1. স্বাস্হ্য আৰু জীৱন

স্বাস্থ্যৱান আৰু সুখী হৈ থকাৰ বাবে এই 10 টা অভ্যাস কৰক

KJ Staff
KJ Staff
Best habits to stay healthy in 2021
Best habits to stay healthy in 2021

  নতুন বছৰ টো অহাৰ লগে লগে, আপুনি 2021 চনটো স্বাস্থ্যৱান আৰু সুখী হৈ থাকিব পৰা উপায়বোৰৰ বিষয়ে চিন্তা কৰা আৰম্ভ কৰাৰ সময় ৷ এই অনুচ্ছেদত আমি আপোনাৰ দৈনন্দিন জীৱনত প্ৰয়োগ কৰিব পৰা সৰল অভ্যাস বা ব্যায়ামৰ বিষয়ে কথা পাতিম, যি আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ ওপৰত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। আজিয়েই আপুনি এই অভ্যাস বা ব্যায়াম কেইটা কৰাৰ আৰম্ভ কৰক -

   গতিকে আপোনাৰ বাবে ইয়াত 10 টা স্বাস্থ্যৱান অভ্যাস আছে:

১. পৰ্যাপ্ত নিদ্ৰা (Sufficient Sleep)

আপুনি জনাটো গুৰুত্বপূৰ্ণ যে টোপনিৰ অভাৱৰ ফলত বহুতো স্বাস্থ্য সমস্যা হ'ব পাৰে যেনে - দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা, ওজন বৃদ্ধি আৰু কেতিয়াবা ই মস্তিষ্কৰ স্বাস্থ্য প্ৰভাৱিত কৰে। সেয়েহে সুস্বাস্থ্যৰ বাবে আপুনি প্ৰতিদিনে প্ৰায় 7ৰ পৰা 8 ঘণ্টা পৰ্যাপ্ত টোপনি লব লাগিব। আপোনাৰ টোপনিৰ সৈতে কেতিয়াও আপোচ নকৰিব।

2. নিয়মীয়া শাৰীৰিক ব্যায়াম (daily physical Exercise)

নিয়মীয়া ব্যায়ামৰ অজস্ৰ স্বাস্থ্য লাভালাভৰ বিষয়ে জনা স্বত্বেও, আমাৰ বহুতে অৱহেলা কৰি আহিছে । আপুনি যোগ, খোজ কঢ়া, জগিং, সাঁতোৰা বা ওজনৰ প্ৰশিক্ষণৰ দৰে কিছুমান শাৰীৰিক কাৰ্যকলাপ অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিব লাগিব। ব্যায়ামে আপোনাক দিনক দিনে উপযুক্ত আৰু স্বাস্থ্যৱান কৰিব পাৰে।

৩) ধ্যানৰ বাবে যাওক (Meditation)

ধ্যান হৈছে এক স্বাস্থ্যকৰ অভ্যাস যাক আপুনি জীৱনশৈলীত লব পাৰে। ধ্যানে মানুহৰ শৰীৰ, মন আৰু আত্মাক আৰাম আৰু শান্ত কৰাত সহায় কৰে। ইয়াৰ উপৰিও, ই শৰীৰক শিথিল কৰি চাপৰ স্তৰ ব্যৱস্থিত কৰে।

4. ৰাতিপুৱা পানী খোৱা কৰক (have water in morning)

সদায় ৰাতিপুৱা দুই গিলাচ পানী খালে আপোনাৰ স্বাস্থ্যৰ বাবে আচৰিত ধৰণে প্রভাৱিত কৰিব পাৰে। পানীয়ে হজমত সহায় কৰিব পাৰে, ই আপোনাক অতিৰিক্ত ওজন বৰ্জন কৰাত সহায় কৰিব আৰু আপোনাক গোটেই দিনটোৰ বাবে শক্তিমান আৰু সক্ৰিয় অনুভৱ কৰাত সহায় কৰিব। সেয়েহে, চাহ বা কফি খোৱাৰ আগতে প্ৰতি ৰাতিপুৱা দুই গিলাচ পানী খোৱাটো নিশ্চিত কৰিব।

৫) কেতিয়াও ৰাতিপুৱাৰ আহাৰ বাদ নিদিব ( never skip breakfast)

ৰাতিপুৱাৰ আহাৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আহাৰ বুলি কোৱা হয় সেয়েহে আপুনি কেতিয়াও নোখোৱাকৈ থাকিব নালাগে। এক সঠিক আৰু স্বাস্থ্যকৰ আহাৰে আপোনাক পূৰ্ণ, সক্ৰিয় কৰি ৰাখিব আৰু লগতে আপোনাৰ ক্ষুধাৰ লালসা প্ৰতিৰোধ কৰিব। কিন্তু নিশ্চিত কৰিব যে আপুনি ৰাতিপুৱা ফলমূল, কল, কণী, ৰুটি বা প্ৰ'টিন জাতীয় খাদ্য আদিৰ দৰে স্বাস্থ্যকৰ ৰাতিপুৱাৰ আহাৰ হিচাপে গ্রহণ কৰক।

৬. পেকেজ কৰা খাদ্য নাখাব (say no to pakage foods)

পেকেজ কৰা খাদ্য সামগ্ৰীৰ খোৱাটো বন্ধ বা সীমিত কৰা গুৰুত্বপূৰ্ণ ৷ কিয়নো এই খাদ্যবোৰ ক্ষতিকাৰক লগতে শৰীৰক পুষ্টি প্ৰদান নকৰে । তদুপৰি, পেকেট কৰা খাদ্যৰ ফলত ওজন বৃদ্ধি হ'ব পাৰে আৰু আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে।

৭) ফাইবাৰ সমৃদ্ধ খাদ্য খাওক ( Eats Fibre foods)

আঁহযুক্ত আহাৰে আপোনাৰ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে। ফাইবাৰ সমৃদ্ধ খাদ্যে মসৃণ হজম, ওজন হ্ৰাস, কর্মশক্তি আৰু ডায়বেটিচ নিয়ন্ত্রণ কৰিব পাৰে। সেয়েহে আপুনি সদায়ে আপোনাৰ আহাৰত সদায়ে সতেজ ফল আৰু সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগিব।

৮) চেনী বা মিঠাই খোৱা সীমাবদ্ধ কৰক ( limits sugar)

চেনী বা আন যিকোনো মিঠাই অত্যাধিক খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। গতিকে আপুনি চেনী বা আন মিঠাই গ্ৰহণ কৰা পৰিহাৰ কৰিব লাগিব কিয়নো ই ওজন বৃদ্ধি কৰিব পাৰে আৰু ৰক্ত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে। তাৰসলনি, আপুনি মৌ, গুৰ, নাৰিকল চেনী বা আসে আদিৰ দৰে কিছুমান স্বাস্থ্যকৰ খাদ্য বিকল্প হিচাপে গ্রহণ কৰিব পাৰে।

৯) শোৱাৰ আগমুহুর্তত শৰীৰ নমনীয় কৰিব (do little excercise before bed)

শুবলৈ যোৱাৰ আগতে, আপুনি সামান্য শাৰীৰিক ব্যায়াম কৰা উচিত যি আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে সহায়ক হ'ব। এই ব্যায়ামবোৰে পেশীবোৰ টান কৰাত সহায় কৰিব আৰু সেইবোৰ শক্তিশালী কৰাত সহায় কৰিব। এনে কৰিলে গাঁঠিৰ বিষ নোহোৱা হ'ব।

10. স্বাস্থ্যকৰ ওজন বজাই ৰাখিব (always maintain  healthy weight )

যদি আপুনি স্বাস্থ্যকৰ ওজন বজাই ৰাখে ই আপোনাক বহু ধৰণে সহায় কৰিব। ওজন ব্যৱস্থাপনা অতি গুৰুত্বপূৰ্ণ কিয়নো ই আপোনাক উচ্চ ৰক্তচাপ, ডায়বেটিচ আৰু হৃদৰোগৰ দৰে অজস্ৰ স্বাস্থ্য সমস্যাৰ পৰা সুৰক্ষিত কৰিব পাৰে। গতিকে ওজন নিয়ন্ত্ৰণ কৰিবলৈ, আপুনি নিয়মীয়া ব্যায়ামৰ সৈতে স্বাস্থ্যকৰ আহাৰৰ ওপৰত গুৰুত্ব দিব লাগিব।

 

 

 

 

English Summary: How to stay healthy in 2021 then follow up this excercise

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.