1. স্বাস্হ্য আৰু জীৱন

ওজন হ্ৰাসৰ সহজ পদ্ধতি অাৰু ইয়াৰ পৰা হ'ব পৰা সমস্যা

KJ Staff
KJ Staff
Weight Loss
Weight Loss

 মেদবহুলতা । বৰ্তমান সময়ত বহুতৰে বাবে এক ডাঙৰ সমস্যা হৈ পৰিছে মেদবহুলতা বা ওজন বৃদ্ধি হোৱা । অাপুনি লিফ্টত উঠিছে অাপোনাৰ পিনে অস্বস্তিৰে চাই দুজন মানুহ অাঁতৰি দিছে , বাছৰ দুজনীয়া চিটটোত অাপুনি অাহি বহাৰ লগে লগেই কাষৰ জন উচপিচাই উঠিছে ,দোকানত জোখৰ কাপোৰ বিচাৰি বিচাৰি অাপুনি হায়ৰান হৈ পৰিছে ! হয় এনেকুৱা অাৰু বহুতো সৰু-ডাঙৰ সমস্যাত ভোগা দেখা যায় শকত মানুহবোৰক । কাষেৰে লাহী , সুস্বাস্থ্যৰ মানুহ এজন পাৰ হৈ গ'লে দুগুণ হৈ পৰে অামাৰ এই সমস্যাবোৰে সৃষ্টি কৰা অামাৰ হতাশা । টেলিভিছন অন কৰিলেই পৰ্দাত দেখা পোৱা সেই অাশাব্যঞ্জক বিজ্ঞাপনবোৰ " ৩০ দিনত ৩০ কেজি (?) ওজন কমাওঁক । " অাগতে মই এনেকুৱা অাছিলো অাৰু এই প্ৰডাক্ট ব্যৱহাৰ কৰাৰ পাচত এতিয়া মই এনেকুৱা " ইত্যাদি ইত্যাদি । প্ৰায়ে অামাক অাকৰ্ষিত কৰে এই মন ভুলোৱা বিজ্ঞাপনবোৰে । কিন্তু কেতিয়াবা অামি ভাবি চাইছো নে , অাপোনাক মোক প্ৰলোভিত কৰা এই বিজ্ঞাপনবোৰ কিমানদূৰ ফলপ্ৰসু । বা এই বিজ্ঞাপনবোৰে প্ৰচাৰ কৰা সামগ্ৰীসমূহ অামাৰ কাৰণে কিমান সুৰক্ষিত । সৌন্দৰ্য্য প্ৰতিযোগিতাৰ দৌৰত সততে অতি সহজ উপায় বুলি অৱলম্বণ কৰা এই উপায় সমূহৰ পৰা হ'ব পৰা সমস্যা সমূহৰ বিষয় অাজি অলপ অালোচনা কৰিব বিচাৰিছো । অালোচনা কৰাৰ অাগতে অাহক জানি লওঁ কি কি কাৰণত মেদবহুলতাৰ সৃষ্টি হ'ব পাৰে । তলত কিছু সাধাৰণ কাৰণ উল্লেখ কৰিছো - 
১) থাইৰয়ডৰ ( thyroid ) সমস্যা : হাইপ'থাইৰয়ডিজিম বা থাইৰয়ড হ'ৰমনৰ পৰিমাণ কমি যোৱা যাৰ ফলত প্ৰায়ে ওজন বৃদ্ধি হয় । বিশেষকৈ প্ৰৌঢ় ব্যাক্তি অাৰু মহিলাসকলৰ ক্ষেত্ৰত এই সম্ভৱনা অধিক ।
২) মধুমেহৰ ( diabetes ) চিকিৎসা : মধুমেহ বা ডায়াবেটিছৰ চিকিৎসা হিচাবে ইনচুলিন ( insulin ) ব্যৱহাৰ কৰাসকলৰ ক্ষেত্ৰত ওজন বৃদ্ধি হোৱা দেখা যায় ।
৩) ষ্টেৰয়ড ( steroid )ৰ ব্যৱহাৰ : অাৰ্থাইটিছ ( arthritis ), হাফানী (asthma )অাদি বিভিন্ন ৰোগৰ চিকিৎসা হিচাবে ব্যৱহাৰ কৰা ষ্টেৰয়ডও ওজন বৃদ্ধিত যথেষ্ট কাম কৰে ।

৪) অৱসাদ অাৰু হতাশা ( stress ) : বহু লোকৰ ক্ষেত্ৰত মানসিক হতাশা ওজন হ্ৰাসৰ কাৰণ যদিও বহু ক্ষেত্ৰত ই মেদবহুলতাৰো কাৰণ হৈ পৰে । বিশেষকৈ সেইসকলৰ বাবে যিয়ে অতি বেছি খাদ্য গ্ৰহন হতাশা মুক্তিৰ বিকল্প হিচাবে লয় ।
৫) বয়স : বযসৰ লগে লগে কমি অহা শাৰিৰীক পৰিশ্ৰমৰ ফলত কেলৰি কমকৈ বাৰ্ন ( callori burn ) হয় । ই বয়সৰ লগত বৃদ্ধি হোৱা ওজনৰ অন্যতম কাৰণ ।
৬ ) বংশাণুক্ৰমিক কাৰক : মেদবহুলতা এক শক্তিশালী বংশাণুক্ৰমিক কাৰণ । 
৭) অতি বেছি খাদ্য অাৰু অতিমাত্ৰা জ্যাংক ( junk ) ফুড গ্ৰহন । 
৮) কিছুমান বিশেষ দৰৱৰ ব্যৱহাৰ ।
৯) হ'ৰমনৰ তাৰতম্য : মহিলা সকলৰ ক্ষেত্ৰত মাহেকীয়া বন্ধ হোৱাৰ পাছত বৃদ্ধি হোৱা ওজনৰ অন্যতম কাৰণ হ'ৰমনৰ তাৰতম্য । ইত্যাদি ।

কাৰণ সমূহ জনাৰ পাছত অামি ব্যৱহাৰ কৰা উপায় বা সামগ্ৰীসমূহৰ এই কাৰণ সমূহৰ ওপৰত প্ৰভাৱ অাছে নে নাই সেইটো জানি লোৱাতো যথেষ্ট দৰকাৰী । অন্যথা এই ধৰণৰ সামগ্ৰী সমূহে অামাৰ শৰীৰত বিভিন্ন ধৰণৰ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে । 
এনেকুৱা কেইটামান গুৰুত্বপূৰ্ণ সমস্যা যেনে -
১) গ'লব্লাডাৰ ষ্টোনৰ ( gall bladder stone ) সম্ভাৱনা : হঠাৎ ওজন হ্ৰাস হোৱা ১২ % ৰ পৰা ২৫ % মানুহৰ ক্ষেত্ৰত গ'লব্লাডাৰত পাথৰ হোৱাৰ সম্ভৱনাই দেখা দিয়ে ।
২) পুষ্টিহীনতা : সাধাৰনতে দীৰ্ঘসময়ৰ কাৰণে অপৰ্যাপ্ত পৰিমাণে খাদ্য গ্ৰহন অাৰু প্ৰটিনৰ অভাৱৰ ফলত পুষ্টিহীনতাই দেখা দিয়ে ।
৩) ডিহাইড্ৰেচন ।
৪) অায়নৰ অভাৱ : অায়নৰ অভাৱৰ ফলত জীৱনলৈ ভাবুকি পৰ্য্যন্ত অাহিব পাৰে ।
অান অান কিছুমান সাধাৰণ সমস্যা হ'ল -
৫) মূৰ কামোৰণি ।
৬) মূৰ ঘূৰণি ।
৭) সোনকালে ভাগৰ লগা ।
৮) চুলি সৰা ।
৯) মাংসপেশী শিথিল হোৱা ।
১০) অনিয়মিত মাহেকীয়া ।
১১) কোষ্ঠকাঠিন্য ( constipation ) । ইত্যাদি ।
শেষত কওঁ প্ৰকৃত সৌন্দৰ্য্য শাৰিৰীক নহয় মানসিকহে । শকত মানুহ এজনেও সুন্দৰ হ'ব পাৰে , প্ৰয়োজন এক সুন্দৰ ব্যাক্তিত্বৰ । ওজন হ্ৰাসৰ কাৰণে খৰতকীয়া অাৰু ক্ষতিকাৰক পদ্ধতি কিছুমান অৱলম্বন কৰাতকৈ অামি এক সুস্থিৰ খাদ্যপদ্ধতি অাৰু নিয়মীয়া কিছু শাৰিৰীক পৰিশ্ৰমৰ দ্বাৰা যথেষ্ট সুফল পাব পাৰো ।

 উৎস: নীত কাশ্যপ (ফিজিঅ'থেৰাপিষ্ট),অসমীয়াত কথা-বতৰা

English Summary: Easy tips to weight loss

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.