1. স্বাস্হ্য আৰু জীৱন

How to Make Banana Chips : সহজে কলৰ পৰা কেনেকৈ বনাব চিপছ!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Banana Chips
Banana Chips

সম্প্ৰতি কলৰ চিপচে খাদ্যৰসিকৰ মাজত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছে। সাধাৰণ চিপচসমূহৰ দৰে ই কোনো চাইড এফেক্ট নকৰে। চিপচ সাধাৰণতে শিশু বাব কৈশোৰৰ সময়ক মুখৰোচক খাদ্য হিচাপে জনা যায়। কিন্তু বানানা চিপচ লৰা-বুঢ়াসকলোৰে। স্বাস্থ্য সচেতন লোকসকলে নিজৰ সন্তানক দোকানৰ সাধাৰণ চিপৰ সলনি তুলি দিয়ে কলৰ চিপচ আৰু পৰাপক্ষত প্ৰতিজন সচেতন অভিভাৱকেই সাধাৰণ চিপচৰ সলনি কলৰ চিপচ তুলি দিয়াটোৱেই যুক্তিসংগত। গতিকে বানানা চিপচৰ বজাৰখনৰ প্ৰাসংগিকতা দিনে দিনে বাঢ়ি গৈ থাকিব।

কলৰ চিপচ বনাবৰ বাবে প্ৰয়োজনীয় সামগ্ৰী

কলৰ চিপচ বনাবৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ প্ৰয়োজন হয়। যেনে- কেচাঁ কল, নিমখ, খোৱা তেল আৰু মচলা। লগতে বিভিন্ন ধৰণৰ যন্ত্ৰপাতি প্ৰয়োজন হয়।

  • কল সমূহ ধোৱাৰ বাবে টেংক
  • পাতল পাতল টুকুৰা কৰা কটা মেচিন
  • টুকুৰাবোৰ ভাজিবলৈ মেচিন
  • মিহলি কৰা মেচিন
  • পাউচ প্ৰিণ্টিং মেচিন আৰু ছীল মেচিন

এই মেচিনসমূহ আপুনি  মেচিনসমূহ আপুনি ২৮,০০০-৫০,০০০ টকাৰ ভিতৰত ক্ৰয় কৰিব পাৰিব।

লগতে পঢ়ক- 

নৰা বগৰীৰ খেতি কৰি লাভৱান হৈছে বহু কৃষক, আপুনিও জানি থওক কৃষি পদ্ধতি

খৰচ :

৫০ কেজি চিপচ বনাবলৈ কমেওঁ ১২০ কেজি কেঁচা কলৰ প্ৰয়োজন হ’ব। সকলো খৰচ মিলাই ৫০ কেজি চিপচ বনাবলৈ ৪০০০ টকা খৰচ হ’ব। এক কিলো পেকেটত পেকেজিং ব্যয় ব্যয় ধৰি মুঠ খৰচ ৮০ টকা হব। যিটো আপুনি সহজে অনলাইনত ২০০ টকাতকৈ অধিক দৰত বিক্ৰী কৰিব পাৰিব।

বিক্ৰি :

আপোনাৰ উৎপাদিত চিপচসমূহ অনলাইন মাধ্যমেৰে যেনে-Amazon, Flipkart, Big Basket আদিত বিক্ৰী কৰিব পাৰে। তাৰোপৰি আপোনাৰ অঞ্চলত থকা খুচুৰা ব্যৱসায়ীসকলৰ তাতো বিক্ৰী কৰিব পাৰিব। নাইবা আপুনি Sales Person ৰ সহায়ত কমিচন ভিত্তিত বিক্ৰী কৰিব পাৰে।

লগতে পঢ়ক- 

ঘৰতে ত্ৰিফলা প্ৰস্তুত কৰি কেনেদৰে কৰিব ব্যৱসায়!

English Summary: How to make Banana Chips & its business

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.