1. উদ্য়ানশস্য়

লাওজাতীয় শস্যৰ অপকাৰী বৰলীয়া পোকৰ নিয়ন্ত্ৰণ

KJ Staff
KJ Staff
Bottle Gourd
Bottle Gourd

আমাৰ দৈনন্দিন জীৱনৰ খাদ্য তালিকাত শাক-পাচলিৰ প্ৰয়োজনীয়তা অপৰিসীম । শাক-পাচলিৰ পৰাই আমি আমাৰ দেহত পৰিপুষ্টি আৰু গঠনৰ বাবে প্ৰয়োজনীয় ভিটামিন, প্ৰ’টিন, শ্বেতসাৰ, লৌহ পদাৰ্থ আদি আহৰণ কৰোঁ। শাক-পাচলিৰ খেতিক ঋতু অনুযায়ী প্ৰধানকৈ গ্ৰীষ্ম আৰু শীতকালীন হিচাপে দুটা ভাগত ভাগ কৰিব পাৰি । বৰ্তমান কৃষকে কৰি থকা গ্ৰীষ্মকালীন শাক-পাচলিৰ ভিতৰত প্ৰধানকৈ লাওজাতীয় শস্য যেনে : জিকা, ডাংবডি, তিঁয়হ, তিতাকেৰেলা, ভাতকেৰেলা, জাতিলাও, ৰঙালাও, কোমোৰা, পতল, ধুন্দুলী ইত্যাদিয়েই প্ৰধান । লাওজাতীয় শস্যৰ বিভিন্ন অনিষ্টকাৰী কীট-পতংগৰ ভিতৰত বৰলীয়া পোকেই  (Fruit fly) অন্যতম । গৱেষণাৰ পৰা দেখা গৈছে যে বৰলীয়া পোকে লাওজাতীয় শস্যত শস্য ভেদে গড় হিচাপে শতকৰা ৮০ ভাগ পৰ্যন্ত অনিষ্ট কৰে । সেয়েহে, আজিৰ আলোচনাত বিশেষকৈ লাওজাতীয় শস্যৰ প্ৰধান শত্ৰু বৰলীয়া পোকৰ আক্ৰমণ আৰু ইয়াৰ নিয়ন্ত্ৰণৰ ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰা হয় ।

বৰলীয়া পোকৰ পূৰ্ণাংগ পোকবিধ দেখিবলৈ মাখিটোৰ দৰে । ইয়াৰ গাৰ বৰণ হৈছে ৰঙা-মুগা আৰু দেহৰ পিছফালে এডাল জোঙা শুং থাকে । পূৰ্ণবয়ষ্ক মাইকী বৰলীয়া পোকে লাওজাতীয় শস্যৰ কুমলীয়া ফলবিলাকৰ উপৰিভাগত দেহৰ পিছফালে থকা শুংডালেৰে সৰু সৰু গাঁত কৰি থোপা থোপা কণী পাৰি মম জাতীয় পদাৰ্থৰে ঢাকি দিয়ে । সেয়েহে বৰলীয়া পোকে কণী পৰা আক্ৰান্ত ফলবিলাক প্ৰথমে বাহিৰৰ পৰা সহজতে ধৰিব নোৱাৰি । এজনী মাইকী বৰলীয়াই প্ৰায় ১০০ টা মান কণী পাৰে । কণী পৰাৰ প্ৰায় ২৪ ঘণ্টাৰ পাছত কণী ফুটি পলুৰ জন্ম হয় । পলুবিলাক দেখিবলৈ বগা ধৰণৰ । পলুৰ ঠেং নাই, মূৰ অংশ ভোটা আৰু পিছ অংশ জোঙা । পলুবিলাকে ফলৰ শাহ অংশ খাই সুৰংগ কৰি ভিতৰ ভাগলৈ গৈ থাকে । ফলৰ শাহ অংশ সম্পূৰ্ণৰুপে খাই পেলোৱাৰ বাবে কেতিয়াবা মাথোঁ ফলৰ বাকলিখনিহে বাকী থাকে । আক্ৰমণৰ পৰা বৃদ্ধি হ’লে ফলৰ শাহঅংশ সম্পূৰ্ণৰুপে গেলি যায় । এই বিধ পোকে তিতাকেৰেলা, জাতিলাও, জিকা, ভাতকেৰেলা আৰু তিয়ঁহক কুমলীয়া অৱস্থাত আক্ৰমণ কৰে । ফলস্বৰুপে ফলসমূহ বহুসময়ত ৰঙা পৰি অকালতে সৰি পৰে । জিকা, তিয়ঁহ আৰু জাতিলাওৰ ক্ষেত্ৰত পোকে কণী পৰা অংশ সোমোৱা আৰু বেঁকা হয় আৰু আক্ৰান্ত অংশ গেলি যায় । পলুবিলাকে ফলৰ ভিতৰতে সিহঁতৰ জীৱন চক্ৰ সমাপ্ত কৰাৰ পিছত মাটিৰ সংস্পৰ্শলৈ আহি লেটা বান্ধে । প্ৰায় ৮-১০ দিন বিৰতিৰ পিছত লেটাৰ পৰা পূৰ্ণাংগ বৰলীয়া পোক ওলাই আহি পুনৰ লাওজাতীয় পাচলিক আক্ৰমণ কৰে । গোটেই বছৰ ধৰি বৰলীয়া পোক দেখা দিয়া যদিও জুলাই আৰু আগষ্ট মাহত ইহঁতৰ আক্ৰমণৰ মাত্ৰা বৃদ্ধি পায় । সাধাৰণতে বতৰৰ তাপমানৰ ওপৰত নিৰ্ভৰ কৰি বৰলীয়া পোকে বছৰত ৪-৫ বাৰলৈ বংশ বৃদ্ধি কৰে ।

সমন্বিত পদ্ধতিৰে বৰলীয়া পোকৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা:-

ক) বীজ সিঁচাৰ পূৰ্বে মাটিডোখৰ ভালদৰে চহাই চিকুণাই ল’ব লাগে । এনে কৰিলে মাটিৰ তলত থকা বৰলীয়া পোকৰ লেটাবোৰ সূৰ্যৰ প্ৰখৰ ৰ’দৰ তাপত মৰি যোৱা বা পৰভোজী জীৱই আক্ৰমণ কৰি ধ্বংস কৰা দেখা যায় ।

খ) কৃষকে বৰলীয়া পোকৰ আক্ৰমণ প্ৰতিৰোধ কৰা উচ্চ উৎপাদনক্ষম লাওজাতীয় শস্যৰ জাত সমূহ বাছনি কৰি খেতি কৰিব লাগে ।

গ) বৰলীয়া পোকে অনিষ্ট কৰা ফলবিলাক ছিঙি শাক-পাচলি বাৰীৰ পৰা নি আঁতৰত প্ৰায় ১ ফুটৰ দ গাঁত খান্দি পুতি পেলাব নতুবা জ্বলাই দিব লাগে ।

ঘ)মাটিত বগোৱা পাচলি যেনে : তিতাকেৰেলা, ৰঙালাও বা কোমোৰাৰ অপিণত অৱস্থাত থকা ফলসমূহক ধান খেৰেৰে ঢাকি ৰাখিও এই পোকৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰি ।

ঙ) শস্যৰ গুৰিৰ লগতে বাৰীখন সততে চিকুণাই পৰিষ্কাৰ কৰি ৰাখিব লাগে । এনে কৰিলে বৰলীয়া পোকৰ আক্ৰমণ কম হয় ।

চ) প্ৰতিবিঘা মাটিত ৫-৬ টাকৈ ফেৰমন আকৰ্ষক এক নিৰ্দিষ্ট দূৰত্বত সংস্থাপন কৰি এই পোকৰ আক্ৰমণৰ পৰা পৰিত্ৰাণ পাব পাৰি । এই আকৰ্ষক সমূহ লাওজাতীয় শস্যত ফুল ফুলাৰ পূৰ্বে পথাৰত সংস্থাপন কৰিব লাগে । সাধাৰণতে এই আকৰ্ষকসমূহে পতংগৰ মতা পতংগ আকৰ্ষণ কৰে আৰু ফান্দত আৱদ্ধ হোৱা পতংগক অতি সহজতে ধ্বংস কৰি বৰলীয়া পোকৰ নিয়ন্ত্ৰণ কৰিব পাৰি । বৰ্তমান বৰলীয়া পোকক নিয়ন্ত্ৰণ কৰিবৰ বাবে বজাৰত বৰলীয়া পোকৰ প্ৰজাতি ভেদে বিভিন্ন ধৰণৰ ফেৰমন আকৰ্ষক কিনিবলৈ পোৱা যায় । উক্ত ব্যৱস্থাৰ দ্বাৰা পথাৰত শতকৰা প্ৰায় ৭০ ভাগ বৰলীয়া পোক নিয়ন্ত্ৰণ কৰিব পাৰি ।

ছ) বজাৰত পোৱা বিভিন্ন নিম জাতীয় ঔষধ প্ৰতিলিটাৰ পানীত ৫ মি:লি:কৈ মিহলাই শস্যত প্ৰয়োগ কৰিও এ ই পোকবিধ নিয়ন্ত্ৰণ কৰিব পাৰি ।

জ) এই পোক নিয়ন্ত্ৰণ কৰিবলৈ ৰাসায়নিক কীটনাশকো প্ৰয়োগ কৰিব পাৰি । উদাহৰণস্বৰুপে মালাথিয়ন ৫০ ই চি এক চাহ চামুচ ৫ লিটাৰ পানীত মিহলাই ৫ দিনৰ মূৰে মূৰে শস্যত অতিকমেও ৪-৫ বাৰলৈ স্প্ৰে’ কৰিব লাগে । আনহাতে, এটা পাত্ৰত ১০ গ্ৰাম গুৰ, ১  লিটাৰ পানীত মিহলাই তাৰ লগত মালাথিয়ন ৫০ ই চি কীটনাশক ঔষধৰ ১/২ চাহ চামুচ মিহলাই পাত্ৰটো শস্যৰ মাজত সংস্থাপন কৰিব লাগে । এনে কৰিলে বৰলীয়া পোকবোৰ আকৰ্ষিত হৈ পাত্ৰটোত পৰি কীটনাশকৰ সংস্পৰ্শলৈ আহি মৃত্যু মুখত পৰে ।

ঝ) সাধাৰণতে দেখা যায় যে বৰলীয়া পোকে মূল পথাৰলৈ কেৱল মাথোঁ লাওজাতীয় শস্যত কণী পাৰিবলৈহে আহে । অন্য সময়ত বৰলীয়া পোক খেতিপথাৰৰ ওচৰে-পাজৰে থকা হাবি-বননিত আশ্ৰয় লৈ থাকে । গতিকে বহু সময়ত বৰলীয়া পোক নিয়ন্ত্ৰণ কৰিবলৈ মূল পথাৰৰ শস্যত কীটনাশক ঔষধ প্ৰয়োগ কৰাৰ উপৰি পথাৰত থকা অপতৃণসমূহতো প্ৰয়োগ কৰিব লাগে।

লেখিকা : অভিলিচা মুদৈ

উৎস : দৈনিক জনমভূমি

English Summary: Bottle Gourd Diseases

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.