1. উদ্য়ানশস্য়

ভোট জলকীয়াৰ খেতি কৰি ছমাহতে লাখ টকা উপার্জন কৰক

KJ Staff
KJ Staff
Capsicum
Capsicum

     ভাৰতীয় খাদ্য-সম্ভাৰত জলকীয়া বহুলভাৱে ব্যৱহৃত হয়, কিন্তু ভোট জলকীয়াই বৰ্তমান সমাজত এক বিশেষ প্ৰাধান্য বিস্তাৰ কৰিছে। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Capsicum Chinense। ইয়াক জলকীয়াৰ ৰজা বুলি কোৱা হয়। কাৰণ অন্য জলকীয়াতকৈ ইয়াৰ আকাৰ যথেষ্ট ডাঙৰ আৰু জাল বহুত বেছি। এইবিধ ভোট জলকীয়াৰ কিং চিলি, নগাজলকীয়া, বৰ বিহ জলকীয়া, কৰ্দৈসিৰিয়া জলকীয়া নামেও জনা যায়। ভোট জলকীয়াৰ ঔষধি গুণ থকাৰ উপৰি ই এবিধ অৰ্থকাৰী শস্য। সেয়েহে বিজ্ঞানসন্মত কৃষি প্ৰণালীৰ প্ৰয়োগৰ দ্বাৰা ভোট জলকীয়াৰ পৰা অধিক উৎপাদন পোৱাৰ উপৰি অৰ্থনৈতিকভাৱে যথেষ্ট পৰিমাণে লাভৱান হ’ব পৰা যায়। ইয়াৰ কৃষি পদ্ধতি তলত উল্লেখ কৰা হ’ল-

জাত(types of capsicum)

    স্থানীয় সঁচ ব্যৱহাৰ কৰা হয়। থোপোকা, দীঘলীয়া আৰু ঘূৰণীয়া আকাৰৰ ভোট জলকীয়া পোৱা যায়।

মাটি (best soils to grow capsicum tree)

    ভোট জলকীয়াৰ বাবে সহজে পানী নিষ্কাশন হ’ব পৰা বালিচহীয়া আৰু জৈৱিক পদাৰ্থসমৃদ্ধ মাটি নিৰ্বাচন কৰিব লাগে। মাটিৰ অম্লতাৰ পৰিমাণ ৫ৰ পৰা ৬.৫ হ’লে ভাল। আগতে যদি জলকীয়াৰ খেতি কৰোতে ৰোগ হৈছিল তেনে মাটিত পুনৰ জলকীয়া খেতি কৰিব নালাগে।

মূল পথাৰ প্ৰস্তুতি (how to prepare field for capsicum)

    ভোট জলকীয়াৰ খেতি কৰিবলৈ লোৱা মাটিডৰা ভালদৰে হাল বাই মৈয়াই স্মান কৰি ল’ব লাগে। মাটি প্ৰস্তুতিৰ পাছতেই পুলি ৰোপণ কৰিবলৈ প্ৰায় ২.৫ মিটাৰ বহল আৰু কৃষকৰ সুবিধাজনক দৈঘ্যৰ একোখন চিতা বনাই ল’ব লাগে। প্ৰতিখন চিতা ১৫ ছেঃ মিঃ ওখ হ’ব লাগে আৰু দুখন চিতাৰ মাজত ৫০ ছেঃ মিঃ ব্যৱধান ৰাখিব লাগে।

পুলিবাৰী প্ৰস্তুতি (prepare seeds of capsicum)

    ভোট জলকীয়াৰ গুটি পচাই সহজতে পানী ওলাই যাব পৰা উৰ্বৰ, বলিচহীয়া মাটি নিৰ্বাচন কৰিব লাগে। একোখন পুলিবাৰীত ১০ বৰ্গমিটাৰ একক মাটিত ৩-৪ গ্ৰাম ভেটি জলকীয়াৰ গুটি সিঁচিব পাৰি। সাধাৰণতে পুলিবাৰীখন ১ মিটাৰ বহল আৰু ১০-১৫ ছেঃ মিঃ ওখ হ’ব লাগে। মাটিৰ কালি আৰু কৃষকজনৰ সুবিধা অনুযায়ী দীঘল হ’ব লাগে। প্ৰতি ১০ বৰ্গমিটাৰ মাটিত ২০ কিঃ গ্ৰাঃ চালি থোৱা শুকান গোবৰ বা কেঁচুসাৰ মিহলাই ল’ব লাগে। গুটিৰ পৰা হ’ব পৰা সম্ভাব্য ৰোগ নিৰাময়ৰ বাবে গুটিবোৰ সিঁচাৰ আগতেই ‘কেপটাফ’ বা ‘থিৰাম’ নামৰ দৰবেৰে শোধন কৰিবলৈ ৩ গ্ৰাম ঔষধৰ প্ৰয়োজন হয়। এতিয়া শোধন কৰি লোৱা গুটিখিনি ‘v’ আকৃতিৰ সীৰলুত ২.৫ ছেঃ মিঃ অন্তৰে অন্তৰে ২ ছেঃ মিঃ গভীৰতাত সিঁচি দিব লাগে। গুটি সিঁচাৰ পাছতেই বলি আৰু শুকান গোবৰেৰে সীৰলুবোৰ ঢাকি দিব লাগে। পুলিবাৰীত সময়ে সময়ে পানী যোগান ধৰাতো অতি দৰকাৰ। পুলিবোৰ ৮-১০ ইঞ্চি ওখ হ’লে বীজতলীৰ পৰা সাৱধানে উঠাব লাগে।

গুটি সিঁচা আৰু পুলি ৰোপণ (methods of seeding)

   ভোট জলকীয়াৰ গুটি ছেপ্টেম্বৰ-অক্টোবৰ মাহত পচালে নৱেম্বৰ মাহত পুলি ৰোপণ কৰিব পৰা যায়। পুলিবোৰ ৰোৱাৰ আগতে ডাইথেন এম-৪৫ ঔষধৰ মিশ্ৰণত ১০ মিনিট ডুবাই ৰুব লাগে। ইয়াৰ বাবে ১০ লিটাৰ পানীত ডাইথেন এম-৪৫ ঔষধৰ ২৫ গ্ৰাম মিহলি কৰিব লাগে। ১ মিটাৰ অন্তৰে অন্তৰে পুলিবোৰ ৰুব লাগে। দুটা শাৰীৰ মাজত ৭৫ ছেঃ মিঃ ব্যৱধান ৰখা উচিত।

সাৰৰ পৰিমাণ (fertilizer and manure)

   মাটি প্ৰস্তুতিৰ সময়ত যথেষ্ট পৰিমাণৰ জৈৱিক সাৰ যেনে- গোবৰ বা পচন সাৰ প্ৰয়োগ কৰিব লাগে। প্ৰতিবিঘা মাটিত ৩৫ কিঃ গ্ৰাঃ ইউৰিয়া, ৫০ কিঃ গ্ৰাঃ একক ছুপাৰ ফছফেট আৰু ১২ কিঃ গ্ৰাঃ মিউৰেট অব পটাছ প্ৰয়োগ কৰিব লাগে। ইউৰিয়া সাৰৰ আধাভাগ আৰু ছুপাৰ, পটাছ সাৰৰ আটাইকেইটা মাটিৰ শেষ প্ৰস্তুতিৰ সময়ত প্ৰয়োগ কৰিব লাগে। বাকী ৰৈ যোৱা ইউৰিয়া সাৰখিনি সমানে দুভাগ কৰি এভাগ পুলি ৰোৱাৰ ৬০ দিনৰ পাছত প্ৰয়োগ কৰিব লাগে।

যতন (carring)

  গুৰিভাগত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। সময় মতে বন-বাত আঁতৰাব লাগে। প্ৰয়োজন অনুযায়ী পানী দি থাকিব লাগে।

শস্য ৰক্ষা ( how to prevent from harmful  sects)

   ‘হোৱাইট ফ্লাই’ আৰু মোৱা পোকৰ আক্ৰমণ দেখা পালে ৰগৰ ১৫ মিলিলিটাৰ ১০ লিঃ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে। বেমাৰৰ ভিতৰত পুলিবাৰীত হোৱা গুৰি পঁচা বেমাৰ, ফলধৰা অৱস্থাত লেৰেলি যোৱা, ফল পচা বেমাৰ আদিয়ে প্ৰধান। গুৰি পচা বেমাৰ ন’হবৰ বাবে বীজ শোধণ কৰিব লাগে। গছৰ পাতত আক্ৰমণ কৰিলে ০.২ শতাংশ কপাৰ অক্সিক্ল’ৰাইড ২ গ্ৰাম ১ লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে। ফল পৰা ৰোগ নিৰাময়ৰ বাবে ইন্দোফিল এম-৪৫ দৰৱ ২০ গ্ৰাম ১০ লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে। পাতবোৰত পোকে ধৰাৰ পাছত ‘মোজেইক’ ৰোগ হয় যিটো ভাইৰাছজনিত। এই ৰোগ নহ’বলৈ আগতীয়াকৈ কীটনাশক দৰৱ প্ৰয়োগ কৰিব লাগে আৰু আক্ৰান্ত পুলিবোৰ উঠাই পেলাব লাগে।

 

উৎস - ইন্টাৰনেট

English Summary: Capsicum bussiness in Assam know all details here

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.