1. উদ্য়ানশস্য়

ভেণ্ডী খেতিৰ কৃষি পদ্ধতি (Vendi Farming guidence)

KJ Staff
KJ Staff
Vendi
Vendi

   ভেণ্ডী আৰু কপাহ একে গোত্ৰৰ শস্য। ভেণ্ডীৰ গুটি ধৰা গোটেই ফলটোক পাচলি হিচাপে ব্যৱহাৰ কৰা হয়। এই খেতি অকলশৰীয়াকৈ নতুবা জলকীয়া আৰু থুপি-উৰহীৰ লগত শাৰী-শাৰীকৈ একেলগে কৰিব পাৰি। কুমলীয়া ভেণ্ডীবোৰত ভিটামিন-এ আৰু ভিটামিন-বি খাদ্যপ্ৰাণ যথেষ্ট পৰিমাণে থাকে।

  তদুপৰি কিছু পৰিমাণে ভিটামিন-চি, প্ৰ’টিন আৰু বিভিন্ন অজৈৱ লোণ পোৱা যায়। উল্লেখ্য যে কুঁহিয়াৰ ৰসৰপৰা গুৰ কৰোঁতে ৰসবোৰ পৰিষ্কাৰ কৰিবলৈ ভেণ্ডীৰ ৰস ব্যৱহাৰ কৰা হয়। এইবিধ শস্যৰ কৃষি পদ্ধতি সহজ আৰু লাভজনক।

মাটি:

যিকোনো প্ৰকাৰৰ মাটিতেই ভেণ্ডী খেতি কৰিব পৰা যায় যদিও পলসুৱা, পাতল বোকা পলসুৱা পানী বন্ধ নোহোৱা মাটিয়েই ইয়াৰ কাৰণে বেছি উপযোগী।

পথাৰ প্ৰস্তুতকৰণ:

ভেণ্ডীৰ কাৰণে আন শাক-পাচলিৰ খেতিৰ দৰে ৩-৪ বাৰ হাল বাই মৈয়াই মিহিকৈ চাহ কৰি সমান কৰি ল’ব লাগে। চাহ কৰা সময়তে প্ৰতি বিঘাত ১০ কুইন্টল গোবৰ বা পচন সাৰ প্ৰয়োজন কৰিব লাগে।

সময়:

অসমত ফাগুন-চ’ত মাহৰপৰা ব’হাগ-জেঠ মাহলৈ ভেণ্ডী খেতি কৰিব পৰা যায়।

আৰু পঢ়ক- শৰীৰৰ অক্সিজেনৰ স্তৰ বৃদ্ধি কৰিবলৈ এই দহ বিধ খাদ্য গ্রহণ কৰক (Top 10 foods for increasing oxyzen level in human body)

বীজৰ পৰিমাণ:

এবিঘা মাটিৰ বাবে ১ কিলোগ্ৰামৰপৰা ১.১ কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয়। আগতীয়া খেতিৰ বীজবোৰ ২৪ ঘন্টা তিয়াই থৈ গজালি মেলাৰ পিছত পথাৰত ৰুব লাগে। প্ৰত্যেকটো গাঁতত দুটাকৈ বীজ দিব লাগে আৰু গাঁতবোৰ বালি বা পচন সাৰেৰে ঢাকি দিব লাগে।

নিৰ্বাচিত জাত:

পুছা ছাৱানী আৰু স্থানীয় নিৰ্বাচিত জাত। পুছা ছাৱানী জাতৰ বিশেষত্ব এই যে ইয়াৰ ডাল-পাতত অলপ শুং থাকে। ফুলবোৰ হালধীয়া আৰু ডাল-পাতৰ গুৰিৰ পিনে সামান্য বেঙুনীয়া। ৮ নং গাঠিত প্ৰথম ফল ধৰে। ফলবোৰ গাঢ় সেউজীয়া, পাঁচ শিৰ থাকে আৰু ১০-১২ ছেন্টিমিটাৰ দীঘল হয়। এইবিধ জাত গ্ৰীষ্ম আৰু বাৰিষা কালত খেতি কৰিব পৰা জাত।

সাৰ প্ৰয়োগ:

ৰাসায়নিক সাৰ- ইউৰিয়া ১৪ কিলোগ্ৰাম, ছুপাৰ ফছফেট ৪১ কিলোগ্ৰাম আৰু মিউৰিয়েট অব পটাছ ১১ কিলোগ্ৰাম প্ৰতি বিঘাত প্ৰয়োগ কৰিব লাগে। ইয়াৰে ইউৰিয়া সাৰৰ আধা মাটি চাহ কৰা সময়ত প্ৰয়োগ কৰি বাকী ৰাসায়নিক সাৰখিনি গুটি দিয়াৰ চাৰি সপ্তাহমান পিছত মাটিৰ অৱস্থা বুজি গছৰ গুৰিত প্ৰয়োগ কৰিব লাগে।

দূৰত্ব:

শাৰীৰ মাজৰ দূৰত্ব ৯০ ছেন্টিমিটাৰ আৰু বীজৰ মাজৰ দূৰত্ব ৬০ ছেন্টিমিটাৰ হ’ব লাগে।

পানী যোগান:

অসমত সাধাৰনতে ব’হাগ-জেঠ মাহত বৰষুণ হয় বাবেই ভেণ্ডীৰ তলীত পানী যোগান ধৰাৰ বিশেষ প্ৰয়োজন নহয়। কিন্তু ফাগুন-চ’ত মাহত আগতীয়াকৈ কৰা খেতিত বা ব’হাগ-জেঠ মাহত খৰাং বতৰত পানী যোগান ধৰাৰ প্ৰয়োজন হয়।

প্ৰতিপালন:

গুটি দিয়াৰ ৩৫-৪০ দিন পিছত অৰ্থাৎ পুলিবোৰ ১০-১২ ছেন্টিমিটাৰ ওখ হ’লে কোৰেৰে গছৰ গুৰিবোৰ ঢিলা কৰি মাটি চপাই দিব লাগে।

উৎপাদন:

বিঘাই প্ৰতি ১.৪-২ টন কেঁচা ভেণ্ডী উৎপাদন হয়।

লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা (দৈনিক অসম)

আৰু পঢ়ক- এতিয়া মহিন্দ্ৰাৰ টেক্টৰ ক্রয় কৰি লাভ কৰক এক লাখ টকাৰ স্বাস্থ্য বীমা (M&M announces ₹1-lakh health insurance for new tractor customers)
English Summary: How to grow vendi know here step by step details

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.