 
            জাত
ৰিঅ’-ডি-জেনিৰ’, নাদিয়া, কাৰকায়, মৰাণ, যোৰহাট আৰু চীনা৷
মাটি নিৰ্বাচন
কম পৰিমানে পলসুৱা ওখ পানী জমা হব নোৱাৰা মাটি আদা খেতিৰ বাবে উপযোগী৷
বীজৰ পৰিমান
১০-১৫ কুইন্টল প্ৰতি হেক্টৰত ৷ বীজৰ বাবে ৰখা পোখাবোৰত ২-৩ টামান কোঁহ থাকিব লাগে আৰু প্ৰতিটুকুৰাৰ ওজন প্ৰায় ৫ গ্ৰাম মান হোৱা দৰকাৰ ৷
বীজ সিঁচাৰ সময়
মাৰ্চ আৰু এপ্ৰিল মাহৰ ভিতৰত আদা ৰোব লাগে ৷
ব্যৱধান
২৫ চে:মিটাৰ দূৰত্বত শাৰী পৰা শাৰীলৈ আৰু ১৫০ চে:মিটাৰ দূৰত্ব গছৰ পৰা গছলৈ ৷ মধ্যমীয়া দৰ গাতত পোখাবোৰ পুতিব লাগে৷
সাৰ প্ৰয়োগ
পচন সাৰ ১০ টন, নাইট্ৰোজেন ২০, ফছফৰাছ ৬০ আৰু পটাছ ২০ কি: গ্ৰাম প্ৰতি হেক্টৰত ৷ নাইট্ৰোজেন আধা অংশ আৰু বাকী পচন সাৰ আৰু অন্য ৰাসায়নিক সাৰৰ সম্পূৰ্ণ অংশ মাটি প্ৰস্তুত কৰোতে প্ৰয়োগ কৰিব লাগে ৷ বাকী থকা অংশ নাইট্ৰোজেন পোখা সিঁচাৰ ৬০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে ৷
পৰিচর্য্যা
আচ্ছাদন: প্ৰথম আচ্ছাদন ৰোৱাৰ পিছতে যি কোনো সুবিধাজনক আচ্ছাদনৰ সামগ্ৰীৰে আৰু দ্বিতীয় বাৰ ৰোৱাৰ ৪০ দিনৰ পিছত দিব লাগে৷
জলসিঞ্চণ: খৰাং বতৰত ১৫ দিনৰ ব্যৱধানত জলসিঞ্চণৰ ব্যৱস্হা কৰিব লাগে ৷
অপতৃণ নিয়ন্ত্ৰণ: প্ৰথমবাৰ বনবাত নিৰোৱাৰ উপযুক্ত সময় হ’ল ৰোৱাৰ পৰা ৪০ দিন মান পিছত মানে দ্বিতীয় বাৰ আচ্ছাদন দিয়াৰ আগে আগে৷
মাটি চপোৱা: বনবাত নিৰোৱাৰ লগে লগে গছৰ গুৰিত মাটিও চপাই দিব লাগে ৷
শস্য ৰক্ষা
মজাখোৱা আৰু পাত মেৰুৱা পোকৰ বাবে ৰ'গৰ ০.০৫ শতাংশ ঔষধ স্প্ৰে কৰিব ৷
আদা পঁচা বেমাৰ
(ক) এই বেমাৰ নিয়ন্ত্ৰণৰ বাবে পথাৰৰ পৰা পানী ওলাই যাব পৰা ব্যৱস্হা কৰিব লাগে ৷
(খ) প্ৰতিষেধক ব্যৱস্হা হিচাপে বীজবোৰ মেনক’জেব ৭৫ ডব্লিও পি (২ গ্ৰাম প্ৰতি লিটাৰ পানীত) নাইবা মেটালেকজিল আৰু মেনক’জেব ৭৫ ডব্লিও পি মিশ্ৰণ ০.৩ শতাংশ ৰোৱাৰ বা সংৰক্ষণ কৰাৰ আগেয়ে ব্যৱহাৰ কৰিব লাগে ৷
গ) বেমাৰ হোৱা অংশত মেনক’জেব ৭৫ ডব্লিও পি ২ গ্ৰাম প্ৰতি লিটাৰ পানীত বা কেপ্টাফল জাতীয় ঔষধেৰে ধুই বা ঢালি দিব লাগে৷
পাতত দাগ লগা (Leaf Spot) : এই বেমাৰ নিয়ন্ত্ৰ্ৰণৰ বাবে বৰদ’ মিশ্ৰণ ১ শতাংশ বা ০.২ শতাংশ থিৰাম ব্যৱহাৰ কৰিব ৷
শস্য চপোৱা আৰু ইয়াৰ তত্ত্বাৱধান
গছবোৰ/পাতবোৰ যেতিয়া লাহে লাহে হালধীয়া ৰঙৰ হৈ শুকাবলৈ আৰম্ভ কৰে তেতিয়াই শস্য চপোৱাৰ ব্যৱস্হা কৰিব লাগে চপোৱাৰ পাচত আদাবোৰ ভালদৰে ২-৩বাৰ ধুই তাৰ পৰা মাটি আৰু বোকাবোৰ আঁতৰাই ৰ’দত দি শুকুৱাব লাগে ৷
উৎপাদন:
এক হেক্টৰ খেতিৰ পৰা ১৫০-২০০ কুইন্টল আদাৰ উৎপাদন পাব পাৰি ৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments