 
            ‘তিনিশ ষাঠিজোপা ৰুবা কল
মাহেকে পষেকে চিকুণাবা তল
পাত-পচলা লাভত পাবা
লংকাৰ বণিজ ঘৰতে পাবা’
তাহানিতে ডাকে উল্লেখ কৰি যোৱা এই প্ৰবচনফাকি আজিৰ এই একবিংশ শতিকাতো সমানে প্ৰযোজ্য।উন্নত পদ্ধতিৰে কল খেতি কৰিবলৈ হ’লে জাত নিৰ্বাচনৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। ব্যৱসায়িক ভিত্তিত কৰিবলৈ হ’লে আমাৰ কৃষকে মালভোগ, জাহাজী, অমৃতসাগৰ আজি জাত নিৰ্বাচন কৰা উচিত।
ইয়াৰ বাবে কলৰ নিৰ্দিষ্ট জাতৰ ২-৩ মহীয়া পুলি (১.৫-২০ কিলোগ্ৰাম ওজনৰ) উঠাই আনি ভালদৰে প্ৰস্তুত কৰা ওখ পানী জমা নোহোৱা মাটিত ফাগুন-চ’তৰ পৰা আহাৰ মাহ পৰ্যন্ত শাৰী আৰু গছৰ মাজত ৭ ফুট*৭ ফুট ব্যৱধান ৰাখি ৰোপণ কৰিব লাগে। পুলি ৰোৱাৰ এমাহৰ আগেয়ে ৪৫ চেণ্টিমিটাৰ দীঘল, ৪৫ চেণ্টিমিটাৰ বহল আৰু ৪৫ চেণ্টিমিটাৰ গভীৰতাৰ জোখত গাঁতবোৰ খান্দিব লাগে। প্ৰতিটো গাঁতত পুলি ৰোৱাৰ সময়ত ১০ কিলোগ্ৰাম শুকান গোবৰ আৰু শুকান মাটিৰ দ্বাৰা পুৰ কৰি ল’ব লাগে।
এজোপা কলগছৰ বাবে ২৪০ গ্ৰাম ইউৰিয়া সাৰ, ২১০ গ্ৰাম ছুপাৰ ফছফেট আৰু ৫৫০ গ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰৰ প্ৰয়োজন। এই সাৰখিনি এবাৰতে নিদি পুলি ৰোৱাৰ ৩ মাহ পাছত ১২০ গ্ৰাম ইউৰিয়া আৰু ২৭৫ গ্ৰাম পটাচ সাৰৰ সৈতে সমুদায় ছুপাৰ ফছফেট সাৰখিনি পুলিটোৰ এফুট আঁতৰত ১৫ চেণ্টিমিটাৰ বহল আৰু ১৫ চেণ্টিমিটাৰ দ’ ঘুৰণীয়া নলআত প্ৰয়োগ কৰি নলাটো মাটিৰে ভালদৰে ঢাকি দিব লাগে।বাকী থকা ১২০ গ্ৰাম ইউৰিয়া আৰু ২৭৫ গ্ৰাম পটাছ সাৰ পুলি ৰোৱাৰ ৯ মাহৰ পাছত প্ৰয়োগ কৰিব লাগে।
কল খেতিডৰা পৰিষ্কাৰকৈ ৰখা উচিত। আন এটা মন দিবলগীয়া কথা হ’ল যে কলৰ ডিল নোলোৱালৈকে মাতৃ গছত এটাও পুলি ৰাখিব নালাগে। এনে কৰিলে কলগছজোপাত বেমাৰ-আজাৰ কম হোৱাৰ লগতে কলৰ থোকবোৰো ডাঙৰ হয়।
শস্য কৃমিৰ আক্ৰমৰ পৰা কল খেতিডৰা বচাবলৈ পুলিও ৰোৱাৰ সময়ত প্ৰতিটো পুলিৰ বাবে ৪০ গ্ৰামকৈ ফুৰাডন ঔষধ বোকাৰ সৈতে মিহলাই প্ৰয়োগ কৰিব লাগে।গ-গছত ঘুণে ধৰা পোক নিবাৰণ কৰিবলৈ ১.৫ মিলিলিটাৰ মালাথিয়ন ৫০ ইচি দৰব প্ৰতিলিটাৰ পানীত মিহলাই গছ আৰু পাতত স্প্ৰে কৰিলে সুফল পোৱা যায়।কলৰ বাকলি খোৱা এবিধ বিশেষ পোকে কলৰ বজাৰ মুল্য যথেষ্ট হ্ৰাস কৰে।এই পোকবিধ নিবাৰণ কৰিবলৈ ইকালাক্স নাইবা মালাথিয়ন ৫০ ইচি দৰব ১.৫ মিলিলিটাৰ প্ৰতিলিটাৰ পানীত মিহলাই কলৰ ডিল মেলাৰ লগে লগে গছৰ পাতত এবাৰ আৰু কলৰ আখি ওলোৱাৰ সময়ত আৰু এবাৰ স্প্ৰে কৰিব লাগে।
পানাম নামৰ কলৰ মহামাৰীসদৃশ বেমাৰবিধ নিয়ন্ত্ৰণ কৰিবলৈ আক্ৰান্ত গছবোৰ মুঢ়ালৈকে উভালি আনি আঁতৰত পুতি পেলোৱাৰ লগতে মাটিৰ উপৰিভাগ ,আন কলৰ গা-গছ,পাত আদিত ১ শতাংশ বৰডো মিশ্ৰণ নাইবা বেভিষ্টিন নামৰ দৰব ১ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই ভালদৰে তিতি যোৱাকৈ প্ৰয়োগ কৰিব লাগে।বাঞ্চিটপ নামৰ বেমাৰবিধ নিবাৰণ কৰিবলৈ আক্ৰান্ত গছবোৰ কাটি পেলাব লাগে আৰু কল খেতিডৰাত ৰগৰ নামৰ দৰব ২ মিলিলিটাৰ প্ৰতিলিটাৰ পানীত মিহলাই প্ৰয়োগ কৰিব লাগে।একেডৰা মাটিত তিনিবাৰ ফচল চপোৱাৰ পাছত ঠাইডোখৰ সলোৱা উচিত।
লেখক: তৰুণ হাজৰিকা (সংগৃহীত)
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments