
আয়ুষ্মান ভাৰত প্রধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ বাবে নামভৰ্তি কৰিলেনে? যদিহে কৰা নাই, তেন্তে শীঘ্ৰে এই কাম কৰাই লওক। কিয়নো আয়ুষ্মান ভাৰতৰ অধীনত যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব নগদবিহীন চিকিৎসা। প্ৰতিবছৰে প্ৰতি যোগ্য পৰিয়াললৈ ৫ লাখ টকা পর্যন্ত চিকিৎসা সাহায্য আগবঢ়াব চৰকাৰে।
ইয়াত আপুনি বিনামূলীয়াকৈ নামভর্তি কৰিব পাৰে। আয়ুষ্মান ভাৰত- প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত আশা, এম পি ডব্লিউ, বীমা সখী, বেংক সখী, ডিজিপে সখীকে ধৰি কেৱল চৰকাৰী ফ্ৰণ্টলাইন কর্মীসকলকহে বিনামূলীয়াকৈ নামভৰ্তি আৰু e-KYC কৰাৰ বাবে কৰ্তৃত্ব দিয়া হৈছে।
লগতে পঢ়ক-
ছাইনাছাইটিছ কিয় হয় আৰু ঘৰতে কিদৰে নিৰ্মূল কৰিব পাৰি এই ৰোগ!

নামভৰ্তি বা আই ডি কাৰ্ড গ্ৰহণৰ সময়ত ধন দাবীৰ দৰে যিকোনো ঘটনাৰ সন্মূখীন হ’লে সেই বিষয়ে অভিযোগ দিয়ক grievance@aaasassam.in ত। নাইবা টোল ফ্ৰী নম্বৰ ১৮০০১০৩৯৯৭৫ ত ফোন কৰিও আপুনি অভিযোগ দাখিল কৰিব পাৰিব। তদুপৰি নিকটতম আৰক্ষী চকীতো আপুনি সহজে আপোনাৰ অভিযোগ দাখিল কৰিব পাৰিব।
গতিকে দেৰি নকৰি সোণকালে আপোনাৰ অঞ্চলৰ আশা, এম পি ডব্লিউ, বীমা সখী, বেংক সখী, ডিজিপে সখীৰ লগত যোগাযোগ কৰি আয়ুষ্মান ভাৰত প্রধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধিনত আই ডি কাৰ্ড এটা বনাই লওঁক।
লগতে পঢ়ক-
Share your comments