1. স্বাস্হ্য আৰু জীৱন

দেশত নিপা ভাইৰাছৰ(NIPAH VIRUS)আতংক

KJ Staff
KJ Staff
NIPAH VIRUS
NIPAH VIRUS

 কিছু বছৰৰ পূৰ্বে ইবলা নামৰ এটা বেমাৰে পৃথিৱীত আতংকৰ সৃষ্টি কৰিছিল।এই বেমাৰত হাজাৰ হাজাৰ মানুহৰ মৃত্যু হৈছিল।ইয়াৰ পাছত জিকা নামক ভাইৰাছৰ সংক্ৰমন হৈছিল যি ভাইৰাছৰ দ্বাৰা গৰ্ভৱতী মহিলা আৰু মহিলাৰ গৰ্ভত থকা সন্তান আক্ৰান্ত হৈছিল।বৰ্তমান ভাৰতত এনে আৰু এবিধ ভাইৰাছৰ আতংকই নিদ্ৰাহৰণ কৰিছে যাক নিপা বা NIV সংক্ৰমন বুলি অভিহিত কৰা হৈছে।এই বেমাৰ নতুন নহয়।

বৰ্তমান এই বেমাৰে সংক্ৰামক ৰূপ লৈ দূৰ দূৰলৈ বিয়পি পৰা খবৰ আহিছে।এই বেমাৰৰ সংক্ৰমনৰ তীব্ৰতাৰ বিপৰীতে এতিয়াও ইয়াৰ উপযুক্ত চিকিৎসা পদ্ধতি চিকিৎসা বিজ্ঞানী সকলে উদ্ভাৱন কৰিবলৈ সক্ষম হোৱা নাই তাৰ বিপৰীতে কেৱল কেৱল নিস্ক্ৰিয়হে কৰিব পৰা যায় বুলি কৈছে।কিন্তু এই পদ্ধতিটোৰ বাবেও যথেষ্ঠ সময়ৰ প্ৰয়োজন হয় আৰু প্ৰক্ৰিয়াটো যথেষ্ঠ খৰচীও হয়।

নিপা কেনেকৈ সংক্ৰমিত হয় -

কেৰেলাত নিপা ভাইৰাচৰ সংক্ৰমন ঘটি বহুলোক ইতিমধ্যে মৃত্যু হৈছে আৰু বহুলোকৰ দেহলৈ এই ভাইৰাছ প্ৰৱেশ কৰিছে।কেৰেলাৰ ঘটনাৰ পিছতেই সমগ্ৰ দেশতেই এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে।কোৱা হৈছে যে এই ভাইৰাছৰ কোনো ধৰণৰ এন্টিবায়টিক নাই।এই সংক্ৰমন পশু-পক্ষীৰ জৰিয়তে দ্ৰুতগতিত বিয়পে আৰু ই প্ৰাণ ঘাটি হয়।

এই ভাইৰাছ সাধাৰণতে ফলখোৱা বাদুলিৰ পৰা বিয়পে।পশু-পক্ষীৰ সংস্পৰ্শলৈ অাহিলেও এই ভাইৰাছ মানুহৰ দেহলৈ অহাৰ সম্ভাৱনা থাকে।গাহৰিৰ পৰাও এই ভাইৰাছ সংক্ৰমন হব পাৰে।মানুহৰ দেহলৈ এই ভাইৰাছৰ সংক্ৰমন ঘটিলে প্ৰচণ্ড মূৰৰ বিষ,জ্বৰ,বমি আৰু অদ্ভুত ধৰণৰ আচৰণ,সংজ্ঞাহীন হৈ পৰা আদি লক্ষণে দেখা দিয়ে।

বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে এই ভাইৰাছৰ সংক্ৰমন ঘটা ৭০ শতাংশ মানুহৰে মৃত্যু হয়।বৰ্তমান সময় পৰিৱৰ্তনৰ লগে লগে এনেকুৱা কিছুমান বেমাৰৰ উদ্ভৱ হৈছে যি অাধুনিক চিকিৎসা বিজ্ঞানৰ সন্মুখত এক প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে।জন্তুৰ পৰা মানুহৰ দেহলৈ বিয়পা নিপা ভাইৰাছো এনে ধৰণৰ এক প্ৰত্যাহ্বান।

 নিপা ভাইৰাছ কি?এই ভাইৰাছ প্ৰথম ক'ত কেনেকৈ আবিস্কাৰ হৈছিল?

নিপা ভাইৰাছ নতুনকৈ আবিস্কাৰ হোৱা এক ভাইৰাছ।সাম্প্ৰতিক সময়ত ই মহামাৰী হৈ বিয়পি পৰিছে।নিপা ভাইৰাছত আক্ৰান্ত জন্তুৰ পৰা মানুহৰ দেহত ভয়ংকৰ সংক্ৰমনৰ সৃষ্টি হয়।এই ভাইৰাছৰ কাৰণে মানুহৰ এনছেফেলাইটিছ হয়।গতিকে ইয়াক নিপা এনছেফেলাইটিছ বুলি কোৱা হয়।নিপা ভাইৰাছৰ সংক্ৰমন বাদুলিৰ জৰীয়তে বিয়পে।খেজুৰৰ খেতি কৰা মানুহৰ গাত এই ভাইৰাছ প্ৰৱেশ কৰাৰ আশংকা অতি বেছি হয়।নিপা ভাইৰাছৰ সংক্ৰমন আচলতে মে আৰু ডিছেম্বৰ মাহত বেছিকৈ হয়।পোন প্ৰথমে এই ভাইৰাছ ১৯৯৮ চনত মালয়েচিয়াৰ কমপুং চোংগই নিপা নামৰ ঠাইত আবিস্কাৰ হয়।পিছত এই ঠাইৰ নামেৰে এই ভাইৰাছৰ নাম নিপা ৰখা হয়।সেই সময়ত এই ভাইৰাছৰ বাহক গাহৰি আছিল।২০০১ চনত এই ভাইৰাছৰ সংক্ৰমন বাংলাদেশত পোৱা গৈছিল।ভাৰতত প্ৰথম বাৰ ২০০১ত পশ্চিমবংগৰ শিলিগুৰিত পোৱা গৈছিল।২০০৭ চনত দ্বিতীয় বাৰৰ বাবে পশ্চিমবংগৰেই নদীয়া জিলাত দেখিবলৈ পোৱা গৈছিল।যেতিয়া এই ভাইৰাছৰ আক্ৰমণত ভাৰতত ৫০ জন ব্যক্তিৰ মৃত্যু হৈছিল তেতিয়াহে এই ভাইৰাছৰ বিষয়ে চৰ্চিত হৈছিল।উল্লেখযোগ্য এই যে এই দুখন জিলাই বাংলাদেশৰ সীমামূৰীয়া হয়।WHO ৰ ভাষ্য অনুসৰি এই ভাইৰাছৰ প্ৰতিকাৰ যদি সময় থাকোতেই উদ্ভৱ কৰিব নোৱাৰে তেন্তে ই মহামাৰী ৰূপলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। 
ভাৰতত প্ৰথম এই ভাইৰাছ পশ্চিমবংগতেই সীমিত আছিল।কিন্তু বৰ্তমান কেৰেলাত হোৱা সংক্ৰমণৰ খবৰৰ পাছতেই সমগ্ৰ ভাৰত বৰ্ষৰ বাবেই ই ভাবুকি স্বৰূপ হৈ পৰিছে।

 নিপা ভাইৰাছ কেনেকৈ বিয়পে -

সাধাৰণতে এই ভাইৰাছ জন্তুৰ পৰা মানুহলৈ বিয়পে।WHO ৰ মতে এই ভাইৰাছ প্ৰাকৃতিকভাৱে তেৰপডিদাই ফেমেলিৰ তেৰপইজিনাছ নামক এক বিশেষ প্ৰকাৰৰ বাদুলিৰ গাত পোৱা যায়।এই বাদুলি সাধাৰণতে ফল খাই জীয়াই থাকে।২০০১ বাংলাদেশত আৰু ২০০৪ বৰ্ষত ভাৰতত যেতিয়া মানুহৰ গাত ইয়াৰ সংক্ৰমন ধৰা পৰিছিল তেতিয়া পৰীক্ষা নিৰীক্ষা কৰি পোৱা গৈছিল যে খেজুৰ খোৱাৰ ফলতেই এই ভাইৰাছ মানুহৰ দেহলৈ প্ৰৱেশ ঘটে।

অৰ্থাৎ জন্তুৰ পৰা ফলত আৰু ফলৰ জৰিয়তে মানুহলৈ সংক্ৰমিত হয়।কেৱল বাদুলিৰ পৰাই যে এই ভাইৰাছৰ সংক্ৰমন হয় তেনে নহয়।গাহৰি,কুকুৰ,ঘোঁৰা,মেকুৰী আদি জন্তুও এই ভাইৰাছৰ বাহক হব পাৰে।WHO ৰ এক অধ্যয়নত পোৱা গৈছে যে গাহৰিৰ পৰাই এই ভাইৰাছ বেছিকৈ সংক্ৰমন হয়।গাহৰিৰ হাঁচিৰ পৰা এই ভাইৰাছ মানুহৰ গালৈ দ্ৰুতভাৱে প্ৰৱেশ কৰে। ১৯৯৮-৯৯ত মালয়েচিয়াত হোৱা সংক্ৰমনত ৯০ জন পিড়িতৰ কোনোবা নহয় কোনোবা জন গাহৰি পালক অথবা গাহৰিৰ সংস্পৰ্শলৈ অহা মানুহ।

এই ভাইৰাছ এজন ব্যক্তিৰ পৰা অন্য এজন ব্যক্তিলৈ অতি সহজেই সংক্ৰমন ঘটিব পাৰে।বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ২০০১ত শিলিগুৰিত হোৱা সংক্ৰমনত পিড়িতৰ সংস্পৰ্ষলৈ যোৱা ৩৩ জন স্বাস্থ্যকৰ্মী এই ভাইৰাছৰ আক্ৰমণৰ চিকাৰ হৈছিল।

নিপা ভাইৰাছৰ লক্ষণ আৰু ইয়াৰ সংক্ৰমনৰ পৰা কেনেকৈ ৰক্ষা পাব -

এই ভাইৰাছত আক্ৰান্ত হোৱাৰ লগে লগে ই চৰ্দি-জ্বৰ,উশাহ-নিশাহত কষ্ট, মগজুত জ্বলন অনুভৱ হয়।

ইয়াৰোপৰি মস্তিষ্ক ফুলি উঠা,তীব্ৰ জ্বৰ,মূৰৰ বিষ আৰু নিদ্ৰা হীনতাও দেখা দিয়ে।ইয়াৰ উপৰিও এই ভাইৰাছত প্ৰভাৱিত লোক বিচলিত আৰু মানসিকভাৱে আক্ৰান্ত হয়।নিপা ভাইৰাছত আক্ৰান্ত ৰোগী ২৪ৰ পৰা ৪৮ ঘন্টাৰ ভিতৰত ক’মা বা সজ্ঞাহীন হৈ যাব পাৰে।

এজন ব্যক্তিৰ গাত এই ভাইৰাছ প্ৰৱেশ কৰাৰ ৪ ঘন্টাৰ পৰা ২৮ ঘন্টাৰ ভিতৰত উপৰোক্ত লক্ষণসমূহ দেখা দিবলৈ ধৰে।

নিপাৰ পৰা ৰক্ষা পাবলৈ সংক্ৰমিত এলেকাৰ কিছুমান ফল বিশেষকৈ খেজুৰ খাব নালাগে।পক্ষীয়ে আধাখোৱা ফল বা তলসৰা ফল খাব নালাগে।বেমাৰত ভোগা গাহৰি, বাদুলি আদি জন্তুৰ পৰা নিলগত থাকিব লাগে।যিহেতু এই ভাইৰাছ এজন ব্যক্তিৰ পৰা অন্য এজনলৈ বিয়পিব পাৰে গতিকে এনে বেমাৰত ভোগা ব্যক্তিৰ পৰাও সাৱধানে থাকিব লাগে।

এক আহ্বানঃ

পবিত্ৰ ৰমজান মাহ হোৱা হেতুকেই ইছলাম ধৰ্মৱালম্বীসকলে ইফটাৰৰ সময়ত প্ৰচুৰ পৰিমাণে খেজুৰ গ্ৰহণ কৰে! বজাৰৰ ফুটপাটত পোৱা খেজুৰ বৰ্জন কৰক....ই বেমাৰৰ কাৰক হ'ব পাৰে!
নতুন সংযোজনঃ

CCRH নামৰ চৰকাৰী হোমিঅ'পেথিক সংস্থাটোৱে নিপা ভাইৰাছৰ প্ৰতিষেধক হিচাপে বহুকেইটা ঔষধ যেনে জেলচেমিয়াম,বেলাডনা,ৰাছটক্স,ফচফৰাছ,আৰ্চেনিক এলবাম,ব্ৰায়'নিয়া আদিৰ নাম ইতিমধ্যে প্ৰকাশ কৰিছে আৰু কেৰালাৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি আছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

                                                                                                                      লেখক: ডাঃ হৰিকান্ত দাস

English Summary: The fright of NIPAH VIRUS

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.