
পাচাউলি গছৰ পাতৰ পৰা এবিধ সুগন্ধি তেল নিষ্কাষণ কৰিব পৰা যায়; যিবোৰৰ চাহিদা বর্তমান দেশৰ তথা বিদেশৰ বজাৰত যথেষ্ট বেছি। এইবিধ গছৰ খেতি অতি সহজে পানী জমা নোহোৱা ওখ মাটিত কৰি ঘৰতে ক্ষুদ্র উদ্যোগ ভিত্তিত তেল নিষ্কাষণ কৰিব পাৰি। পাচাউলি গছৰ পাতবোৰ সুগন্ধযুক্ত বাবে গৰু-ছাগলি, বান্দৰ আদিয়ে আক্রমণ নকৰে। তদুপৰি তুলনামূলকভাবে এইবিধ খেতিৰ বেমাৰ-আজাৰ তথা অনিষ্টকাৰী পোক-পৰুৱাৰ যথেষ্ট কম।
ক) মাটিঃ পাচাউলি খেতি ওখ পানী জমা নোহোৱা আৰু কম বালিহীয়া মাটিত কৰিব পাৰি। পাচাউলি গছৰ গুৰিত পানী জমা হ’লে গছবোৰ ৰঙা পৰি মৰি যায়। সেইবাবে মাটিৰ নিৰ্বাচনত এই দিশটো ভালদৰে বিবেচনা কৰাৰ প্ৰয়োজন। পাচাউলি গছৰ শিপাবোৰ মাটিৰ প্ৰায় ওপৰভাগতে থাকে বাবে মাটিৰ এই ভাগটোত যথেষ্ট পানী আৰু হিউমাচ তথা সাৰ থকাটো বাঞ্ছনীয়।
খ) সাৰ প্ৰয়াোগঃ মাটি নির্বাচনৰ পাচত মাটিডৰা দুবাৰ বা তিনিবাৰ ভালদৰে হাল বাই মৈ দি সমান তথা মিহিকৰি ল’ব লাগে। শেষৰ বাৰ হাল বাওঁতে বিঘাই প্রতি ১০ কিঃ গ্রাঃ ইউৰিয়া, ৪০ কিঃ গ্রাঃ একক চুপাৰফফেট আৰু ১০ কিঃ গ্রাঃ মিউৰেট অব পটাচ সাৰ প্ৰয়োগ কৰিব লাগে। এইখিনিৰ উপৰি মাটিত যথেষ্ট পৰিমাণে পচন সাৰ বা গোবৰ সাৰ প্ৰয়োগ কৰিলে অধিক উৎপাদন পাব পাৰি। প্রতিবাৰ খেতি চপোৱাৰ পাচত প্রতি বিঘাত ৭ কিঃ গ্রাঃকৈ ইউৰিয়া সাৰ প্ৰয়োগ কৰিব লাগে।
গ) পুলি ৰোপণ পদ্ধতিঃ পুলিবোৰ শাৰী শাৰীকৈ ২ ফুট x ২ফুট ব্যৱধানত ৰুব লাগে। আংশিক ছাঁত পাচাউলি খেতিৰ উৎপাদন বাঢ়ে বাবে ১০ ফুট x১০ ফুট ব্যৱধানত ৰহৰ মাহ বা মেডেলুৱা গছ লগাব লাগে। ৰোৱাৰ পাচতে পাতলীয়া ধৰণৰ জলসিঞ্চন দিব পাৰিলে, পুলিবোৰ অতি সোনকালে ঠন ধৰি উঠে। এনেদৰে ২ ফুট x ২ ফুট দূৰত্বত পুলি ৰোপণ কৰিবলৈ বিঘাই প্রতি প্রায় ৪০০০ পাচাউলি পুলিৰ প্রয়োজন হয়।
লগতে পঢ়ক-
কৃষকসকলে একগুলিত দুই চিকাৰ কৰক আলুৰ লগত ৰঙালাও খেতি কৰি

ঙ) কলমঃ পুলিবোৰ যেতিয়া এফুট ওখ হয়, অর্থাৎ পুলি ৰোৱাৰ ডেৰমাহ মানৰ পাছত গছজোপাৰ আগটো চিঙি দিলে শাখা-প্রশাখা ওলাই গছজোপা জোপোহা হৈ পৰিব। প্রথম কলম দিয়াৰ ডেৰমাহ মানৰ পাচত আকৌ এটা কলম দিব পাৰিলে গছজোপা অধিক জোপোহা হৈ পৰিব।
চ) শস্য চপোৱাঃ পাত সংগ্ৰহৰ বাবে পাচাউলি খেতি কৰা হয়। পুলি ৰোৱাৰ ৫ মাহ পাছৰে পৰা আগবোৰ কাটি চপাব পাৰি। প্ৰথম বছৰ তিনিবাৰ, দ্বিতীয় বছৰ পাঁচ বাৰ আৰু তৃতীয় বছৰ পাঁচবাৰ, সৰ্বমুঠ তেৰ বাৰ শস্য চপাব পাৰি। এনেদৰে তিনিবছৰৰ অন্তত খেতি ডৰা উঠাই পুনৰ মাটি চহ কৰি নতুন পুলি লগাব লাগে। সাধাৰণতে গছৰ আগবোৰ ৫-৬ ইঞ্চি দীঘলকৈ ধান কটা কাঁচিৰে কাটিব পাৰি। প্ৰতিবাৰ আগ সংগ্ৰহৰ পাচত গছৰ পৰা সৰি যোৱা বুঢ়া পাতবোৰো সংগ্ৰহ কৰিব পাৰি।

ছ) পাত শুকুৱাকার্যঃ এইদৰে সংগ্ৰহ কৰা আগবোৰ ঘৰৰ মজিয়াত পাতলকৈ মেলি দি শুকুৱাব পৰা যায়। কিন্তু পাতৰ পৰিমাণ বেছি হ'লে এটি মুকলি খেৰৰ বেৰ নাহোৱা ঘৰ সাজি তাত তিনি খলপীয়া চাং দি পাতবোৰ শুকুৱাব পাৰি। এনেদৰে পাঁচ/ছয় দিন পাতবোৰ লৰাই শুকুৱাৰ পাচত সেইবোৰ বস্তাত ভৰাই জমা কৰি ৰখা হয়। তেলৰ সঠিক গুণগত মান পাবৰ বাবে তিনি মাহপুৰণি জমা পাতহে তেল নিষ্কাষণ কার্যৰ বাবে ব্যৱহাৰ কৰা হয়। এনেধৰণৰ শুকান পাতৰ বর্তমান বজাৰ মূল্য হৈছে প্রতি কুইণ্টলত ২২০০ টকা।
জ) তেল নিষ্কাষণ কার্যঃ শুকান পাচাউলিৰ পাতৰ পৰা তেল নিষ্কাষণ কৰিবৰ বাবে বিশেষ ধৰণৰ পাতন যন্ত্রৰ দৰকাৰ। এনেধৰণৰ পাতন যন্ত্রত প্রায় ১৮ ঘণ্টাৰ পাতন ক্রিয়াৰ পাছত পাচাউলি পাতৰ পৰা সম্পূর্ণভাবে তেল নিষ্কাষিত হয় আৰু এই তেল এলুমিনিয়ামৰ বিশেষ পাত্ৰত সংগ্রহ কৰি জমা কৰি ৰাখিব পৰা যায়। এক কুইণ্টল, শুকান পাতৰ পৰা গড়ে চাৰি কিলোগ্রাম তেল নিষ্কাষণ কৰিব পাৰি। এই তেলৰ বর্তমান বজাৰ মূল্য হৈছে প্রতি কিলোগ্রামত ৮০০ টকা। অন্যহাতে প্রতি কুইন্টল পাতৰ পৰা তেল নিষ্কাষণ কৰোঁতে খৰছ হয় ৪০০ টকা। যিহেতু পাচাউলিৰ তেলৰ চাহিদা বর্তমান আন্তর্জাতিক বজাৰত উৰ্দ্ধমুখী গতিকে অদূৰ ভৱিষ্যতে এই তেলৰ মূল্য বৃদ্ধিৰ আশা অমূলক নহয়।

বর্তমান সময়ত সমগ্ৰ উত্তৰ-পূর্বাঞ্চলতে পাচাউলি পাতৰ তথা তেলৰ বজাৰ আৰু মূল্য ইত্যাদি ক্ষেত্ৰত আগভাগ লোৱা চৰকাৰী প্রতিষ্ঠান হৈছে North Eastern Development Finance Corporation বা চমুকৈ NEDFi। এই খেতিৰ বাবে NEDFi য়ে প্রয়োজনীয় ঋণ অথবা কাৰিকৰী জ্ঞান কৃষকলৈ আগবঢ়াই আহিছে। আগ্রহী কৃষকে পাচাউলি খেতিৰ বাবে ঋণ আৰু বজাৰ সুবিধাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে ঠিকনা- North Eastern Development Finance Corporation জনতা ভৱনৰ ওচৰত (চাহ নিলাম কেন্দ্ৰৰ সমুখত), দিছপুৰ, গুৱাহাটী, অসম। উদ্যোগী কৃষক ৰাইজে এই খেতি কৰিবলৈ প্রয়োজনীয় পুলিৰ বাবে কৃষি বিজ্ঞান কেন্দ্র, খুমটাই, গোলাঘাট - ৭৮৫৬১৯ ৰ লগত যোগাযোগ কৰিব পাৰে।
লেখক- ড০ মনোৰঞ্জন নেওগ
ড০ অভিজিৎ শর্মা সহ কৃষি বিজ্ঞান কেন্দ্র দল, গোলাঘাট
লগতে পঢ়ক-
Watermelon Farming- কৃষকসকল তৰমুজৰ খেতিৰ বতৰ আহি আছে
Share your comments