1. স্বাস্হ্য আৰু জীৱন

চুলি সৰা কেনেকৈ ৰোধ কৰিব

KJ Staff
KJ Staff
Hair Fall
Hair Fall

১)শেৱালি ফুলৰ গুটি খুন্দি নাৰিকলৰ তেলত মিহলাই মূৰত সদায় ব্যৱহাৰ কৰিলে চুলি সৰা বন্ধ হ’ব।

২) শুকান আৰু ৰুক্ষ চুলিৰ বাবে কণ্ডিচনিং কৰক। সপ্তাহত অন্তত: এবাৰকৈ কৰক। তিল তেল আৰু নাৰিকলৰ তেলত মুৰ্গীৰ কণী এটা ভাঙি ভালকৈ ফেটি লওঁক। তাৰ পিছত চুলিত ভালদৰে ঘঁহিব। এইদৰে ৩০/৩৫ মিনিট ৰাখি কুহুমীয়া পানীৰে ধুই পেলাওঁক।

৩) কিছুমানৰ চুলি ৰঙা তেওঁলোকক সপ্তাহত দুবাৰকৈ কৰক। চুলি ক’লা আৰু সুশ্ৰী হোৱাৰ লগতে সৰিবলৈ এৰিব।

৪) নেমুটেঙাৰ ৰস আৰু আমলখিৰ ৰস একেলগ কৰি মূৰত ঘঁহিলে চুলি সৰা বন্ধ হয়।

৫)তাক পৰা অৰ্থাৎ চকলা চকল মূৰৰ চুলি সৰা এটা বেমাৰ। চুলি সৰি যোৱা ঠাইত নেমুটেঙাৰ ৰস নিয়মিত ঘঁহিলে চুলি গজিবলৈ আৰম্ভ কৰে। সৰু পিয়াঁজ কাটি তাক পৰা ঠাইত ঘঁহিলেও চুলি গজাত সহায় হয়।

৬) ভিটামিন ‘বি কলপ্লেম’, ‘চি’ আৰু প্ৰ’টিনযুক্ত আহাৰ প্ৰচুৰ পৰিমাণে খাব লাগে।

৭) নিমপাতৰ ৰস আৰু পিয়াঁজৰ ৰস মিহলাই চুলিত লগালে ওকণি নোহোৱা হয় আৰু চুলি সৰাও বন্ধ হয়।

৮) আমলখিৰ ৰস আৰু গাজৰৰ ৰস মিহলাই চুলিত লগালে চুলি সৰা বন্ধ হ’ব আৰু চুলিকোচা ধুনীয়াও হ’ব।

৯) তিতা চুলি বান্ধি নাৰাখিব ঘামিলেই চেম্পু কৰি ধুই পেলাব।

১০) পিয়াঁজ পিহি চুলিত লগালে চুলি সৰা বন্ধ হয়।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ

English Summary: how we stop hair fall

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.