Krishi Jagran Assam
Menu Close Menu

জেতুকাৰো খেতি কৰিব পাৰি

Wednesday, 01 May 2019 02:52 PM

আমাৰ ঘৰৰ কাষতে বা বাৰীতে থকা অতিকৈ চিনাকী জেতুকা গছজোপাৰো এক বহল বজাৰ আছে। প্ৰাকৃতিক ৰং হিচাবে জেতুকাৰ এতিয়া সমাদৰ আৰু ৰাসায়নিক প্ৰসাৰ বাঢ়িছে। পূৱ আফ্ৰিকা বা ভাৰতবৰ্ষ ইয়াৰ উৎপত্তিস্থল বুলি ভবা হয়। ভাৰতৰ বিভিন্ন ঠাইত জেতুকা খেতি কৰা হয়।

ব্যৱহাৰ -

হাত আৰু আঙুলিৰ নখত ডাঠ কমলা ৰং কৰিবলৈ সচৰাচৰ জেতুকাৰ পাত ব্যৱহাৰ কৰা হয়। তমোল আৰু নীলৰ ৰঙৰ লগত মিহলি কৰি চুলিৰ ৰং কৰিবলৈও জেতুকাৰ ব্যৱহাৰ অতীজৰে পৰা হৈ আহিছে। জেতুকাৰ ফুলৰ পৰা এবিধ সুগন্ধিও আহৰণ কৰা হয়। বীজৰ পৰা আহৰণ কৰা হয় এবিধ তেল। জেতুকা পাতৰ ক্কথ পেট আটিল ঔষধি গুণৰ বাবেও বিখ্যাত। অসমৰ কিছুমান ঠাইত জেতুকাৰ পাত কুফুৰ সূতাৰ পাত, টকুনা বা ডিংডিঙা গছৰ পাত, সোণবৰিয়ালৰ পাত আৰু এৰা পাতৰ লগত মিহলাই বাঘ-শিয়ালে কামোৰা ঘাত বিষনাশক হিচাবেও ব্যৱহাৰ কৰা হয়।

পুলি প্ৰস্তুতকৰণ -

উদ্ভিদৰ বিৱৰণ -

জেতুকা এবিধ গুল্ম। ইয়াৰ কাণ্ড যথেষ্ট শাখা-প্ৰশাখাযুক্ত আৰু কাঁইটীয়া। পাত সৰল, বিপৰীত বল্লমাকাৰ বা ৰম্বাছকাৰ, পত্রবৃন্ত ছুটী, সিৰা উপসিৰাবোৰ অস্পষ্ট। ফুল যথেষ্ট সৰু, সুগন্ধি, মাখন ৰঙী, শীৰ্ষষ্ট যৌগিক নিয়তাক্ষ পুষ্প বিন্যাসত সজ্জিত। বৃত্তি ৪টা, তলফাললৈ লগ লগা। পাহি ৪ টা, অধোমুখ ডিম্বাকাৰ। পুংদণ্ড ৮ ডাল। ডিম্বাশয় ৪ কোঠালিৰ। ডিম্ব অনেক, অপৰা বিন্যাস অক্ষীয়। ফল সংপুট ১ম অৱস্থাত ৰঙা হৈ পিছলৈ শুকাই যায়। বীজ  ক্ষুদ্ৰ, কোণীয়া।

সংৰচন উৎপাদন -

জেতুকা পাতৰ ৰং ধৰা বিশেষত্বটো এবিধ বিশেষ টেনিক অম্ল (Tennic Acid)ৰ কাৰণে হোৱা বুলি অনুমান কৰা হৈছে।

উৎপাদন প্ৰযুক্তি কৌশল:

যদিও সাধাৰণতে আমাৰ বাৰীত ২-১ জোপা জেতুকা গছ বিশেষ একো প্ৰতিপাল নোহোৱাকৈয়ে ৰখা হয়, ব্যৱসায়িকভিত্তিত ইয়াৰ খেতি কৰিবলৈ হ’লে বিজ্ঞানসন্মত উৎপাদন পদ্ধতিৰ বিষয়ে জানি লোৱাটো আৱশ্যকীয় ।

মাটি আৰু জলবায়ুৰ উপযুক্ততা:

জেতুকাৰ খেতিৰ বাবে সহজে পানী নিষ্কাশিত হোৱা প্ৰমৃদাযুক্ত মাটি উত্তম। এই উদ্ভিদৰ বাবে উষ্ণ আৰু সিক্ত জলবায়ু প্ৰয়োজন।

প্ৰৱৰ্ধন আৰু পুলি প্ৰস্তুতি -

জেতুকাৰ প্ৰৱৰ্ধন কাণ্ডৰ শাখা কলমৰ দ্বাৰা কৰা হয়। ইয়াৰবাবে কমেও ১ বছৰ বয়সৰ মাতৃ গছৰ ডালৰ পৰা ২০-২৫ ছে:মি: দৈৰ্ঘৰ শাখা কাটি লোৱা হয়। এই শাখাৰ দুয়োটা মূৰেই গাঁঠিৰ বাহিৰত কাটিব লাগে।

পুলি প্ৰস্তুত কৰিবলৈ প্ৰথমে ৫ মি: দৈৰ্ঘ, ১ মি: পুতল আৰু ২০-৩০ ছে:মি: উচ্চতাৰ তলি (Bed) তৈয়াৰ কৰি ল’ব লাগে। এই তলিত ১:১:১ অনুপাতত মাটি, বালি আৰু শুকান গোৱৰ মিহলাই ল’ব লাগে। ভালকৈ তলি প্ৰস্তুত কৰি লোৱাৰ পিছত তাত ৩০ x ৩০ ছে:মি: ব্যৱধানত শাখা কলম বিলাক ৰুই দিব লাগে। ৰোৱাৰ আগতে এই কলমবিলাক আই-বি-এ নাইবা চেৰাডিক্স ‘বি’ নামৰ উদ্ভিদ বৃদ্ধি নিয়ন্ত্রক (Plant Growth Regulator ) দ্ৰব্যত শোধন কৰি ল’ব লাগে। কলমবিলাকত সোনকালেই শিপা বিকশিত হয় আৰু এবছৰৰ ভিতৰতেই পুলিসমূহ মূল পথাৰলৈ স্থানান্তৰিত কৰি ৰুব পৰা হয়।

মাটি প্ৰস্তুতি, সাৰ প্ৰয়োগ আৰু পুলি ৰোপন:

বাৰিষাৰ বৰষুণ আৰম্ভ হোৱাৰ আগতে ৩ x ৩ মি: ব্যৱধানত ৫০ x ৫০ x ৫০ ছে:মি: আকাৰৰ গাঁত খান্দি ল’ব লাগে। এই গাঁতবিলাক ১:১ অনুপাতত মাটি আৰু পচন সাৰ নাইবা গোৱৰৰ মিশ্ৰণেৰে পূৰাই ৰাখিব লাগে। মে’ ৰ পৰা আগষ্ট মাহত ভিতৰত এই গাঁতবিলাকত পুলি ৰুব লাগে।

 

সাৰৰ প্ৰয়োগৰ পৰিমাণ আৰু পদ্ধতি -

বছৰ

সাৰৰ পৰিমাণ (গ্ৰা: প্ৰতিজোপা গছত)

পচন সাৰ

নাইট্ৰ’জেন

ফছফেট

পটাছ

প্ৰথম

১৫০

১০০

৫০

দ্বিতীয়

১০

৩০০

২০০

১০০

তৃতীয়

১৫

৪৫০

৩০০

১৫০

 

উপৰোক্ত পৰিমাণৰ সাৰৰ মিশ্ৰণৰ আধা ভাগ ফেব্ৰুৱাৰী/মাৰ্চ মাহত আৰু আধা ভাগ অক্টোৱৰ/নৱেম্বৰ মাহত গছৰ চাৰিওফালে মাটিত প্ৰয়োগ কৰিব লাগে। মূল গছৰ পৰা কমেও ১৫-৪৫ ছে:মি: আঁতৰত আৰু বিতানৰ (Canopy) বাহিৰত সাৰখিনি দিব লাগে। লাহে লাহে কোৰ চলাই সাৰখিনি মাটিত মিহলাই দিব লাগে।

ডাল পাত কৰ্তন:

মূল পথাৰৰ ৰোপনৰ পিছত মাটিৰ ওপৰত ৫০-৬০ ছে:মি: উচ্চতালৈ সকলো শোহক আৰু শাখা প্ৰশাখা কাটি পেলাব লাগে। সকলো ৰুগ্ন আঘাত প্ৰাপ্ত বা যেনি-তেনি বাঢ়ি যোৱা ডালসমূহ আৰু জল অংকুৰ (Water sprouts) কাটি পেলাব লাগে। ডাল পাত কৰ্তনৰ লগতে চাং বান্ধি দিলে একোজোপা সবল জেতুকা গছ পাব পাৰি।

আন্ত: আবাদী ব্যৱস্থাপনা -

পাতত দাগ পৰা ৰোগত (leaf spot) আক্ৰান্ত হ’লে প্ৰতি লিটাৰ পানীত ২-৩ গ্ৰাম ইন্দফিল এম-৪৫ ভেঁকুৰনাশক মিহলাই স্প্ৰে কৰি ৰোগ প্ৰতিৰোধ কৰিব পাৰি।

পাতৰ ৰাষ্ট (leaf rust) ৰোগৰ পৰা পৰিত্রাণ পাবলৈ হ’লে প্ৰতি লিটাৰ পানীত ২ মি:লি: ৰগৰ নামৰ দৰৱ মিহলাই স্প্ৰে কৰিব লাগে।

মাটিৰ পৃষ্ঠভাগৰ পৰা ৫০ ছে:মি: উচ্চতাত বৰড’ক্সৰ (চূণ-তুতীয়া মিশ্ৰণৰ প্ৰলেপ) প্ৰলেপ প্ৰয়োগ কৰিলেও বিভিন্ন ৰোগৰ পৰা পৰিত্রাণ পাব পাৰি।

শিপা পচা (Root rot) ৰোগৰ পৰা ৰক্ষা কৰিবলৈ ১% বৰড’ক্স মিশ্ৰণেৰে মে’ মাহৰ পৰা অক্টোৱৰ মাহলৈ প্ৰতি মাহত এবাৰকৈ মাটি সিক্ত কৰিব লাগে।

 

পাত চপোৱা কাৰ্য:-

বসন্ত কালৰ সূচনাৰ লগে লগে গছত কোমল সেউজীয়া পাত ধৰিবলৈ আৰম্ভ কৰে। ডালসমূহৰ পৰা এই পাত আহৰণ কৰি বিভিন্ন কামত ব্যৱহাৰ কৰা হয়।

লেখক :- ড০ জয়ন্ত ডেকা আৰু ড০ ঈশ্বৰ চন্দ্ৰ বৰুৱা

উৎস :- সেউজ চিন্তা

Local Henna (Jetuka) farming

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2019 Krishi Jagran Media Group. All Rights Reserved.