। বাঁহৰ দ্বাৰা পাচি, খৰাহী, টুপী, মাছ ধৰা সঁজুলিৰ লগতে অন্যান্য সামগ্ৰী প্রস্তুত কৰা হয়। ভাৰতবৰ্ষ আৰু চীন দেশত বাঁহৰ মণ্ডলৰ পৰা কাগজ তৈয়াৰ কৰা হয়। ডাঙৰ জাতৰ বাঁহৰ কাণ্ড অংশ কাটি ফুলদানি, জুলীয়া দ্রব্য ৰখা পাত্র, মাছ ধৰা সঁজুলি, পানী যোৱা নলা, ঘৰৰ চাৰিওকাষত ৰুই সৌন্দর্যবর্ধক হিচাপে ব্যৱহাৰ কৰা হয়।

সমীক্ষা মতে, কাগজ শিল্পত ব্যৱহাৰ কৰা সমগ্ৰ কেঁচা সামগ্ৰীৰ শতকৰা ৬০-৭০ ভাগ কেৱল বাঁহেই যোগান ধৰে। জানিব পৰা মতে, এক টন কাগজ পাবলৈ হ’লে ৫ টন কেঁচা বাঁহ নতুবা ২.৮ টন শুকান বাঁহৰ প্রয়োজন৷ ইয়াৰ বাবে প্রয়োজন হয় তিনি বছৰ বয়সৰ ৪৬২ ডাল বাঁহ। খৰিকাঠৰ লগতে জীৱ-জন্তুৰ বাবে বাঁহৰ গুটিও খাদ্যৰ অন্যতম উৎস। গ্রাম্য এলেকাত বাঁহৰ ব্যাপক ব্যৱহাৰৰ নিমিত্তে বাঁহক ‘দৰিদ্ৰজনৰ কাঠ’ বুলি আখ্যা দিয়া হয়। বাঁহৰ বহু উদ্দেশ্য সাধনত ভূমিকা প্রদান কৰাৰ বাবেই বাঁহক গ্রাম্য অঞ্চলৰ আৰ্থ- সামাজিক উন্নয়নত অন্যতম আধাৰ বুলি স্বীকাৰ কৰা হয়।

মাটি আৰু জলবায়ু

 

বাঁহ খেতিৰ কাৰণে পানী বন্ধন নোহোৱা পলসুৱা, বালিচহীয়া নতুবা আলতীয়া মাটিয়েই উত্তম। যিবিলাক অঞ্চলৰ জলবায়ু গৰম, সেমেকা লগতে গোটেই বছৰ জুৰি সমপৰিমাণে হোৱা বার্ষিক বৰষুণৰ পৰিমাণ ২০০০-৩০০০ মিলিমিটাৰ, তেনেকুৱা অঞ্চলেই বাঁহ খেতিৰ বাবে উপযোগী।

বাঁহ খেতিৰ কাৰণে পুলিবাৰী স্থাপন

 

বাঁহ খেতি মূল পথাৰত ৰোপণ কৰাৰ আগতে এখন বাঁহৰ পুলিবাৰী স্থাপন কৰি ল’ব পাৰিলে ভাল। পুলিবাৰী স্থাপনত মন কৰিব লগীয়া কথাকেইটা হ’ল— পুলিবিলাক পানী দিবৰ বাবে পানী যোগানৰ সু-ব্যৱস্থা থাকিব লাগে, সকলো বতৰতে পুলিবাৰীত সোমাব পৰা ৰাস্তা থাকিব লাগে, নির্বাচন কৰা মাটিখিনি বালিচহীয়া আৰু সহজে পানী ওলাই যাব পৰা হ’ব লাগে। পলিবেগত পুলি উৎপাদন কৰিবলৈ হ’লে কেৱল ওপৰৰ মাটিখিনিহে ব্যৱহাৰ কৰিব লাগে।

বাঁহখেতি বিস্তাৰণ কৰাৰ বিভিন্ন কৌশলসমূহ:

 

১। গুটিৰ পৰা

২। বাঁহৰ মূঢ়াৰ দ্বাৰা

৩। বাঁহৰ কাণ্ডৰ পৰা

৪। ডাঠ বেৰৰ শিপাযুক্ত বাঁহৰ চেকনীৰ পৰা

৫। অন্যান্য যেনে— বাঁহৰ ডাল ধৰা, বাঁহৰ আগ অংশৰ লগতে বাঁহৰ গাজ আদিৰ পৰা।

গুটিৰ পৰা বাঁহ খেতি

 

সাধাৰণতে বাঁহ ২০-৪০ বছৰৰ পিছত এবাৰহে ফুলে, তাকো অঞ্চলবিশেষেহে একোটা নির্দিষ্ট চক্ৰ নির্দিষ্ট বয়সৰ পাছতহে। সেয়েহে গুটিৰ পৰা বাঁহ খেতি কৰাটো নিশ্চয়তা কৰিব নোৱাৰি। বাঁহৰ গুটিৰ পৰা খেতি কৰিবলৈ হ’লে গুটি ধৰা গছৰ পৰা মাটিৰ সংস্পৰ্শত নহাকৈ গুটি সংগ্ৰহ কৰি প্ৰতি কিল’ গুটিত তিনি গ্ৰামকৈ “ইনদফিল এম ৪৫” ঔষধ মিহলাই বীজতলীত অনতিপলমে সিচিব লাগে। বীজতলীখন ভালকৈ চহাই গোবৰ মিহলাই এক মিটাৰ বহল, আৱশ্যক অনুসৰি দীঘল আৰু মাটিৰ পৰা ১০ ছেন্টিমিটাৰ উচ্চতাৰ আকাৰত প্ৰস্তুত কৰি গুটিবিলাক ৩০ ছেন্টিমিটাৰ আঁতৰত লোৰ কৰি ১০-১৫ ছেণ্টিমিটাৰ ব্যৱধানত সিঁচিব লাগে। গুটি দিয়াৰ পিছত মাটিৰে ৩-৪ ছেণ্টিমিটাৰমান ঢাকি দিব লাগে। আৱশ্যক হ’লে ১-১.৫ মিটাৰ উচ্চতাৰ ছাঁ দিয়াৰ ব্যৱস্থা কৰিব লাগে। সাধাৰণতে ২-৬ সপ্তাহৰ ভিতৰতে গুটিবিলাক গজিবলৈ ধৰে। পুলিবিলাকৰ বয়স ১২-১৮ মাহ হ’লেই মূল পথাৰত বাঁহৰ জাত অনুসৰি ৫-৮ মিটাৰ ব্যৱধানত বাৰিষাকালত ৰুব লাগে। ৰোৱাৰ পিছত প্রথম বছৰ প্ৰতিটো পুলিত ১০০ গ্রাম ইউৰিয়া, ২৫ গ্রাম ছুপাৰ ফচফেট, ২৫ গ্রাম মিউৰেট অব পটাছ সাৰ মিহলাই প্রয়োগ কৰিব লাগে।

বাঁহৰ মূঢ়াৰ দ্বাৰা

 

বাঁহৰ মুঢ়াৰ পৰা খেতি কৰিবলৈ হ’লে মূঢ়াবিলাক এক-ডেৰ বছৰ বয়সৰ হ’ব লাগে। গছৰ গুৰিৰ পৰা পিৰি খান্দি যথেষ্ট পৰিমাণৰ শিপা থকাকৈ উঠাই ল’ব লাগে। মূঢ়াবিলাকৰ বাঁহ অংশ মাটিৰ পৰা কমেও এক মিটাৰ উচ্চতাত চোকা কটাৰীৰে কাটি ল’ব লাগে। মূল পথাৰত ৬০°:৬০:৬০ ঘন ছেণ্টিমিটাৰ আকৃতিত বৰষুণৰ বতৰত জাত অনুসৰি ৫-৮ মিটাৰ ব্যৱধানত ৰুব লাগে। শুকান বতৰ নাইবা ৰ’দত শুকাই নাযাবৰ বাবে মূঢ়াৰ আগ অংশ গোবৰে ঢাকি দিব লাগে। মন কৰিব লগীয়া কথা হ’ল ৰোওঁতে মাটিৰ তলত এটা গাঁঠি থাকিব লাগে। ৰোৱাৰ প্ৰথম বছৰতে ইউৰিয়া ৩০০ গ্রাম, ছুপাৰ ফচফেট ১৫০ গ্রাম, মিউৰেট অৱ পটাছ ৫০ গ্রাম মিহলাই প্ৰতিজোপা গছৰ চাৰিওফালে প্রয়োগ কৰি মাটিৰ লগত মিহলাই দিব লাগে। সমপৰিমাণৰ সাৰ পিছৰ কেইবছৰতো প্রয়োগ কৰিব লাগে।

কাণ্ড অংশৰ পৰা বিস্তাৰণ

 

কাণ্ডৰ পৰা বাঁহখেতি কৰিবলৈ হ’লে মাতৃগছৰ এক-ডেৰ বছৰৰ হ’ব লাগে। কাণ্ডবিলাক খণ্ড কৰাৰ আগতে চেকনীবিলাক কাটি আঁতৰাই ল’ব লাগে। কাটোতে সতর্ক হ’ব লাগে যাতে কাণ্ডবিলাকৰ দুয়োমূৰ বৰ্গীকাৰ নাইবা আয়তাকাৰ হয়।

ৰাসায়নিক দ্রব্য প্রয়োগ

 

কাণ্ডবিলাকৰ পৰা সোনকালে পোখা ওলাবৰ নিমিত্তে ২০০ মিলিগ্রাম ইনডল বিউটাৰিক এচিড (IBA) প্রতিলিটাৰ পানীত মিহলাই দ্ৰৱণ প্রস্তুত কৰি ল’ব লাগে। ইনডল বিউটাৰিক এচিডৰ দ্ৰৱণ প্রস্তুত কৰাৰ আগতে কম পৰিমাণৰ ইথালনত মিহলাই ল’ব লাগে। দ্রৱণৰ ১০০-১৫০ মিলিলিটাৰ একোটা কটা কাণ্ডত ফুটা কৰি চুপিৰ দ্বাৰা ভিতৰলৈ ভৰাই দিব লাগে। চাব লাগে যাতে দ্রৱণে কাণ্ডৰ দুয়োমূৰত থকা গাঁঠি অংশ ভালকৈ সংস্পৰ্শত আহে। দ্রৱণ ভৰোৱাৰ পিছত ফুটা অংশ চেলাফেন টেপৰে বন্ধ কৰি দিব লাগে। এনেদৰে প্রস্তুত কৰা কাণ্ডবিলাক ৰোৱা তলিত ওপৰমুৱাকৈ (ফুটা থকা অংশ) ২৫ ছেণ্টিমিটাৰ নিলগত তৈয়াৰ কৰি লোৱা লোৰত পাৰি ৫-৬ ছেণ্টিমিটাৰ ঢাকি দিব লাগে। গজালিবিলাক ওলোৱাৰ উপযুক্ত হ’লেই কাণ্ডবিলাক চাৰিওফালে পিৰি খানি নতুবা চোকা কটাৰীৰে দুখণ্ড কৰি মূল পথাৰত ৰুব লাগে। ভলুকা, কাকবাঁহৰ ক্ষেত্ৰত গছৰ গুৰি মৃত্যু অংশৰ পৰা ওলোৱা শিপাযুক্ত চেকনী কাটিও বিস্তাৰণ ঘটাব পাৰি। এনেক্ষেত্ৰত মাতৃগছৰ বয়স ১-৩ বছৰ বয়সৰ হ’ব লাগে। চেকনীবিলাকৰ কমেও ৩-৪ টা গাঁঠি থাকিব লাগে। প্রস্তুত কৰা চেকনীবিলাকৰ গুৰি অংশত আই বি এ হৰমন সংস্পৰ্শ ঘটাই - ভেটিত থিয়কৈ গুজি ওপৰৰ কটা অংশ গলা মমেৰে ঢাকি দিব লাগে। চেকনিবিলাকৰ দৈর্ঘ্য ৭-১০ ছেঃমিঃ হ’ব লাগে। এনেকৈ পুতি ৰখা চেকনীবিলাকৰ পৰা ১-৪ মাহৰ পিছত শিপাৰ লগতে গজালি ওলাবলৈ ধৰে। শিপা, ধৰাৰ পিছত প্রথমে পলিপটলৈ স্থানান্তৰ ঘটাই পিছত কিছুদিন ছাঁত আৰু মুকলি ঠাইত ৰাখি ৬ মাহ এক বছৰৰ ভিতৰত মূল পথাৰত ৰুব লাগে।

বাঁহৰ ডাল ধৰিও বাঁহৰ বিস্তাৰণ ঘটাব পাৰি। এই ক্ষেত্ৰত মাটিত পুতি পুলি প্রস্তুতিৰ বাবে নির্বাচন কৰা বাঁহডালৰ বয়স এবছৰ হ’ব লাগে। বাঁহখেতি থকা চেকনীবিলাক কাটি প্রস্তুত কৰা ভেটিত আধা অংশ এনেদৰে পাতি দিব লাগে যাতে বাঁহত থকা চকু অংশ একাষৰীয়াকৈ থাকে।

ডাল ধৰা প্রণালীত বাঁহৰ বয়স এবছৰীয়া হ’ব লাগে। বাঁহত থকা চেকনীবিলাক ২.৪ ৰ পৰা ৪ ছেঃমিঃ দৈর্ঘ্যত কাটি সংযুক্ত গাঁঠিত বাগান মাটি পাতসাৰ আৰু শিপা সৃষ্টি কৰা হৰমন ৰুটেক্স নাইবা ৰুট’ন মিহলাই গাঁঠিত বান্ধি দীঘলকৈ মেটেকাৰ শিপা নাইবা নাৰিকলৰ আঁহেৰে প্রলেপ দি তাত ৰছীৰে দুয়ো মূৰে বান্ধি দিব লাগে। এনেকৈ স্থাপন কৰা মাধ্যমত গাঁঠিৰ পৰা শিপা সৃষ্টি হোৱাৰ পিছত মূল বাঁহৰ পৰা চোকা কটাৰীৰে কাটি মূল পথাৰত ৰুই নতুন গছৰ সৃষ্টি কৰিব পাৰি।

বাঁহ বিস্তাৰণৰ এনে বাদেও বাঁহৰ আগ অংশ কাটি নতুবা বাঁহৰ গাজ মূল গছৰ পৰা আঁতৰাই বাঁহ বিস্তাৰণ ঘটোৱাৰ উপায় উদ্ভাৱন কৰা হৈছে। সাধাৰণতে বাঁহ কাণ্ডৰ মাজ অংশত পুতি নাইবা ডাল ধৰি শতকৰা ২৮ ভাগ কৃতকার্যতা লাভ কৰিব পাৰি। অৱশ্যে এনে কৃতকার্যতাৰ হাৰ বাঁহৰ প্রজাতিভেদে বেলেগ বেলেগ হয়। ডাল ধৰা নাইবা পুতি বিস্তাৰণ ঘটোৱাৰ উত্তম সময় হ’ল এপ্রিল-মে’ মাহ।

লেখক: ° বিপিন খঙীয়া, দৈনিক জনমভূমি

 

Scientific Bamboo Farming

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2019 Krishi Jagran Media Group. All Rights Reserved.