1. উদ্য়ানশস্য়

মার্চ-এপ্রিল হালধি খেতি ৰোপনৰ উপযুক্ত সময়!

KJ Staff
KJ Staff
মার্চ-এপ্রিল  হালধি খেতি ৰোপনৰ  উপযুক্ত সময়
মার্চ-এপ্রিল হালধি খেতি ৰোপনৰ উপযুক্ত সময়

অসমত সহজে কৰিব পৰা মছলাজাতীয় শস্য বিলাকৰ ভিতৰত হালধি এক উত্তম মছলা জাতীয় শস্য। মছলা হিচাবে ব্যৱহাৰ কৰাৰ উপৰিও ঔষধ আৰু সৌন্দৰ্য্যবর্ধক সামগ্রী হিচাবে হালধি ব্যৱহাৰ কৰা হয়। পৌষ্টিক গুণাগুণ বিশ্লেষণৰ পৰা দেখা গৈছে যে ১০০ গ্রাম হালধিৰ গুৰিত প্রায় শ্বেতসাৰ ৭০%, স্নেহ পদার্থ ৫% , প্রটিন ৬% আৰু কাৰকুমিন ২.৫-৩.৫% থাকে।

মাটি নির্বাচন

ওখ, সহজে পানী ওলাই যাব পৰা, বালিচহীয়া মাটি হালধি খেতিৰ বাবে উপযোগী। মাটিত যথেষ্ট পৰিমাণে জৈৱিক সাৰ থকাটো বাঞ্চনীয়। 

জাত নির্বাচন 

হালধিৰ উন্নত জাতৰ ক্ষেত্ৰত অধিক উৎপাদনৰ লগতে কাৰকুমিন নামৰ হালধীয়া ৰঙৰ পদার্থবিধৰ পৰিমানো উচ্চ হোৱা প্ৰয়োজন। অধিক উৎপাদনক্ষম জাতসমূহ হলঃ লাকাডঙ, টল ক্লন, সুবর্ণ, সুগুণা, সুদর্শনা, আই আই আৰ প্রভা, আই আই আৰ প্রতিভা আদি।

বীজ শোধন আৰু বীজৰ পৰিমাণ

মাটিৰ তলত হোৱা মঙহাল আলু অথাৎ ৰাইজমৰ দ্বাৰাই সাধাৰণতে হালধিৰ বংশ বিস্তাৰ কৰা হয়। বীজ হিচাবে ব্যৱহাৰ হোৱা হালধি সদায়েই সবল আৰু নিৰোগী হোৱা উচিত । ৰুবৰ বাবে গোটা বা দীঘে দীঘে ফালি লোৱা ৫০-৬০ গ্রাম ওজনৰ হালধিৰ টুকুৰা ব্যৱহাৰ কৰা হয়। ৰোৱাৰ আগেয়ে হালধিৰ চুকুৰাবোৰ ৩ গ্রাম ইন্দ’ফিল -এম-৪৫ দৰব এক লিটাৰ পানীত মিহলাই তৈয়াৰ কৰা মিশ্ৰণত আধা ঘন্টা সময় ডুবাই ৰাখি শোধন কৰিব  কৰিব লাগে। পিছত হালধিৰ টুকুৰাবোৰ ছাঁত শুকুৱাই মাটিৰ ভেটিত ৰোপন কৰিব লাগে।

এবিঘা মাটিত ৰুবৰ বাবে ৩ কুইন্টল মাতৃ হালধিৰ প্ৰয়োজন হয়। 

হালধি ৰোপন

হালধি খেতিৰ মাটিডোখৰ দকৈ হাল বাই ভালদৰে চাহ কৰি মৈয়াই সমান কৰি ল'ব লাগে। ৰুবৰ বাবে ৩ ফুট বহল, ১৫ ছেঃ মিঃ ওখ আৰু ইচ্ছানুযায়ী দীঘল কৰি ভেটী বনাব লাগে। প্ৰতিটো ভেটীত ১/, ফুট আঁতৰত একোটা খল কৰি হালধিৰ টুকুৰাবোৰ এই খলবোৰত ২৫ ছেঃ মিঃ ব্যৱধানত ৰোপণ কৰিব লাগে। ৰোৱাৰ পাছত পাতলীয়াকৈ মাটি জাপি লগতে পচা জাবৰ, শুকান পাত আদি জাপি দিব লাগে।

ৰোৱাৰ সময়ঃ মার্চ-এপ্রিল।

সাৰ প্ৰয়োগঃ

প্রতি বিঘা হালধিৰ বাবে সাৰ প্ৰয়োগৰ মাত্রা এনে ধৰণৰঃ

  • পচন সাৰ মাটি প্রস্তুত কৰোতে ৩ টন প্রয়োগ কৰিব লাগে।

  • ইউৰীয়া মাটি প্রস্তুত কৰোতে ৪ কিলোগ্ৰাম আৰু ৰোৱাৰ ১২০ দিনৰ পাচত ৪ কিলোগ্ৰাম প্রয়োগ কৰিব লাগে।

  • একক চুপাৰ ফছফেট মাটি প্রস্তুত কৰোতে‍ ৪২ কিলোগ্ৰাম প্রয়োগ কৰিব লাগে।

  • মিউৰেট অৱ পটাছ মাটি প্রস্তুত কৰোতে‍ ৭ কিলোগ্ৰাম আৰু ৰোৱাৰ ১২০ দিনৰ পাচত ৭ কিলোগ্ৰাম প্রয়োগ কৰিব লাগে।

পৰিচৰ্য্যা

হালধি ৰোৱাৰ ৪০ দিন আৰু ৯০ দিনত দুবাৰ বন-বাত নিয়ন্ত্রণ কৰিব লাগে। বন-বাত কাটোতে হালধি গছৰ গুৰিত মাটি চপাই দিব লাগে। শুকান পাত, নিৰনি কৰা বন-বাত গছৰ গুৰিত দি বন গজাত বাধা দিয়াৰ উপৰিও মাটিৰ উপৰিভাগত পানী বাষ্পীভৱনত বাধা দিৱ পাৰি৷ খৰালি মাহ কেইটাত এনে আৱৰণে মাটিত জীপ ৰখাত সহায় কৰে।

হালধি চপোৱা

হালধি ৰোৱাৰ পৰা ৮-৯ মাহৰ পাছত যেতিয়া পাতবোৰ হালধীয়া পৰি শুকাই যাবলৈ ধৰিব তেতিয়া হালধি খান্দি চপাব লাগে। কোৰেৰে সাৱধানে চপৰা হিচাবত হালধিবোৰ উঠাই মাটিবোৰ হাতেৰে আঁতৰোৱা হয়। হালধিৰ গাৰ পৰা শিপা, মাটি বা গোবৰৰ টুকুৰা, শুকান পাত আদি আঁতৰাই ঠেঙুলিবোৰ এৰুৱাব লাগে আৰু পথাৰতে দুদিনমান ৰাখি পিছত চপাই আনিব লাগে।

উৎপাদন

হালধিৰ উৎপাদন জাত বিশেষে ২.৫ টনৰ পৰা ৩ টন বিঘাই প্রতি পোৱা যায়।

লগতে পঢ়কঃ সূৰ্যমুখী ফুলৰ খেতিঃ কৃষকসকলৰ বাবে এক লাভজনক কৃষি ব্যৱসায়!

English Summary: About Turmeric Farming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.