Krishi Jagran Assam
Menu Close Menu

পাণ

Thursday, 07 February 2019 05:02 PM

আমাৰ গঞা ৰাইজে অকল নিজৰ দৈনন্দিন চাহিদা পূৰণৰ বাবেহে অতি সীমিত পৰিসৰত বাৰীৰ তামোল-নাৰিকলৰ ঢাপত পাণৰ খেতি কৰি আহিছে। গ্ৰাম্য সমাজত পাণ কিনি খোৱাটো লজ্জাজনক হ’ব পাৰে, কিন্তু নগৰাঞ্চলত ই এক নিত্য নৈমিত্তিক পৰিঘটনা আৰু ইয়াৰ সুবিধা চুবুৰীয়া পশ্চিমবংগই ব্যাপক হাৰত গ্ৰহণ কৰি আছে। কিন্তু পাণৰ ক্ৰমবৰ্ধমান বজাৰ মূল্য আৰু চাহিদালৈ লক্ষ্য ৰাখি ব্যৱসায়িক মনোবৃত্তিৰে বহুলভাৱে পাণৰ খেতি কৰিলে কৃষক ৰাইজ লাভৱান হোৱাৰ লগতে আমাৰ ৰাজ্যৰো অৰ্থ বহিঃগমন কিছু পৰিমাণে ৰোধ হ’ব। সেয়েহে পাণৰ উন্নত কৃষি প্ৰণালী তলত সংৰক্ষণ কৃষক ৰাইজৰ জ্ঞাতাৰ্থে আগবঢ়োৱা হ’ল।

স্থান নিৰ্বাচনঃ অসমৰ জলবায়ু পাণখেতিৰ বাবে উপযোগী। ওখ পানী জমা নোহোৱা সাৰুৱা বা বালিচহীয়া মাটি পাণখেতিৰ বাবে আৱশ্যক যদিও আলতীয়া মাটিও নিৰ্বাচন কৰিব পাৰি। অসমৰ মাটি আম্লিক হোৱা বাবে মাটিত প্ৰয়োজনীয় চূণ মিহলাই মাটিৰ অম্লতা ৬.৫ কৰি লোৱা উচিত

সঁচঃ লতাজাতীয় শস্য পাণৰ পূৰঠ পাতবোৰ চপাই বজাৰত বিক্ৰী কৰা হয়। এই পাতবোৰৰ গুণাগুণৰ ওপৰতে পাণখেতিৰ লাভালাভ নিৰ্ভৰশীল। অসমৰ বাবে উপযুক্ত পাণৰ সঁচবোৰ হ’ল অসমীয়া পাণ, খাছী পাণ, গাৰো পাণ, চাঁচী পাণ, বাংলা পাণ, মিঠা পাণ, গান্ধৈ পাণ, নগা পাণ, কাৰ্বি পাণ আদি। ইয়াৰ খাছী, নগা, গাৰো, কাৰ্বি, অসমীয়া আদি জাতৰ পাণবোৰক জাতি পাণ বুলি জনা যায় আৰু তুলনামূলকভাৱে জ্বালা বেছি বাবে ইহঁতৰ চাহিদা অধিক। সেইদৰে এক বিশেষ গোন্ধৰ বাবে গান্ধৈ পাণ আৰু সুস্বাদৰ বাবে মিঠা পাণৰো বজাৰ মূল্য বেছি।

বিস্তাৰণঃ পাণখেতিৰ বিস্তাৰণ ডালৰ পৰা কৰা হয়। ইয়াৰ বাবে ২-৩ বছৰীয়া পূৰঠ ডালবোৰ কাটি আনি এফুট দীঘলকৈ বিভিন্ন টুকুৰা কৰা হয় যাতে প্ৰতিটো ডালৰ টুকুৰাত ৩-৪ টাকৈ গাঁঠি থাকে। উক্ত ডালৰ টুকুৰাবোৰ প্ৰথমতে পুলিবাৰীত পচোৱা হয়। ইয়াৰ বাবে মাটি, বালি আৰু পচন সাৰ সমপৰিমাণত মিহলাই তৈয়াৰ কৰা মাটিৰ মিশ্ৰণেৰে ৬০ ছেঃ মিঃ বহল, আৱশ্যক অনুযায়ী দীঘল আৰু ৩০ ছেঃ মিঃ ওখ ভেটি বনাই লোৱা হয়। ভেটিত মাটিখিনি বীজাণুমুক্ত কৰিবলৈ ০.২ শতাংশ শক্তিৰ ইণ্ডোফিল এম-৪৫ বা কেপটান ঔষধ ভেটিটো সম্পূৰ্ণকৈ তিতি যোৱাকৈ প্ৰয়োগ কৰা উচিত। শাওণ-ভাদ মাহত পাণৰ ডালবোৰ বীজাণুমুক্ত কৰি লোৱা পুলিবাৰীত ঘন ঘনকৈ ৰোপণ কৰিব লাগে আৰু খেৰৰ চালিৰে আংশিক ছাঁৰ ব্যৱস্থা কৰা যুগুত। ডালবোৰৰ পৰা নতুন পোখা ওলাই বাঢ়িবলৈ ধৰিলে মূল পথাৰত ৰোপণ কৰিব পাৰি।

ৰোপণ পদ্ধতিঃ পাণখেতি তিনি ধৰণে কৰিব পাৰি-

  • পৰম্পৰাগতভাৱে কৰি অহাৰ দৰে বাৰীৰ তামোল-নাৰিকল আদি গছক আশ্ৰয় হিচাপে লৈ ইহঁতৰ গুৰিত পাণৰ খেতি কৰিব পাৰি অন্তৱৰ্তী শস্য হিচাপে।
  • মূল পথাৰত ৯০ ছেঃ মিঃ দূৰত্বত বাঁহৰ খুঁটি পুতি তাৰ কাষত পাণৰ পুলি ৰোপণ কৰি পাণ গছ বগাব দিয়া হয়। এই পদ্ধতিত প্ৰতি বিঘাত ১০০০-১৪০০ পাণ পুলি   ৰোপণ কৰিব পাৰি।
  • তৃতীয় পদ্ধতিত বাঁহ আৰু খেৰেৰে চালি বনাই আংশিক ছাঁত পাণখেতি কৰা হয়। এইক্ষেত্ৰত পোখা ওলোৱা পাণৰ পুলিবোৰ ১৫ ছেঃ মিঃ দূৰত্বত ৰোপণ কৰা হয় আৰু দুটা শাৰীৰ মাজৰ দূৰত্ব ৫০ ছেঃ মিঃ ৰখা হয়। এইদৰে প্ৰতি বিঘাত ১২,০০০-১৩,০০০ টা পাণৰ পুলি ৰুব পাৰি। পুলিবাৰীৰ পৰা উঠাই অনা পোখাবোৰ ০.৫ শতাংশ শক্তিৰ বৰডো মিশ্ৰণেৰে এঘণ্টা শোধন কৰিহে মূল পথাৰত ৰোপণ কৰিব লাগে যাতে মাটিত থকা ভেঁকুৰে সহজে আক্ৰমণ কৰিব নোৱাৰে।

সাৰ প্ৰয়োগঃ পাণ ৰোৱাৰ ৪-৫ মাহৰ পাছৰ পৰা দুমাহ ব্যৱধানত সাৰ প্ৰয়োগ কৰা হয়। বিঘাই প্ৰতি ৪০ কিঃগ্ৰাঃ ইউৰিয়া, ৮৫ কিঃগ্ৰাঃ একক ছুপাৰ ফছফেট আৰু ১০ কিঃগ্ৰাঃ মিউৰেট অব পটাছ সাৰৰ আৱশ্যক। উক্ত সাৰখিনি ছয় ভাগত ভগাই প্ৰতি দুমাহৰ ব্যৱধানত পচন সাৰৰ লগত মিহলাই মাটিত প্ৰয়োগ কৰিব লাগে।

পৰিচৰ্যাঃ পাণ এবিধ লতাজাতীয় বহুবৰ্ষীয় গছ আৰু ই বছৰত ৮-১০ ফুট ওখ হয়। সেয়েহে প্ৰতি বছৰৰ চ’ত-ব’হাগ মাহত লতা গছডাল তললৈ নুৰা কৰি খহাই আনিব লাগে আৰু আগ অংশৰ দুফুট ওলাই থকাকৈ ৰাখি বাকীখিনি মাটিত পুতি দিব লাগে। এনে কৰিলে জোপোহা হোৱাৰ লগতে গোটেই গছজোপা হাতেৰে ঢুকি পোৱা অৱস্থাত থাকে বাবে পৰিচৰ্যা কৰিবলৈ সুবিধা হয়। ব’হাগ-জেঠ মাহত কুমলীয়া পাণ যথেষ্ট ওলাই ফলত খাদ্য সংকটত পৰি পাণবোৰ সৰু হৈ থাকে। সেয়ে উক্ত সময়ত আধা পাণ ছিঙি পেলালে বাকী থকা পাণবোৰ ডাঙৰ আৰু আকৰ্ষণীয় হয়। লক্ষ্য ৰাখিব লাগে যাতে বাৰিষা পাণৰ গুৰিত পানী জমা নহয়। সেইদৰে ফাগুণ-চ’ত মাহত পাণৰ গুৰি জীপাল হৈ থাকিব লাগে। আৱশ্যক অনুযায়ী পাতলীয়াকৈ জলসিঞ্চনৰ ব্যৱস্থা কৰা উচিত।

শস্য ৰক্ষাঃ পাণ গছত পোক-পৰুৱাৰ আক্ৰমণ সীমিত। আনহাতে ইহঁতৰ প্ৰধান বেমাৰবোৰ হ’ল- পাত পচা, গুৰি পচা আৰু শিপা পচা বেমাৰ। উক্ত ভেঁকুৰজনিত ৰোগবোৰ ৫ শতাংশ শক্তিৰ বৰডো মিশ্ৰণ প্ৰয়োগেৰে নিয়ন্ত্ৰণ কৰিব পাৰি। ৰোগৰ প্ৰাৱল্য অনুযায়ী ১৫-৩০ দিনৰ অন্তৰে অন্তৰে ৪-৮ বাৰ জেঠ মাহৰ পৰা ভাদ মাহলৈ গছত প্ৰয়োগ কৰিব লাগে। সেইদৰে পাত আৰু ডালত ক’লা দাগ পৰা ৰোগ নিয়ন্ত্ৰণৰ বাবে এক শতাংশ শক্তিৰ বেক্টেৰিনল আৰু ০.৫ শতাংশ বৰডো মিশ্ৰণ মিহলাই ১৫-২০ দিনৰ ব্যৱধানত গছত ছটিয়াব লাগে। ঔষধ প্ৰয়োগ কৰাৰ আগতে পূৰঠ পাণবোৰ ছিঙি আনিব লাগে আৰু প্ৰয়োগ কৰাৰ ১৫-২০ দিনৰ পাছতহে পাণ ছিঙিব লাগে।

লিখক: হেমেন্দ্ৰ চৌধুৰী, জ্যোত্স্না দাস

উৎস: বিকাশপেডিয়া

Betel-Leaves

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2019 Krishi Jagran Media Group. All Rights Reserved.