 
            আপুনি আপোনাৰ চুলিখিনিৰ যত্ন অতি কম খৰচতে আৰু কিছুমান সহজলভ্য উপাদানেৰে কিদৰে যত্ন ল’ব পাৰে আৰু চুলিৰ নানান সমস্যাৰ পৰা ৰক্ষা পাব পাৰে তাকে আজি আলোচনা কৰিম।
একোছা ঘন, মিহি, উজ্জ্বল, লহপহিয়া চুলিৰ গৰাকী হবলৈ আমি সকলোৱে বিচাৰো, নহয় জানো? পুৰুষ মহিলা উভয়ে স্বাস্হ্যৱান সুন্দৰ চুলিৰ গৰাকী হোৱাৰ বাবে ক’ত যে কি নকৰে, দামী দামী চেলুন, পাৰ্লাৰত কেৱল চুলিখিনিৰ বাবে হাজাৰ হাজাৰ টকা খৰচ কৰো। কিন্তু তেনে কৰাৰ ফলত চুলিত নানা ধৰণৰ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰাৰ বাবে আমাৰ নানা ধৰণৰ পাৰ্শ্বক্ৰিয়া হোৱা দেখা যায়। তাৰোপৰি আন কিছুমান সমস্যা টোপনি ক্ষতি, মানসিক চাপ, আসোঁৱাহপূৰ্ণ খাদ্যভ্যাস আদিৰ বাবে বেছিভাগ লোকৰে কম বয়সতে চুলি পকা, চুলি সৰা, তপা হোৱা, চুলসি ৰুক্ষ হোৱা, ফটা আদি বিভিন্ন সমস্য়াই দেখা দিয়ে।
এনেবোৰ সমস্যা আমি সমাধানৰ বাবে আমি ঘৰতে বা অতি সহজতে উপলব্ধ কিছুমান উপাদান ব্যৱহাৰ কৰি সুফল পাব পাৰো। গতিকে আহক সেই সম্বন্ধে প্ৰবন্ধটোত কিছু কথা আলোচনা কৰো-
১) পিয়াঁজ (Onion):
সুন্দৰ আৰু শক্তিশালী চুলিৰ বাবে পিয়াঁজৰ প্ৰয়োগ অতীজৰ পৰাই কৰি অহা হৈছে। ই এবিধ অতি কাৰ্যকৰী আৰু ঘৰুৱা সহজ উপায়। পিয়াঁজত প্ৰচুৰ পৰিমাণে ছালফাৰ (Sulphur) পোৱা যায়। পিয়াঁজে কোষসমূহত কোলাজেন (Collagen) সৃষ্টি কৰি টুলি গজাত সহায় কৰে। তাৰোপৰি ইয়াৰ এণ্টিফাংগেল গুণৰ বাবে মূৰৰ ছালত হব পৰা বিভিন্ন ধৰণৰ সংক্ৰমণ ৰোগ ৰোধ কৰিব পাৰে।
কেনেকৈ ব্যৱহাৰ কৰিবঃ
প্ৰথমতে পিয়াঁজ এটা ঘঁহি তাৰ ৰস উলিয়াই লব। সেই ৰস চুলিৰ গুৰিৰ পৰা আগলৈ ভালদৰে লগাব। তাৰ পিছত প্ৰায় ১০-১৫ মিনিটমানৰ ভিতৰত চেম্পুৰে চুলিখিনি ধুব। এইদৰে সপ্তাহত এবাৰ বা দুবাৰ কৰিলে কম দিনৰ ভিতৰতে পৰিবৰ্তন লক্ষ্য কৰিব। দেখিব আপোনাৰ চুলি ঘন, মিহি আৰু চিকচিকিয়া হৈ পৰিছে।
২) আমলখি (Indian Gooseberry):
আমাৰ আটাইৰে পৰিচিত আৰু সহজলভ্য ফল আমলখিয়ে আমাৰ চুলিৰ বাবে যথেষ্ট পুষ্টি যোগান ধৰিব পাৰে। কিয়নো আমলখি নানা প্ৰকাৰৰ পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ। আমলখিত প্ৰচুৰ পৰিমাণে থকা তত্ববিধ হৈছে ভিটামিন চি। চি ভিটামিনে চুলি গজা আৰু দীঘল হোৱাত সহায় কৰে। তাৰোপৰি আমলখিয়ে চুলি ক’লা কৰাটো সহায় কৰে।
ব্যৱহাৰৰ বিধি-
দুই চামুচ কেঁচা আমলখিৰ ৰস বা পাউদাৰ সম পৰিমাণৰ নেমু ৰসৰ লগত মিহলাই চুলি আৰু চুলিৰ গুৰিত লগাব লাগে। তাৰ পিছত চুলিখিনি শুকাবলৈ দিব লাগে। শুকুৱাৰ পিছত কুহুমীয়া গৰম পানীৰে চুলিখিনি ধুই পেলাব লাগে। এনেদৰে কিছুদিন কৰাৰ পিছত দেখিব আপোনাৰ চুলি ঘন দীঘল আৰু লহপহীয়া হৈ পৰিছে।
৩) মেথিগুটি (Fenugreek Seeds)-
অতীজৰে পৰাই মেথিগুটি চুলিৰ বিভিন্ন সমস্যাৰ মহৌষধি হিচাপে গণ্য কৰা হয়। মেথিগুটিত থকা প্ৰ’টিন আৰু নিক’টিনিক এচিডে চুলিৰ ফলিকল সমূহক উত্তেজিত কৰি চুলি গজাত সহায় কৰে। তাৰোপৰি মেথিয়ে চুলি যথেষ্ট মিহি আৰু উজ্জল কৰি তোলে। উফিৰ সমস্যা থকাসকলে মেথি প্ৰয়োগৰ ফলত যথেষ্ট সুফল লাভ কৰিব পাৰে।
ব্যৱহাৰৰ বিধি-
এক বা দুই চামুচ মেথিগুটি ৰাতি পানীত তিয়াই থব লাগে। পিছদিনা পুৱা ভালদৰে মিহিকৈ পিচি লব লাগে। তাত অলপ নাৰিকল তেল বা নাৰিকলৰ গাখীৰ মিহলাই চুলিত সানিব লাগে। আধাঘণ্টা পিছত চুলিখিনি চেম্পুৰে ধুই পেলাব লাগে। এনেদৰে কিছুদিন কৰাৰ পিছত আপুনি নিজেই অনুভৱ কৰিব আপোনৰ চুলিখিনি কিমান সুন্দৰ হৈছে। মেথিগুটিৰ সলনি কেঁচা মেথিশাকো ব্যৱহাৰ কৰিব পাৰে।
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments