1. স্বাস্হ্য আৰু জীৱন

মাটিৰ বটলত পানী সেৱন কৰে নেকি আপুনিও? জানক লাভালাভবোৰ

KJ Staff
KJ Staff
Benefits of drinking water in a Clay bottle
Benefits of drinking water in a Clay bottle

গ্ৰীষ্মকালত মানুহে বিভিন্ন ধৰণে পানী  সংৰক্ষণ কৰি ৰাখে, যাতে পানীখিনি দীঘলীয়া সময়ৰ বাবে ঠাণ্ডা হৈ থাকে। সেয়েহে মানুহে বটলবোৰ ফ্ৰিজত ৰাখে, কিছুমানে পানীত বৰফ ৰাখে। আনহাতে কিন্তু বহুলোকে এতিয়াও পানী ঠাণ্ডা ৰাখিবলৈ মাটিৰ পাত্ৰ ব্যৱহাৰ কৰে।

বন্ধুসকল, আপোনালোকে নিশ্চয় বহুতো মাটিৰ পাত্ৰ দেখিছে! কিন্তু আপুনি মাটিৰে তৈয়াৰ কৰা পানীৰ বটল দেখিছে নেকি?

আপুনি জানেনে মৃৎশিল্প দেখাত যিমান ধুনীয়া ঠিক একেদৰে আমাৰ বাবেও লাভজনক বুলিও প্ৰমাণিত। দৰাচলতে, মাটিৰ পাত্ৰ অৰ্থাৎ মাটিৰ বটলৰ পৰা পানী খাই আমি আমাৰ শৰীৰক বহুতো ৰোগৰ পৰা সুৰক্ষিত কৰিব পাৰোঁ।

যদি আপুনি পানী দীঘলীয়া সময়ৰ বাবে ঠাণ্ডা ৰাখিব বিচাৰে আৰু বহুতো ৰোগৰ পৰা নিজকে সুৰক্ষিত ৰাখিব বিচাৰে, তেনেহ'লে মাটিৰ বটল এটা আপোনাৰ বাবে এক ভাল বিকল্প হ’ব।

মাটিৰ বটল এটাৰ বজাৰ মূল্য

মাটিৰ বটলটো দেখিবলৈ ধুনীয়া। যাৰ বাবে মানুহে আজিৰ সময়ত ইয়াক ক্ৰয় কৰিব বিচাৰে। যদি আমি ইয়াৰ মূল্যৰ কথা কওঁ, তেন্তে বজাৰত মাটিৰ বটলৰ মূল্য প্ৰায় ১০০ ৰ পৰা ১৫০ টকা। যিটো বজাৰত বিক্ৰী হোৱা আন পানীৰ বটলৰ তুলনাত অতি সস্তা।

মাটিৰ বটল লাভালাভ

  • গ্ৰীষ্মকালত পানী দীঘলীয়া সময়ৰ বাবে ঠাণ্ডা ৰখাত সহায়ক।

  • ইয়াক যিকোনো ঠাইতে সহজে পৰিবহন কৰিব পাৰি।

  • মাটিৰ বটলে বহুতো ৰোগ প্ৰতিৰোধ কৰে।

  • পানী প্ৰাকৃতিকভাৱে বিশুদ্ধ ৰাখে।

  • এইটোও দেখা গৈছে যে মাটিৰ পাত্ৰত খোৱা পানীয়ে এজন ব্যক্তিৰ হিটষ্ট্ৰোক হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে।

  • মাটিৰ বটলত পানী খালে মানুহৰ ডিঙি পৰিষ্কাৰ থাকে।

লগতে পঢ়ক-গৰু-ম'হৰ গোবৰেৰে আৰম্ভ কৰক এই সৰ্বশ্ৰেষ্ঠ ব্যৱসায়, হ'ব দুগুণ লাভ

English Summary: Benefits of drinking water in a Clay bottle

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.