অসমত জনপ্ৰিয় হৈ পৰা পাচলিবোৰৰ ভিতৰত স্কোৱাচ অন্যতম। কেইবছৰমানৰ আগলৈকে অসমৰ চহৰবোৰত অভিজাত পাচলি হিচাপেহে স্কোৱাচ পৰিচিত আছিল। কিন্তু সম্প্ৰতি গ্ৰামাঞ্চলতো এইবিধ পাচলিৰ চাহিদা লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। কিন্তু কথা হ’ল- মেঘালয়ত উৎপাদিত স্কোৱাছেৰে ভৰি থাকে অসমৰ বজাৰ। আমাৰ কৃষক ৰাইজৰো ধাৰণা- মেঘালয়ৰ ঠাণ্ডা পৰিৱেশতহে স্কোৱাছৰ খেতি কৰিব পাৰি।
অসমৰ জলবায়ু এইবিধ পাচলিৰ খেতিৰ বাবে উপযুক্ত নহয় বুলিয়ে আমাৰ কৃষকসকলে ভাবি আহিছে। কিন্তু এই ধাৰণা সত্য নহয়। অসমতো সফলতাৰে স্কোৱাছৰ খেতি কৰিব পাৰি। আমাৰ দুই-এজন অত্যুৎসাহী কৃষকে স্কোৱাছৰ খেতি কৰি আৰ্থিকভাৱে লাভৱান হোৱা দেখা গৈছে। অসমত যে এইবিধ পাচলিৰ খেতি ব্যৱসায়িক ভিত্তিত কৰিব পাৰি সেইটো তেওঁলোকে যেন প্ৰমাণ কৰি দেখুৱাইছে।
জাত নিৰ্বাচনঃ
লং হোৱাইট, পইণ্টেড গ্ৰীণ, ৰাউণ্ড হোৱাইট, ব্ৰড গ্ৰীণ, অ’ভেল গ্ৰীণ আদি জাতৰ স্কোৱাছৰ খেতি অসমত কৰিব পাৰি।
খেতিৰ বতৰঃ
জলসিঞ্চনৰ ব্যৱস্থা থকা পথাৰত আগতীয়াকৈ অৰ্থাৎ ছেপ্টেম্বৰৰ পৰা নৱেম্বৰৰ ভিতৰতে স্কোৱাছৰ খেতি কৰিব পাৰি। কিন্তু বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হ’লে জানুৱাৰী- ফেব্ৰুৱাৰী হ’ল উপযুক্ত সময়।
মাটি বাছনিঃ
ওখ, পানী জমা নোহোৱা, ভালকৈ ৰ’দ পৰা তথা বালিচহীয়া- পলসুৱা মাটি স্কোৱাছ খেতিৰ বাবে উত্তম।
কৃষি প্ৰণালীঃ
এইবিধ পাচলিৰ খেতি কৰিবলৈ একোটা গোটা পূৰঠ স্কোৱাছকে বীজ হিচাপে ৰোপণ কৰিব লাগে। পূৰঠ স্কোৱাছ এটা কেইদিনমান ঘৰত থৈ দিলে তাৰ তলফালেৰে শিপা ওলাবলৈ আৰম্ভ কৰা দেখা যায়। তেনে শিপাযুক্ত স্কোৱাছকে পথাৰত ৰূব লগে। শিপাৰে সৈতে স্কোৱাছবোৰ পোনে পোনে মূল পথাৰত ৰূব লাগে। অথবা প্ৰথমে বীজতলীত ৰোপণ কৰি উৎপাদন কৰা পুলি যথা সময়ত মূল পথাৰত ৰূব পাৰি। অৱশ্যে পোনে পোনে মূল পথাৰত ৰোৱাতেই গুৰুত্ব দিয়া উচিত। স্কোৱাছবোৰ মাটিৰ সমান্তৰালকৈ ৰূব লাগে।
তিনি চৰিবাৰ হাল বাই, মৈয়াই মটিডৰা খেতিৰ বাবে উপযোগী কৰি ল’ব। ইয়াৰ পাছত ২-৩ মিটাৰ ব্যৱধানত একোটা শাৰী কৰিব। প্ৰতিটো শাৰীত ১-২ মিটাৰ ব্যৱধানত একোটা গাঁত খান্দিব। প্ৰতিটো গাঁতৰ জোখ হ’ব লাগে ৪৫ ছেঃ মিঃ × ৪৫ ছেঃ মিঃ × ৪৫ ছেঃ মিঃ। প্ৰতিটো গাঁততে একোটাকৈ স্কোৱাছ মাটিৰ সমান্তৰালকৈ ৰোপণ কৰি মাটিৰে পাতলীয়াকৈ ঢাকি দিব।
সাৰ প্ৰয়োগঃ
প্ৰতিজোপা গছত ১০-১৫ কিলোগ্ৰাম পচন সাৰ, ১০০ গ্ৰাম ইউৰিয়া, ১২৫ গ্ৰাম ছুপাৰ ফছফেট আৰু ৫০ গ্ৰাম এম অ’ পি সাৰ প্ৰয়োগ কৰিব লাগে। আটাইকেইবিধ সাৰ একেলগে মিহলাই বীজ ৰোপণৰ ৪-৫ দিন আগতেই প্ৰতিটো গাঁতত প্ৰয়োগ কৰি মাটিৰ লগত ভালকৈ মিহলাই দিব।
পৰিচৰ্যাঃ
গছবোৰ ডাঙৰ নোহোৱালৈকে দুই-তিনি সপ্তাহৰ ব্যৱধানত বন-বাত নিৰাই থাকিব।
বাঢ়িবলৈ ধৰা গছবোৰক বগাবলৈ সুবিধা কৰি দিব। জিকা, ভোল আদিৰ খেতিৰ দৰে বঁহৰ আগলি একোটা পুতি দিলে গছবোৰে ডাল-পাত মেলি ভালকৈ বগাব।
প্ৰয়োজন মতে পাতলীয়াকৈ জলসিন্সনৰ ব্যৱস্থা কৰিব। বিশেষকৈ ফুল ধৰা আৰু ফলবোৰ ডাঙৰ হৈ থকা অৱস্থাত বতৰ খৰাং হ’লে পানী দিব লাগে।
স্কোৱাছ ছিঙাৰ সময়ঃ
ফুল ধৰাৰ এমাহমানৰ ভিতৰতে স্কোৱাছ ছিঙিব পৰা হয়। কুমলীয়া হৈ থাকোতেই স্কোৱাছবোৰ ছিঙি বিক্ৰীৰ ব্যৱস্থা কৰিব লাগে।
লগতে পঢ়কঃ মাত্ৰ ১ একৰ ভূমিত ৬৫ কুইণ্টল হালধি উৎপাদন কৃষক কৌশল কিশোৰৰ
Share your comments