
কোভিড-19-ৰ এই দ্বিতীয় ঢৌট আমি সকলো অধিক সজাগ হোৱাৰ প্রয়োজন আহি আহিছে। দুৰ্ভাগ্যবশতঃ বহুতো চিকিৎসালয়ত অক্সিজেন যোগানৰ অভাৱৰ বাবে আৰু লগতে অত্যাৱশ্যকীয় ঔষধৰ অভাৱৰ বাবে মৃত্যুৰ সংখ্যা ক্রমাৎ বৃদ্ধি পাইছে। এইক্ষেত্রত আমি নিজে নিজৰ সুৰক্ষাৰ কথা চিন্তা কৰিব লাগিব। আমি আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ কিছুমান খাদ্য আমাৰ দৈনন্দিন আহাৰত যোগ দিব পাৰো। ইয়াৰোপৰি শ্বাস-প্ৰশ্বাসৰ সমস্যা নহবলৈ দেহত প্রয়োজনীয় অক্সিজেনৰ মাত্রা নিয়ন্ত্ৰণত ৰখাটো আমাৰ বাবে সমানে গুৰুত্বপূৰ্ণ।
সেয়েহে, আজি আমি ১০ বিধ অতি বেচি অক্সিজেনযুক্ত খাদ্যৰ বিষয়ে ক'ম, যিবোৰ আপুনি এই ক'ৰণা সংকট কালত খোৱাটো মংগলদায়ক।
আৰু পঢ়ক- মহেন্দ্ৰ সিং ধোনিৰ ষ্ট্ৰবেৰী বিক্ৰীৰে ৩০ লাখ উপাৰ্জন (MS dhoni earns 30 lacs by selling strawberry from his farmhouse)
১) পালেং শাকঃ পৃথিৱীৰ আটাইতকৈ স্বাস্থ্যকৰ খাদ্য হ’ল পালেং শাক। এই শাকত যথেষ্ট পৰিমাণে আইৰন আছে সেয়ে ই মানৱ দেহত প্ৰচুৰ পৰিমাণে অক্সিজেন যোগান ধৰিবলৈ সক্ষম হয়।
২) স্কোৱাছঃ ইয়াত যথেষ্ট পৰিমাণে ভিটামিন, মিনাৰেল আৰু এন্টী-অক্সিডেণ্ট পোৱা যায় যাৰ ফলত ই দেহৰ কোষ সমূহত প্ৰচুৰ পৰিমাণে অক্সিজেন যোগান ধৰিবলৈ সক্ষম হয়।
৩) তৰমুজঃ যথেষ্ট পৰিমাণৰ পানী আৰু লাইকোপেন নামৰ এন্টী-অক্সিডেণ্ট ৰে ভৰপূৰ হোৱা বাবে এই তৰমুজ খালে দেহৰ কোষবোৰে পৰ্যাপ্ত পৰিমানে অক্সিজেন লাভ কৰিবলৈ সক্ষম হয়।
৪) মিঠা আলুঃ পৰ্যাপ্ত পৰিমাণৰ মেগনেছিয়াম, পতাচিয়াম আৰু এন্টী-অক্সিডেণ্ট থকা হেতুকে দেহৰ কোষক যথেষ্ট অক্সিজেন যোগান ধৰিব।
৫) মাংসঃ প্ৰটিন আৰু আইৰনৰ ভঁৰাল হৈছে মাংস। আৰু আইৰন হৈছে দেহৰ কোষলৈ অক্সিজেন কঢ়িয়াই নিয়া ঘাই উপাদান।
আৰু পঢ়ক- আপোনাৰ জ্বৰ চৰ্দি হৈ আছে নেকি? কিদৰে চিনাক্ত কৰিব সাধাৰণ জ্বৰ চৰ্দি নে Covid -19 (Corona Virus Symptoms)
৬) আনৰসঃ ভিটামিন C আৰু এন্টী-অক্সিডেণ্ট ৰ ভঁৰাল হৈছে আনৰস। এই ভিটামিন C আৰু এন্টী-অক্সিডেণ্ট এ দেহৰ কোষত জমা হোৱা বিশাক্ত ফ্ৰি ৰেদিকেল সমূহ নিষ্কাষণ কৰি কোষ সমূহলৈ অক্সিজেন প্ৰবাহৰ গতি দৃঢ় কৰিব পাৰে।
৬) মাছঃ প্ৰটিন আৰু আইৰনৰ ভঁৰাল এই জলচৰ প্ৰাণী মাছ। ফলতে মাছ খালে দেহৰ কোষ সমূহে যথেষ্ট পৰিমানৰ অক্সিজেন লাভ কৰে।
৭) নেমুঃ এস্কৰবিক এচিড অৰ্থত ভিটামিন C আৰু ঋণাত্মক আইনৰে ভৰপূৰ এই নেমু খালে কোষ সমূহত অক্সিজেনৰ মাত্ৰা বৃদ্ধি হয়। দিনটোৰ ভিতৰতে এবাৰ এগিলাচ নেমু পানীয়ে দেহৰ কোষক ভৰপূৰ অক্সিজেন প্ৰদান কৰিব।
৮) বন্ধাকবি/ফুলকবিঃ মিনাৰেল, ভিটামিন আৰু এন্টী-অক্সিডেণ্ট সকলো বোৰ পৰিপোষক দ্ৰব্য উপলব্ধ। সেই বাবে এই খাদ্যভাগে দেহৰ কোষক অধিক মাত্ৰাত অক্সিজেন প্ৰদান কৰিব পাৰে।
৯) কলঃ প্ৰচুৰ মাত্ৰাত ভিটামিন, মিনাৰেল আৰু এন্টী-অক্সিডেণ্ট ভৰপুৰ এই কল পৃথিৱীৰ উত্তম ফল। এই ফল খালে দেহৰ কোষ সমূহে প্ৰচুৰ পৰিমাণে অক্সিজেন লাভ কৰে।
১০) খেজুৰঃ প্ৰতিদিনে তিনিটা কৈ খেজুৰ খালে দেহৰ কোষ সমূহে প্ৰচুৰ পৰিমাণে অক্সিজেন লাভ কৰিব। কিয়নো খেজুৰ ত প্ৰচুৰ পৰিমাণে লাইকোপেন , ভিটামিন D , খনিজ আৰু এন্টী-অক্সিডেণ্ট থাকে।।
আৰু পঢ়ক- আপুনি ভেকচিন গ্রহণ কৰিলে নে? কোনটো বেছি কার্য্যকৰী- কভাক্সিন নে কভিশ্বিল্ড? আহক তেন্তে জানি লওঁ
Share your comments