1. স্বাস্হ্য আৰু জীৱন

ব্ৰাহ্মী শাকৰ উপকাৰিতা (Some Impressive health benefits of brahmi leafs)

KJ Staff
KJ Staff
Brahmi Leafs
Brahmi Leafs

    ব্ৰাহ্মীশাকৰ বিষয়ে আমি সকলোৱে কম- বেছি পৰিমাণে জানো | আমাৰ দেশৰ প্ৰায় সকলোতে বিশেষকৈ আৰ্দ্ৰভুমিত উপলব্ধ ই এবিধ তৃণজাতীয় উদ্ভিদ | Scropularaceae পৰিয়ালৰ অন্তৰ্গত ইয়াৰ বৈজ্ঞানিক নাম Bacopa monnieri (Linn.) | আয়ুৰ্বেদ চিকিৎসা বিজ্ঞানৰ চৰক সংহিতাত আজিৰ পৰা কেইবা হেজাৰ বছৰ আগতেই মহৰ্ষি চৰকে ব্ৰাহ্মীক বলবৰ্ধক, ৰসায়ন আৰু প্ৰজাস্থাপক অৰ্থাৎ গৰ্ভৱতী মাতৃয়ে সেৱন কৰিলে গৰ্ভস্থ সন্তানৰ কাৰণে বিশেষ লাভজনক বুলি উল্ল্যেখ কৰিছে | ব্ৰাহ্মীত যথেষ্ট পৰিমাণৰ এছকৰ্বিক এচিড, নিক'টিনিক এচিড, বেক'চাইড এ, বেক'চাইড বি, ব্ৰাহ্মাইন, ছেপ'নিন, হাৰ্পেস্তাইন, এলেনাইন, বিটা-চিটোস্টেৰ'ল আদি আছে। এই উপাদানসমুহৰ ঔষধি মহত্বৰ কথা চিকিৎসা বিজ্ঞানৰ শেহতীয়া গৱেষণাসমুহত প্ৰমাণিত হৈছে | আজি আমি ব্ৰাহ্মীশাকৰ কেইটামান বিশেষ ঔষধি গুণৰ কথা ক'বলৈ ওলাইছো |

 সেইবোৰ এনেধৰনৰঃ-  

(১) ব্ৰাহ্মীশাক গৰুৰ খাতি ঘীৰ সৈতে ভাজি খালে শক্তি আৰু স্মৃতি দুয়োটা বৃদ্ধি পায় | 

(২) সতেজ ব্ৰাহ্মীশাকৰ ১০-২০ মিঃলিঃ ৰস আহাৰ খোৱাৰ পাছত প্ৰতিদিনে দুবাৰকৈ খালে স্নায়ুজনিত মানসিক চাপ (Neural Oxidative Stress) হ্ৰাস পায়

(৩) ব্ৰাহ্মীত থকা বেক'চাইড এ আৰু বি নামৰ উপাদান দুবিধে মৃগী (Epilepsy) ৰোগৰ উপশমত সহায় কৰে |

(৪) উন্মাদ বা Schizophrenia ৰোগৰ উপশমত ব্ৰাহ্মীঘৃতে সহায় কৰে।      

(৫) শাক হিচাপে গোঘৃতৰ লগত ভাজি প্ৰতিদিনে এবাৰকৈ ভাজি খাব পাৰি। তাৰোপৰি ১০-২০ মিঃলিঃ ৰস প্ৰতিদিনে দুবাৰকৈ খালে স্নায়ু উদ্জীৱিত হয়,স্মৃতিশক্তি আৰু মনোযোগ বৃদ্ধি পায়।নিয়মিত ব্ৰাহ্মী খালে মানসিক অৱষাদ-চাপ-উদ্দ্বেগ হ্ৰাস পায় |  

(৬) ব্ৰাহ্মীয়ে মস্তিস্কৰ পৰা ছেৰোটোনিন নিঃসৰণক প্ৰভাৱিত কৰি নিদ্ৰাহীনতা নাশ কৰে |              

(৭)ব্ৰাহ্মীয়ে মস্তিস্ক সুস্থ, সবল, সতেজ আৰু তৰুণ (Brain Anti-ageing) কৰি ৰাখে |     

(৮) ব্ৰাহ্মীয়ে মস্তিস্কৰ পৰা নিঃসৰিত ড'পামিনৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি পৰ্কিন্ছনিজম্ (Parkinsonism) নিয়ন্ত্ৰণত সহায় কৰে |    

(৯) আঘাতজনিত স্মৃতিভ্ৰংশ (Traumatic Dementia) বা বাৰ্ধক্যজনিত স্মৃতিভ্ৰংশ (Senile Dementia) ৰোগৰ উপশমত ব্ৰাহ্মীয়ে বিশেষ সহায় কৰে |                           

(১০) শেহতীয়া গৱেষণাত ব্ৰাহ্মীয়ে উচ্চ ৰক্তচাপ (High Blood Pressure) আৰু হৃদৰোগ নিয়ন্ত্ৰণত সহায় কৰে বুলি প্ৰমান পোৱা গৈছে                  

(১১) শেহতীয়া তথ্যানুসাৰি ব্ৰাহ্মীয়ে Loop Diuretics হিচাপে কাম কৰি হাত-ভৰি ফুলা বা শোথৰোগ (Oedema) হ্ৰাস কৰিব পাৰে |                         

(১২) শিশুৰ Attention Deficit Hyperactive Disorder (ADHD) আৰু Obscessive Compulsive Disorder (OCD) ত ও ব্ৰাহ্মীয়ে ধনাত্মক ফল দিয়া দেখা গৈছে।                  

(১৩) ১০ মিঃলিঃ ব্ৰাহ্মী তেল মুৰত লগাই প্ৰতিদিনে ১০ মিনিটকৈ এমাহলৈ মালিচ্ কৰিলে চুলি সৰা বন্ধ হয়, চুলি দীঘল আৰু ঘন হয় | এই পদ্ধতিত ব্ৰাহ্মীৰ উপাদান সমুহে Trans-dermal Drug Delivery System ৰজৰিয়তে কাম কৰে |   

ব্ৰাহ্মী ব্যৱহাৰৰ নিয়মঃ

ৰস খালে ১০-২০ মিঃলিঃ প্ৰতিদিনে দুবাৰ খাব। কেপ্চুল বা টেবলেত খালে দিনে দুটকৈ দুবাৰ খাব। শাক হিচাপে ভাজি খালে নিয়মীয়া পৰিমাণে খাব। শীঘ্ৰে সুফল পাবলৈ ব্ৰাহ্মীশাক সদায় ঘীৰ লগতহে ভাজি খাব লাগে | কিয়নো, ব্ৰাহ্মীত থকা উপাদানসমূহে ঘীৰ লগত সহজে Blood Brain Barrier (BBB) অতিক্ৰম কৰি মস্তিস্কত শীঘ্ৰে কাম আৰম্ভ কৰিব পাৰে। 

কেতিয়া খাব নালাগেঃ

খালি পেটত ব্ৰাহ্মীৰস খাব নালাগে | খালেও মৌ বা এৱা গাখীৰৰ লগতহে খাব লাগে | পেটৰ আল্চাৰ থাকিলে, থাইৰ'ইডৰ বেমাৰ থাকিলে, শ্বাসৰোগ থাকিলে বা ব্ৰাহ্মীৰ প্ৰতি বিশেষ এলাৰ্জী থাকিলে ব্ৰাহ্মী খাব নালাগে।

ব্ৰাহ্মীৰ আয়ুৰ্বেদিক ঔষধঃ 

ব্ৰাহ্মীৰ পৰা প্ৰস্তুত কৰা আয়ুৰ্বেদিক ঔষধ সমূহ হৈছে:- Mentat টেবলেত আৰু চিৰাপ, Brahmi চিৰাপ আৰু কেপচুল, ব্ৰাহ্মী ৰসায়ন, ব্ৰাহ্মী ৱতী, ব্ৰাহ্মী ঘৃত আদি |

উৎস - ফেসবুক পেজ

 

English Summary: Some Impressive health benefits of brahmi leafs

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.