1. স্বাস্হ্য আৰু জীৱন

ঘৰুৱা সামগ্ৰীৰে সৌন্দৰ্য চৰ্চা কৰো আহক : No side effects no money

PANKAJ KHANIKAR
PANKAJ KHANIKAR
ঘৰুৱা সামগ্ৰীৰে সৌন্দৰ্য চৰ্চা
ঘৰুৱা সামগ্ৰীৰে সৌন্দৰ্য চৰ্চা

প্ৰধানতঃ পাকঘৰৰ কামতে ব্যস্ত থকা আমাৰ একাংশ গৃহিণীয়ে সৌন্দৰ্য চৰ্চা কৰিবলৈ আহৰি নাপায়। পৰিয়ালৰ ইটো-সিটো জঞ্জাল তথা আল-পৈচান ধৰোতেই দিনটোৰ অন্ত পৰে। সেইসকল মহিলাৰ বাবে ব্যস্ততাৰ মাজতে কৰিব পৰা সৌন্দৰ্য চৰ্চাৰ কিছু আভাস এই লেখাত দিবলৈ প্ৰয়াস কৰা হৈছে। মুখমণ্ডলত দেখা দিয়া বয়সৰ চাপ, বিভিন্ন দাগ আদিয়ে আপোনাৰ বাৰু মানসিকভাৱে হতাশাগ্ৰস্ত কৰি তুলিছে নেকি? অথবা ঋতুৰ প্ৰভাৱৰ বাবে মুখমণ্ডল তথা শৰীৰৰ বিভিন্ন অংশ শোতোৰা-শোতোৰ হৈ পৰিছে নেকি? চিন্তা নকৰিব, আপোনাৰ এই সমস্যাৰ পৰা মুক্তিৰ বাবে ঘৰতে কৰিব পৰা বহু পৰিচৰ্যা আছে। মাথোঁ অজ্ঞতাৰ বাবে বহুতেই এইসমূহ নকৰে। এই সংখ্যাত ঘৰতে আমাৰ মুখমণ্ডলৰ পৰিচৰ্যা কৰিব পৰা কেতবোৰ উপাদানৰ বিষয়ে অৱগত কৰা হৈছে।

পদিনাৰ পেক:

পদিনা অধিকাংশ মানুহৰে বাৰীত থাকে। এই পদিনা ভালদৰে পিহি লৈ প্ৰথমতে পেষ্ট বনাই ল’ব। প্ৰায় পোন্ধৰ মিনিট এই পেষ্ট মুখত লগাই থ’ব, তাৰ পাছত ঠাণ্ডা পানীৰে মুখখন ধুই দিব। এই পেকে মুখমণ্ডলৰ অতিৰিক্ত শুকান ভাব শুহি লয়।

তিয়ঁহৰ পেক:

তিয়ঁহৰ ৰস নাইবা তিয়ঁহ পিহি মুখত লগাব লাগে। তিয়ঁহৰ এই পেকে প্ৰাকৃতিক এষ্টিনজেন্টৰ কাম কৰে। যাৰ ফলত মুখমণ্ডলৰ উজ্জ্বলতা বৃদ্ধি পায়।

দৈৰ পেক:

প্ৰয়োজন অনুসৰি বেচন লৈ তাৰ লগত দুগুণ মাত্ৰাত দৈ আৰু কেইটোপালমান নেমুৰ ৰস মিহলাই মুখত লগাব। এই পেক লগালে মুখমণ্ডলত আপুনি শীতলতাৰ আমেজ অনুভৱ কৰিব। এই পেক সাধাৰণতে সকলো প্ৰকাৰৰ ছালৰ বাবেই উপকাৰী।

স্বাভাৱিক ছালৰ বাবে পেক:

সামগ্ৰী:

অমিতা পিহা আৰু চন্দন পাউডাৰ।

কেনেকৈ প্ৰস্তুত কৰিব:

অমিতা পিহা আৰু চন্দন পাউডাৰ একেলগ কৰি প্ৰথমে ভালদৰে মিহলাই লৈ সেই পেক মুখত প্ৰায় বিশ মিনিট সময় লগাই থ’ব। এই পেকে মুখত মৃত ছাল আঁতৰাই মুখখন পৰিষ্কাৰ কৰাৰ লগতে ই ছাললৈ উজ্জ্বলতা আনিব।

লগতে পঢ়ক-

আপুনি নজনাকৈয়ে এই অভ্যাস হৈ পৰিব পাৰে কৰ্কট ৰোগৰ কাৰণ

তৈলাক্ত ছালৰ বাবে পেক:

কমলাৰ ৰস মুখ আৰু ডিঙিত লগাই প্ৰায় দহ মিনিট সময় মালিচ কৰক। এই ক্ৰসে মুখমণ্ডলৰ অতিৰিক্ত তেল শুকুৱাই দি নোমছিদ্ৰৰ গুৰি বন্ধ কৰি দিয়ে আৰু ছালৰ উজ্জ্বলতা ঘূৰাই অনাত সহায় কৰে।

শুকান আৰু বয়সস্থ ছালৰ উপযোগী পেক:

এই পেক কেৱল শুকান ছালৰ বাবেই নহয়, ই মুখত পৰা দাগ, বলিৰেখা আঁতৰোৱাতো বিশেষভাৱে সহায় কৰে।

সামগ্ৰী:

আধা চামুচ অশ্বগন্ধা, আধা চামুচ যষ্টিমধু, এক চামুচ কেঁচা গাখীৰ, আধা চামুচ গোলাপজন, আধা চাহ চামুচ গুড়ি কৰা বাদাম, কেইটোপালমান তিলতেল।

প্ৰস্তুত কৰাৰ নিয়ম:

বাদামৰ পেষ্ট বনাই তাৰ লগত অশ্বগন্ধা, যষ্টিমধু, তিলতেল, কেঁচা গাখীৰ মিলাই মুখত লগাব। এই পেকে ছালখন টান কৰাত সহায় কৰে।

শালমইনা আৰু ব্ৰণ নিৰ্মূলৰ বাবে উপযোগী পেক:

সামগ্ৰী:

চাহ চামুচেৰে এক চামুচ ত্ৰিফলা, চাহ চামুচেৰে এক চামুচ চন্দন পাউডাৰ, চাহ চামুচেৰে এক চামুচ নিম পাউডাৰ, চাহ চামুচেৰে এক চামুচ মঞ্জিষ্ঠা।

প্ৰস্তুতৰ নিয়ম:

গোটেইখিনি হাৰবেল পাউডাৰৰ লগত গোলাপজল মিহলাই মুখত লগাব লাগে। যিসকলৰ ছাল তৈলাক্ত হোৱাৰ উপৰি ব্ৰণ আৰু শালমইনাৰ দ্বাৰা প্ৰভাৱিত সেই ছালৰ বাবে এই পেক অতি উপযোগী। কিয়নো এই পেক ব্যৱহাৰৰ পাছত শালমইনাবিলাক শুকাই যায় আৰু পুনৰ সৃষ্টিত বাধা জন্মায়।

লেখক: টুনমণি মহন্ত

লগতে পঢ়ক- 

Piles : পাইলচ কম হৈ থাকোঁতেই ঘৰতে ল’বলগীয়া যতনসমূহ

English Summary: Beauty with homemade products

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.