
অসমৰ থলুৱা ফলবোৰৰ বিভিন্ন ঔষধী গুণ আছে। কেঁচাই খোৱাৰ উপৰি নানা ধৰণে এই ফলসমূহ খাব পাৰি। বিশেষকৈ গৰম দিনকেইটাত অসমৰ থলুৱা টেঙা ফলসমূহৰ চৰবত বনাই খালে দেহ মন জুৰ পৰি যায়। তেনে কেইবিধমান চৰবত প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া জানো আহক।
পদ্ধতি:
প্ৰথমতে পকা তেঁতেলী ৪-৫ ফুটা মান ১৫-২০ মিনিট মানৰ বাবে পানীত তিয়াই লৈ গুটি এৰুৱাই থেতালি ল'ব। তাৰ পিছত ডাঙৰ বাচন এটাত ঠাণ্ডা পানী ১ গিলাছ, নিমখ এচিকুট,ক'লা নিমখ এচিকুট আৰু চেনি ৩-৪ চামুচ বা মিচিৰি দি ভালকৈ গুলি লৈ পৰিৱেশন কৰক। সোৱাদ বঢ়াবলৈ এই চৰবতত পদিনাৰ পাতো কুটি দিব পাৰে।

প্ৰণালী:
শুকান থেকেৰা ৪-৫ টুকুৰা গোটেই ৰাতি পানীত তিয়াই থব নাইবা ২-৩ ঘণ্টা মান তিয়াই থৈ থেতালি ল'ব। বাচন এটাত ১ গিলাছ ঠাণ্ডা পানী, সোৱাদ অনুসৰি গুড় আৰু নিমখ এচিকুট, ক'লা নিমখ এচিকুট দি ভালকৈ গুলি লৈ সুস্বাদু চৰবত তৈয়াৰ কৰিব পাৰে।

তেঁতেলীৰ চৰবত বনোৱাৰ দৰেই শুকান বগৰীৰ চৰবত প্ৰস্তুত কৰিব পাৰি। শুকান বগৰীৰ সলনি বগৰীৰৰ গুৰিও ব্যৱহাৰ কৰিব পাৰিব। এই থলুৱা চৰবতসমূহৰ সোৱাদ বজাৰৰ ৰঙীন পানীয়বোৰতকৈ বেছি ভাল আৰু শৰীৰৰ বাবে উপযোগী।

এই আটাইকেইবিধ চৰবতৰ ঔষধী গুণো আছে। বিশেষকৈ পেটৰ সমস্যা বা পেট চলিলে পুৱা খালী পেটত তিয়াই থোৱা থেকেৰাত এচিকুত নিমখ দি খালে সুফল পোৱা যায়। তেঁতেলীও উচ্চৰক্তচাপ, ডায়েবেটিছ আদি ৰোগৰ বাবে অতি উত্তম। ঠিক তেনেদৰে বগৰীত ভিটামিন 'ই' থাকে আৰু ভিটামিন 'ই' য়ে এণ্টি অক্সিডেণ্টৰ দৰে কাম কৰে। (ৰেচিপিঃ নমিতা দত্ত)
Share your comments