1. উদ্য়ানশস্য়

নহৰুৰ কৃষি প্রণালী

KJ Staff
KJ Staff
Garlic
Garlic

    নহৰু এবিধ মছলা জাতীয় শস্য যদিও ইয়াৰ বহুতাে ঔষধি গুণাে আছে। নহৰু কেঁচাই হওঁক বা ৰান্ধিয়েই হওঁক ইয়াৰ উপকাৰ সকলাে সময়তে আছে। পৃথিবীৰ ভিতৰত ভাৰবৰ্ষতেই সকলােতকৈ বেছি নহৰু উৎপাদন হয়। অসমতো কম বেছি পৰিমানে নহৰু খেতি কৰা দেখা যায় ৷ নহৰুৰ উন্নত কৃষি পদ্ধতিৰ সম্পর্কে তলত আলোচনা কৰা হল -

জাতঃ-

  ইকনেলিয়া, টি-৫৬-৪, জি-১৭, জি-১, ফাউৰি এ চি ৩৩, জি ৪১ ইত্যাদি।

মাটিঃ-

   নহৰু খেতিৰ বাবে সাধাৰণতে বালিচহীয়া মাটি উপযােগী আৰু মাটিডােখৰত যথেষ্ট পৰিমাণে জৈৱিক পদার্থ থাকিব লাগে। মাটিৰ অম্লতা ৫.৫-৭.৫ ৰ ভিতৰত হ'ব লাগে।

বীজঃ -

   শুকান নহৰুৰ সৰু সৰু ফুটাবােৰকে বীজ হিচাবে ব্যৱহাৰ কৰা হয়। প্রতিবিঘা মাটি ৰােপন কৰিবৰ বাবে ৫০-৬০ কিলােগ্রাম নহৰুৰ ফুটাৰ আৱশ্যক হয়।

সাৰ প্ৰয়ােগঃ-

  প্রতিবিঘাত ২ টন গােবৰ বা পচন সাৰ, ২৫ কিলােগ্রাম ইউৰীয়া, ৭০কিলােগ্রাম একক চুপাৰ ফচফেট আৰু ১২ কিলােগ্রাম মিউটে অৱ পটাচ সাৰ প্রয়ােগ কৰিব লাগে। ইয়াৰে আধাভাগ ইউৰীয়া আৰু গােটেইকিনি একক চুপাৰ ফচফেট আৰু মিউৰেট অৱ পটাচ সাৰ শেষৰবাৰ হালবােৱাৰ আগত মাটিডােখৰত সামভাৱে ছটিয়াই মাটিৰ লগত মিহলাই দিব লাগে। বাকী থকা আধাভাগ ইউৰীয়া সাৰ বীজ সিঁচাৰ ৩০ দিনৰ পিছত টপ ড্রেচিং পদ্ধতিৰে শস্য শাৰীৰ মাজত ছটিয়াই দিব লাগে।

বীজ সিচাৰ পদ্ধতিঃ-

   মাটিডােখৰত প্রয়ােজনীয় গােবৰ, সাৰ প্ৰয়ােগ কৰি নহৰুৰ ফুটাবােৰ আহিন-কাতি মাহত শাৰী শাৰীকৈ ৰােপন কৰিব লাগে। এই ক্ষেত্ৰত দুটা শাৰীত ফুটাবােৰ ৫-৭ ছে.মি. অন্তৰত পুতিব লাগে। আহিন-কাতি মাহত যদি বৰষুণৰ পৰিমাণ বেছি হয় তেনে ক্ষেত্রত আঘােণ মাহলৈকে নহৰু ৰােপন কৰিব পাৰি।

জলসিঞ্চনঃ-

   খৰাং বতৰত শস্য কালছােৱাৰ প্ৰথম ভাগত ১০ দিনৰ ব্যৱধানত পানী যােগান ধৰা অতি প্রয়ােজন। শস্য চপােৱাৰ এমাহৰ আগত পানীৰ যােগান বন্ধ কৰিব লাগে।

যতনঃ-

   শস্য ডৰাত গজি উঠা বন-বাতবােৰ আঁতৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। নহৰুৰ শস্যকাল ১৪০-১৫০ দিন হােৱা বাবে অন্ততঃ ৩-৪ বাৰ বন-বাত নিৰণি কৰিব লাগে। প্রয়ােজন সাপেক্ষে দুবাৰ গছৰ গুৰিত মাটি চপাই দিব লাগে। যােগান ধৰা অতি প্রয়ােজন। শস্য চপােৱাৰ এমাহৰ আগত পানীৰ যােগান বন্ধ কৰিব লাগে।

শস্য ৰক্ষাঃ-

   শীতকালীন শাক-পাচলিবােৰৰ তুলনাত নহৰুৰ পােক আৰু বেমাৰ আজাৰৰ আক্রমণ কম। অনিষ্টকাৰী পােকৰ ভিতৰত থ্রিপচেই প্রধান। এই পােকে কুমলীয়া পাতৰ ৰস শুহি খােৱাৰ বাবে পাতবােৰ শুকাই যায়।

প্রতিকাৰঃ-

     ০.২ শতাংশ শক্তিৰ মালাথিয়ান ৫০ ইচিৰ (এচামুচ ঔষধ আঢ়ৈ লিটাৰ পানী হিচাবে) মিশ্রণ পাতত ছটিয়াব লাগে। বেমাৰৰ ভিতৰত কেতিয়াবা এবিধ ভেঁকুৰে আক্ৰমণ কৰি পাতত বগা বগা দাগৰ সৃষ্টি কৰে। এই বগা দাগবােৰৰ মাজত বেঙুনীয়া ৰঙৰ সৰু দাগ হয়। সেয়েহে এচামুচ ইন্দোফিল এম-৪৫ ঔষধ ২ লিটাৰ পানীত মিহলাই পাতত ছটিয়াব লাগে।

      কেতিয়াবা বেলেগ এবিধ ভেকুৰে পুলিৰ গুৰি অংশ আক্রমণ কৰি পচাই দিয়ে।

এই ক্ষেত্ৰতাে ০.২৫ শতাংশ ইন্দোফিল এম-৪৫ মিশ্রণ পুলিৰ গুৰিত ঢালিব লাগে, আৰু লগতে পানী যােগান বন্ধ কৰিব লাগে।

খেতি চপােৱাৰ উপযুক্ত সময় -

নহৰুৰ পাতবােৰ যেতিয়া শুকাবলৈ আৰম্ভ কৰিব আৰু হালধীয়া ৰঙৰ হ’ব।

 

উৎস - অসম কৃষি বিশ্ববিদ্যালয়

English Summary: Know all about the garlic cultivation in assamese

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.