পুষ্টিজনিত সংবেদনশীলতা(Nutrition Sensitive) বিষয়টো বিবেচনা কৰিলে বিভিন্ন কৃষি আৰু খাদ্য নিৰাপত্তা কাৰ্যক্ৰমৰ দ্বাৰা মাছ উৎপাদন আৰু মাছ খাদ্যৰূপে গ্ৰহণ কৰাৰ দৃষ্টিত অসম এক অগ্ৰণী ৰাজ্য। ৰাজ্যখনৰ সকলো ধৰণৰ জলৰাশিত মাছ সহজতে উপলব্ধ৷ গ্ৰাম্য অঞ্চলত থকা পুখুৰী, বিল, নদ-নদী, নালা, সকলো ধৰণৰ জল উৎসতে মাছ উৎপাদন হয়। মীন সম্পদ বিকাশক জনমুখী কৰিবলৈ আমাৰ ৰাজ্য চৰকাৰে অনেক আঁচনি হাতত লৈছে। ৰাজ্যখনত মাছৰ চাহিদা যথেষ্ট বেছি, কিয়নো প্রাণী খাদ্যৰ উৎস হিচাপে মাছ সহজতে কম মূল্যযুক্ত প্ৰাকৃতিক পুষ্টি আৰু সূক্ষ্ম পুষ্টিৰে ভৰপূৰ খাদ্য, যিয়ে নেকি আমাৰ অনেক আৱশ্যকতা পূৰণ কৰে।
সুস্বাদু আৰু সহজতে উপলব্ধ হোৱা বাবে আমি সকলোৱে মাছ খাবলৈ পছন্দ কৰো, সেই হেতুকে মাছত থকা পুষ্টিগত গুণ আৰু সেইসকলৰ লাভালাভ সম্বন্ধে আমি সকলোৰে জ্ঞাত হোৱাটো উচিত। সাধাৰণতে প্ৰসূতি গৰ্ভধাৰণ কৰা দিনৰ পৰা শিশুৰ ২ বছৰ বয়স হোৱা পৰ্যন্ত জীৱনৰ প্ৰথম ১০০০ দিন প্রসূতি তথা শিশুৰ দুয়োৰে স্বাস্থ্য, শৰীৰ বৃদ্ধি আৰু বিকাশৰ বাবে অধিক মূল্যবান। এই সময়খিনিতে প্রসূতিৰ যত্ন, উপযুক্ত সন্তুলিত আহাৰ আৰু বিশ্রামে এক স্বাস্থ্যবান নৱজাতকৰ জন্ম দিয়ে। সেয়েহে গৰ্ভস্থ শিশুৰ স্বাস্থ্য, প্রসূতিৰ পুষ্টিৰ ওপৰতে বিশেষভাৱে নিৰ্ভৰ কৰে। প্ৰসূতিৰ গৰ্ভধাৰণৰ সময়ৰ পৰাই পুষ্টিৰ অভাৱে ভৱিষ্যতে শিশুটি মানসিক আৰু শাৰীৰিক দৃষ্টিৰ পৰা দুৰ্বল, সঘনাই ৰোগ সংক্ৰমণৰ আশংকা, বয়স অনুসৰি ধীৰ বৃদ্ধি আৰু বিকাশ, কম কাম কৰা ক্ষমতা, মৃত্যুৰ আশংকা, পঢ়া শুনাত দুৰ্বল প্ৰদৰ্শন, দুৰ্বল শৰীৰ, আপেক্ষিকভাৱে কম জীৱিকাৰ সমস্যাৰ সন্মুখীন হোৱাৰ যথেষ্ট সম্ভাৱনা দেখা যায়। সেইবাবে জীৱনৰ প্ৰাৰম্ভিক অৱস্থাৰ গুৰুত্ব বুজাটো অত্যন্ত আৱশ্যকীয় তথা জীৱনৰ প্ৰথম ১০০০ দিনেই নৱজাতকৰ গোটেই জীৱনৰ মূলভেটি আৰু এই বিষয়টোত সকলোবে সচেতনতাৰ প্ৰয়োজন।
পুষ্টিহীনতাঃ
শৰীৰৰ আৱশ্যকীয় পৌষক উপাদান বা আহাৰত পুষ্টিৰ অভাৱ আৰু আহাৰৰ অসন্তুলনক পুষ্টিহীনতা বুলি কোৱা হয়। খাদ্যৰ অভাৱ আৰু নিকৃষ্টমানৰ খাদ্য গ্ৰহণ, উপযুক্ত যত্ন আৰু বিশ্ৰামৰ অভাৱ, সঘনাই সংক্রমিত হোৱা, বিশুদ্ধ পানীৰ অভাৱ, অপৰিষ্কাৰ পৰিৱেশ আৰু গৰ্ভাৱস্থাৰ সময়ত পুষ্টিকৰ খাদ্যৰ অভাৱ আদি পুষ্টিহীনতাৰ প্ৰধান কাৰণ। বয়স অনুসৰি কম ওজন, কম উচ্চতা (বাওনা), উচ্চতা অনুসৰি কম ওজন(অত্যধিক ক্ষীণ, ৰক্তহীনতা আদি পুষ্টিহীনতাৰ লক্ষণ ।
খাদ্যত থকা পুষ্টিয়ে মানুহৰ শৰীৰত শক্তি যোগান, শৰীৰৰ বৃদ্ধি আৰু বিকাশ ঘটায়, শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই আৰু দৈনিক জীৱনৰ কাম-কাজত সহায় কৰে ইয়াকে পৌষক তত্ত্ব বুলি কোৱা হয়।
পোষষক তত্ত্বৰ প্ৰকাৰ:
খাদ্য উপাদানক মুখ্যতঃ দুটা ভাগত বিভক্ত কৰা হৈছে।
সেইবোৰ হ'ল—
১। ডাঙৰ পৌষক তত্ত্ব: এই পৌষক তত্ত্ববোৰ আমাৰ শৰীৰত অধিক পৰিমাণে আৱশ্যক হয়। যেনে- কার্বহাইড্রেট, প্ৰ'টিন, ফেট ইত্যাদি।
২। সূক্ষ্ম পৌষক তত্ত্ব: আমাৰ শৰীৰত বহু কম পৰিমাণে সূক্ষ্ম পৌষক তত্বৰ আবশ্যক হয়। সকলো ধৰণৰ জৈৱ, মৌল, ধাতু মৌল এই পৌষক তত্ত্বৰ অন্তর্ভূক্ত। এই পৌষক তত্ত্ববোৰৰ ভিতৰত ভিটামিন এ, আইৰণ, আয়ডিন, কেলছিয়াম, জিংক ইত্যাদিক গুৰুত্ব দিয়া হৈছে।
আমাৰ ৰাজ্যত বিভিন্ন জলৰাশিত ডাঙৰ মাছৰ লগতে অনেক প্ৰজাতিৰ সৰু মাছ যেনে মোৱা, পুঠি, খলিহনা, ডৰিকণা, চেলকনা, চন্দা ইত্যাদি পোৱা যায়। এইবোৰ এক উৎকৃষ্ট প্রকৃতি প্রাণী পুষ্টিৰ লগতে সূক্ষ্ম পৌষক তত্ত্বৰে ভৰপুৰ আৰু অতি সহজতে উপলব্ধ তথা কম মূল্য কাৰণে অতি জনপ্রিয়।
বজাৰত উপলব্ধ সৰু মাছবোৰৰ ভিতৰত মোৱা মাছ সাধাৰণতে বেছিকৈ পোৱা যায় আৰু খাবলৈ সুস্বাদুৰ লগতে অধিক পৰিমাণৰ পৌষক তত্ত্ব বিশেষকৈ ভিটামিন এ পোৱা যায়।
গৱেষণাৰ পৰা জনা গৈছে যে মোৱা মাছৰ মূৰত সবাতোকৈ অধিক ভিটামিন থাকে আৰু ইয়াৰ চকুত শতকৰা ৫৩% ভিটামিন এ পোৱা যায়। অন্য সৰু দৰে মোৱা মাছো মূৰৰ সৈতে গোটেই খাব লাগে। মোৱা মাছ আঞ্জা, ভজা, শুকান মোৱা মাছৰ গুৰিৰ লগত সেউজীয়া শাক-পাচলি মিহলাইও খাব পাৰি। এই পুষ্টিযুক্ত খাদ্য পৰিয়ালৰ সকলো সদস্য তথা শিশুসকলকো খাবলৈ দিয়া উচিত আৰু শৰীৰৰ বাবে অতি উপকাৰী।
সৰু মাছৰ পুষ্টিৰ উপকাৰিতা:
ভিটামিন এঃ ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা তথা চকুৰ দৃষ্টি বৃদ্ধিৰ সহায়ক।
আইৰণ : তেজত হিমগ্লবিনৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে জৈব কোল অক্সিজেন যোগান ধৰাত সহায় কৰে। ই শৰীৰৰ বৃদ্ধি আৰু মস্তিষ্ক বিকাশৰ বাবে অতি উপযোগী।
প্ৰ'টিন: শৰীৰৰ গঠন আৰু বৃদ্ধিৰ বাবে অপৰিহাৰ্য আৰু অত্যাবশ্যকীয় এমিন' এচিডৰ উৎস।
কেলছিয়াম: হাড় আৰু দাঁত বৃদ্ধি আৰু শক্তিশালীৰ বাবে আৱশ্যক। মাংসপেশী আৰু হৃদপিণ্ডৰ পেশীৰ সংকোচন, ভেজ গোট মৰা তথা স্নায়ুৰ আবেগ সঞ্চালনৰ সহায়ক।
জিংকঃ ক্ষত স্থানক আৰোগ্য কৰাত সহায় কৰাৰ লগতে ডায়েৰিয়া প্ৰতিৰোধৰ ক্ষমতা বঢ়ায় ৷
আয়ডিন: শিশুৰ মস্তিষ্ক বিকাশ আৰু শৰীৰৰ নিয়মিত বৃদ্ধি আৰু কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে আৱশ্যক। ওমেগা ৩ ফেটি এচিড: শিশুৰ মস্তিষ্ক বিকাশৰ লগতে হৃদৰোগজনিত সমস্যা প্ৰতিৰোধ কৰে। সেইবাবে ঘৰৰ পুখুৰীত বিভিন্ন প্ৰজাতিৰ সৰু মাছ বিশেষকৈ মোৱা মাছ অন্য ডাঙৰ মাছৰ লগত পালন কৰিবলৈ উৎসাহ দিয়া উচিত। ফলস্বৰূপে অধিক পৰিমাণ সৰু মাছ গাঁও আৰু চহৰ উভয়তে উপবদ্ধৰ দ্বাৰা আমি দৈনন্দিন আহাৰত বেই পৰিমাণে সৰু মাছ ব্যৱহাৰ কৰিব পাৰিম, যিয়ে নেকি ভৱিষ্যতে আমাৰ ৰাজ্যত পুষ্টিহীনতা নিবাৰণ কৰিবলৈ বিশেষভাৱে সহায়ক হ'ব। সেই হেত এইটো কোৱা হয় যে নিয়মিত সৰু মাছ খাওক আৰু স্বাস্থ্যবান হৈ থাকক।
ড০ সঞ্জয় শৰ্মা
Share your comments