1. উদ্য়ানশস্য়

লাখ টকা উপাৰ্জন কৰক অমিতাৰ খেতিৰ পৰা ! জানক অমিতা খেতি কৰাৰ উপযুক্ত সময়...

KJ Staff
KJ Staff
অমিতা খেতিৰ জৰিয়তে লাভ কৰক লাখ উপাৰ্জন
অমিতা খেতিৰ পৰা লাভ কৰক লাখ উপাৰ্জন

লাভজনক  উৎপাদনৰ বাবে ভাৰতৰ খেতিয়ক সকলে প্ৰায়ে অমিতাৰ খেতি কৰা দেখা যায় । ঔষধি গুণৰ লগতে অধিক পুষ্টিগত গুণ থকাৰ বাবে বজাৰত অমিতাৰ চাহিদাও অধিক ।

প্ৰাপ্ত তথ্য অনুসৰি, বিশ্বৰ ভিতৰত অমিতা খেতি প্ৰথমে আৰম্ভ হৈছিল দক্ষিণ মেক্সিকো আৰু কোষ্টাৰিকাত । কিন্তু এটা কথা মন কৰিবলগীয়া বৰ্তমান সময়ত বিশ্বৰ ভিতৰতে সৰ্বাধিক অমিতা উৎপাদন কৰে আমাৰ ভাৰতবৰ্ষৰ খেতিয়ক সকলে । সেইকাৰণে ভাৰতক সৰ্ববৃহৎ অমিতা উৎপাদকৰ দেশ বুলি কোৱা হয় ।

বিশ্বৰ প্ৰায় ৪৬ শতাংশ অমিতা  উৎপাদন কৰে ভাৰতবৰ্ষৰ খেতিয়ক সকলে । কিন্তু লক্ষ্যণীয় ভাৱে এই উৎপাদনৰ মাত্ৰ ০.০৮ শতাংশহে ৰপ্তানি কৰে ভাৰতে । কিয়নো বাকীখিনি নিজৰ দেশতে ব্যৱহাৰ কৰা হয় । গতিকে আমাৰ খেতিয়ক সকলে অমিতাৰ খেতিৰ জৰিয়তে লাখ টকা উপাৰ্জন কৰিব পাৰে ।

অমিতা বীজ ৰোপণ কৰা উপযুক্ত সময়ঃ

  • যদিও গোটেই বছৰটোতে অমিতা পুলি ৰোপণ কৰিব পাৰি, কিন্তু ইয়াৰ মানদণ্ড আৰু লাভজনক উৎপাদনৰ বাবে আপুনি জুলাই আৰু ছেপ্টেম্বৰ আৰু ফেব্ৰুৱাৰী-মাৰ্চৰ ভিতৰত ইয়াৰ বীজ ৰোপণ কৰিব লাগে । কিয়নো গৰম জলবায়ু ইয়াৰ খেতিৰ বাবে সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয় ।
  • ইতিমধ্যে স্বাস্থ্যৱান অমিতা গছৰ পৰা আৰু ভাল আৰু মিঠা অমিতাৰ পৰা সদায় অমিতাৰ গুটি লওঁক।
  • অমিতা খেতি কৰোঁতে, হিম, তীব্ৰ বতাহ, সাৰ আৰু পানীৰ স্থবিৰতাৰ প্ৰতি যথেষ্ট মনোযোগ দি'ব লাগিব। গভীৰ, ভালদৰে নিষ্কাশিত বালিময় মাটি ইয়াৰ খেতিৰ বাবে সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয় ।
  • যেতিয়া গ্ৰীষ্মকাল অৰ্থাৎ মে-জুন মাহ চলিলে, তেতিয়া প্ৰতি সপ্তাহত অমিতা গছবোৰত জলসিঞ্চন কৰিব লাগে। ই ইয়াৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰিব।

অমিতা খেতিৰ পৰা আপুনি কিমান টকা উপাৰ্জন কৰিব পাৰে?

যদি আপুনি সকলো বোৰ কথা মনত ৰাখি আৰু সকলো বোৰ যত্ন লৈ অমিতাৰ খেতি কৰিছে, তেন্তে নিশ্চিতভাৱে প্ৰতিজোপা গছৰ পৰা ভাল উৎপাদন লাভ কৰিব । প্ৰতিজোপা গছৰ পৰা আপুনি সহজে ৫০ কিলোগ্ৰাম লৈকে অমিতা ফল পাব পাৰে ।

যাৰ পৰা আপুনি বজাৰত বিক্ৰী কৰি সহজে লাখ লাখ উপাৰ্জন কৰিব পাৰে। ভিটামিন-এ আৰু ভিটামিন-চি সমৃদ্ধ অমিতাৰ চাহিদা বজাৰত সদায় থাকে ।

লগতে পঢ়কঃ ২০২১-২২ বিত্তীয় বৰ্ষত সৰ্বাধিক ৭০.৩০ লাখ টন ঘেঁহুৰ ৰপ্তানি ভাৰতৰ

English Summary: papaya farming earn crores of rupees

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.