1. উদ্য়ানশস্য়

মধুৰীআম

KJ Staff
KJ Staff
Guava
Guava

গ্ৰীষ্মকালৰ অন্তত আৰু বৰ্ষাকালৰ আৰম্ভণিত হোৱা এবিধ সুন্দৰ আৰু খাবলৈ সোৱাদযুক্ত ফল হৈছে মধুৰীআম । ইংৰাজীত 'Guava' নামেৰে পৰিচিত মধুৰীআমৰ বৈজ্ঞানিক নাম 'Psidium Guajava' । মধুৰিআমত ভিটামিন চি যথেষ্ট পৰিমাণে পোৱা যায় । ই আমাৰ শৰীৰৰ প্ৰতিৰক্ষা তন্ত্ৰটো শক্তিশালী কৰি ৰাখে যাৰ দ্বাৰা জ্বৰ, কাহ আদি ৰোগবিলাকৰ পৰা সুৰক্ষিত হৈ পাৰি । মধুৰিআমৰ কেইটামান লেখত লবলগীয়া স্বাস্থ্যসন্মত গুণাগুণৰ বিষয়ে জানো আহক ।

মধুৰিআমে শৰীৰৰ 'হাওঁফাওঁ' অংশ সুস্থ কৰি ৰাখে ।
(২) মধুৰিআম খালে উচ্চ ৰক্তচাপ সামান্য হৈ পৰে ।
(৩) মধুৰীআমে তেজৰ চলাচল সঠিক ৰুপত ৰাখে, যাৰ বাবে হৃদয় সুস্থ হৈ থাকে ।
(৪) মধুৰীআমে পেটৰ বদহজমৰ সমস্যা নোহোৱা কৰাৰ লগতে কোষ্ঠকাঠিন্যতাওদূৰ কৰে ।
(৫) মধুৰিআমে শৰীৰৰ মেদবহুলতা কম কৰাৰ ক্ষেত্ৰতো সহায় কৰে ।
(৬) মধুৰিআমত যথেষ্ট পৰিমাণে কেলচিয়াম পোৱা যায় । ই শৰীৰৰ হাড় আৰু দাঁতবোৰ শক্তিশালী কৰি ৰাখে ।

বিশেষ দষ্ট্ৰব্যঃ- মধুৰীআমৰ উপকাৰিতা আছে, যদিও মন কৰিবলগীয়া কথাটো হ'ল ইয়াত প্ৰচুৰ পৰিমাণে গুটি পোৱা যায় যিবোৰে আমাৰ পেটলৈ গৈ কেতিয়াবা ক্ষতি সাধন কৰিব পাৰে । বিশেষকৈ কোষ্ঠকাঠিন্যতাৰ দৰে পেটৰ কিছুমান গুৰুতৰ ৰোগত মধুৰিআম খোৱাটো অনুকূল নহয় ।

(বিকাশপেডিয়া)

English Summary: Benefits of Guava

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.