1. উদ্য়ানশস্য়

বিহাৰৰ কৃষকে বিশ্বৰ আটাইতকৈ দামী শস্য 'হপ-শ্বুট' খেতি কৰিছে, প্রতি কেজিৰ দাম শুনিলে আপুনি আচৰিত হৈ পৰিব

KJ Staff
KJ Staff
Coastline vegetables cultivation in bihar
Coastline vegetables cultivation in bihar

   আপুনি জানে নে সমগ্ৰ বিশ্বৰ আটাইতকৈ ব্যয়বহুল আৰু দামী পাচলি বা শস্যবিধ কি? এই পাচলিৰ দাম শুনিলে আপুনি হৈ পৰিব। হপ শ্বুটচ নামৰ পাচলি বিধ বিশ্বৰ সবাতোকৈ দামী পাচলি হিচাপে বিবেচনা কৰা হয়। আন্তৰাষ্ট্ৰীয় বজাৰত ইয়াৰ মূল্য প্ৰতি কিলো ৮২ হাজাৰ টকা। উল্লেখ্য যে, এই খেতি বিশেষকৈ ইউৰোপত কৰা হয়। এতিয়া লাহে লাহে বিশ্বৰ আন প্রান্তত ও কৰিবলৈ আৰম্ভ কৰা হৈছে৷ কিছুদিন আগতে বিহাৰত প্ৰথম বাৰৰ বাবে ইয়াৰ খেতি আৰম্ভ কৰা হৈছে। 

   বিহাৰৰ ঔৰঙ্গাবাদ জিলাৰ নাভিনগৰ খণ্ডৰ অন্তৰ্গত কৰমদিহ গাওঁৰ ৩৮ বছৰীয়া অমৰেশ সিঙে তেওঁৰ মাটিৰ ৫ কাথাত হপ-শ্বুট খেতি আৰম্ভ কৰা প্ৰথমজন ব্যক্তি ।  

২০১২ চনত হাজাৰীবাগৰ চেণ্ট কম্বছ মহাবিদ্যালয়ৰ পৰা ইণ্টাৰমিডিয়েট-পাছ হোৱা সিঙে শেহতীয়াকৈ এক সাক্ষাৎকাৰত কৈছে যে যদি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'হপ-শ্বুট' খেতিৰ প্ৰচাৰৰ বাবে এক বিশেষ ব্যৱস্থা কৰে, ই কৃষকসকলক কেইবছৰমানৰ ভিতৰতে আন কৃষিতকৈ ১০ গুণ অধিক উপাৰ্জন দিব পাৰিব।

প্ৰতিবেদন অনুসৰি, আন্তৰ্জাতিক বজাৰত 'হপ-শ্বুট'(হুমুলাছ-লুপুলাস) ছয় বছৰ আগতে এক কেজি ১০০০ পাউণ্ডত বিক্ৰী কৰা হৈছিল যি প্ৰায় ১ লাখ টকাৰ সমান। অৱশ্যে ভাৰতীয় বজাৰত খুব কমেই দেখা পোৱা শস্যটো কেৱল বিশেষ অৰ্ডাৰ দিহে ক্ৰয় কৰিব পাৰি।

সিঙে কয় যে, "মই এইটো ক'বলৈ পাই সুখী যে ইয়াৰ ৬০ শতাংশতকৈও অধিক কাম সফলতাৰে কৰা হৈছে। মই বাৰাণসীৰ ভাৰতীয় পাচলি গৱেষণা প্ৰতিষ্ঠানৰ কৃষি বিজ্ঞানী ড০ লালৰ তত্বাৱধানত হপ-শ্বুট খেতি কৰি আছো। মই বাৰাণসীৰ ভাৰতীয় পাচলি গৱেষণা প্ৰতিষ্ঠানৰ পৰা অনাৰ পিছত দুমাহ আগতে এই পাচলিৰ গছপুলি ৰোপণ কৰিছো। মই আশা কৰো যে এইটো বিহাৰতো এক বিশাল সফলতা আৰু পৰিৱৰ্তন আনিব আৰু এক কৃষি জাগৰণৰ সৃষ্টি হ'ব" ৷

এই খেতিৰ বিশেষত্ব কি কি?

  প্ৰতিবেদন অনুসৰি, ফল, ফুল, আৰু হপ-শ্বুটৰ কাণ্ড সকলোবোৰ পানীয় তৈয়াৰ, বিয়েৰ তৈয়াৰ কৰা আৰু এণ্টিবায়টিক তৈয়াৰ কৰা আদিৰ দৰে ঔষধি উদ্দেশ্যত ব্যৱহাৰ কৰা হয়। এই পাচলিৰ কাণ্ডেৰে তৈয়াৰ কৰা ঔষধটোৱে যক্ষ্মা (Tuberculosis) ৰোগৰ চিকিৎসাত উচ্চ নিৰাময়মূলক প্ৰভাৱ পেলোৱা দেখা গৈছে।

তেওঁ কয়, "ইয়াৰ ফুলক হপ-কোন বা ষ্ট্ৰোবাইল বুলি কোৱা হয়, যি বিয়েৰ তৈয়াৰ কৰাত এক মুখ্য ভূমিকা পালন কৰে। বাকী ডালবোৰ খাদ্য আৰু ঔষধৰ উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হয়।" 

 ঔষধি উদ্ভিদ হিচাপে হপ-শ্বুটৰ ব্যৱহাৰ ইউৰোপীয় দেশবোৰতো অতি জনপ্ৰিয়, য'ত ইয়াক ছাল উজ্জ্বল আৰু বয়স ধৰি ৰাখিবৰ বাবে ব্যৱহাৰ কৰা হয় কিয়নো এই পাচলিটো এণ্টিঅক্সিডেণ্টৰ প্রচুৰ পৰিমানেৰে সমৃদ্ধ।

হপ-শ্বুট ১১ শতিকাৰ আৰম্ভণিতে আৱিষ্কাৰ কৰা হৈছিল আৰু বিয়েৰত সুগন্ধিবর্দ্ধক হিচাপে ব্যৱহাৰ কৰা হৈছিল আৰু তাৰ পিছত ভেষজ ঔষধত আৰু ক্ৰমান্বয়ে পাচলি হিচাপে ব্যৱহাৰ কৰা হৈছিল।

   শ্বুটবোৰত হুমুলুন (humulones) আৰু লুপুলন (lupulones) নামৰ এটা এচিড থাকে যি মানৱ শৰীৰত কৰ্কট কোষৰ বৃদ্ধিত বাধা প্রদান কৰে৷ ঔষধ হিচাপে পাচন প্ৰণালী উন্নত কৰে, হতাশা, উদ্বেগ থকা লোকসকলৰ বাবে শিথিলতা প্ৰদান কৰে, এক এনালজেচিক আৰু অনিদ্ৰাও নিৰাময় কৰে।

হপ-শ্বুট খেতি

হপ-শ্বুটৰ খেতি মুখ্যতঃ ব্ৰিটেইন, জাৰ্মানী আৰু অন্যান্য দৰে ইউৰোপীয় দেশত পোৱা যায়। আগতে এইটো হিমাচল প্ৰদেশত কৰা হৈছিল কিন্তু উচ্চ মূল্যৰ বাবে ইয়াৰ বিপণন বন্ধ হোৱা নাছিল। 

  অমৰেশে কৈছিল যে তেওঁ আন বহুতো ঔষধি আৰু সুগন্ধি উদ্ভিদৰো খেতি কৰি আছে। তেঁও লগতে কয় যে কৃষি খণ্ডত, আত্মবিশ্বাসৰ সৈতে বিপদাশংকা লোৱাটোৱে শেষত কৃষকক জিকিবলৈ সহায় কৰে। মই বিহাৰত হপ-শ্বুটৰ খেতি কৰাৰ বাবে পৰীক্ষামূলক হিচাপে আৰম্ভ কৰিছো আৰু আশা কৰোঁ, ই এটা সঠিক মানদণ্ড নিৰ্ধাৰণ কৰিব," তেওঁ লগতে কয়।

 অয়ষ্টাৰ কাঠফুলাৰ কৃষি পদ্ধতি ( Oyester Mushroom Farming Process)

English Summary: World coastline vegetables cultivation started in bihar know all here in assamese

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.