
গোৱালপাৰাৰ কৃষক অনুপ ৰাভাই ড্ৰেগন ফলৰ খেতিৰে স্বাৱলম্বী হৈ আন বহুজনৰ বাবে আদৰ্শ হৈ পৰিছে। ২০২০ চনত তেলেংগানাত ড্ৰেগন ফলৰ খেতিৰ ওপৰত প্ৰশিক্ষণ লাভ কৰা অনুপ ৰাভাই।

প্ৰথমতে প্ৰায় ৫ বিঘা মাটিত ড্ৰেগন ফলৰ খেতি কৰিছিল। বৰ্তমান ইয়াৰ পৰিসৰ ৮ বিঘা কৃষিভূমিলৈ সম্প্ৰসাৰিত কৰিছে। এইক্ষেত্ৰত গোৱালপাৰা জিলা কৃষি কাৰ্যালয়ৰ তৰফৰপৰাও তেখেতক সহায়-সহযোগিতা আগবঢ়োৱা হৈছে।

উল্লেখ্য যে ড্ৰেগন খেতিয়ে দেশৰ অন্য ৰাজ্যৰ দৰে অসমৰো বহু কৃষকৰ মাজত জনপ্ৰিয় হৈ উঠিছে। ড্ৰেগন ফলৰ খেতি এবাৰ আৰম্ভ কৰি ৩০-পৰা ৩৫ বছৰলৈ ফল পাই থাকিব পাৰি।

মধ্য বয়সত এজন ব্যক্তিয়ে এই খেতি আৰম্ভ কৰিলে বৃদ্ধ বয়সতো স্বাধীনভাৱে জীয়াই থাকিব পাৰিব। প্ৰথম অৱস্থাত খৰচ অলপ বেছি হয়। কিন্তু ৩৫ বছৰলৈ ফল দি থাকিব গছজোপাই।

ড্ৰেগন পুলি ৰুবৰ বাবে পকা পোষ্ট বনাই লোৱা হয়। তলৰ ছবিত দেখা দৰে পোষ্টবোৰ এবিঘা মাটিত ২৫০ টামান প্ৰয়োজন হয়। এটা পোষ্টৰ চাৰিওফালে ৪ টাকৈ পুলি ৰোপন কৰা হয়। অসমৰ নাৰ্চাৰীসমূহত এটা ড্ৰেগন পুলি ৩০-৪০ টকাত পাব পাৰে।
লগতে পঢ়ক-
Share your comments