1. স্বাস্হ্য আৰু জীৱন

বনৌষধি মাটিকাদুৰিৰ স্বাস্হ্য উপকাৰিতা সম্পৰ্কে কিছু কথা-

KJ Staff
KJ Staff
Sessile joyweed
Sessile joyweed

প্ৰকৃতিয়ে মুক্তহস্তে দান কৰা অগণন বনৌষধিৰ অক্ষয় ভাণ্ডাৰৰ ভিতৰত মাটিকাদুৰিও এবিধ উৎকৃষ্ট বনৌষধি। মাটিকাদুৰিৰ বৈজ্ঞানিক নাম Alternanthera sessile। সহজলভ্য সাধাৰণ বনশাক যদিও ই অসাধাৰণ গুনেৰে ভৰপূৰ। বহাগ বিহুৰ দুমাহীৰ দিনা খোৱা 'সাত শাকী' বা এশ এবিধ বনশাকৰ আঞ্জাত মাটিকাদুৰিও খোৱা হয়। নকলেও হ'ব যে এই এশ এবিধ শাকৰ ব্যঞ্জন আমাৰ শৰীৰৰ বাবে অমৃততুল্য আৰু বহুতো ৰোগৰ উত্তম প্ৰতিষেধক

সেয়েহে বছৰেকৰ মূৰত এদিন সকলোৱে এই আঞ্জা খোৱা প্ৰথাটো পৰম্পৰাগত ভাৱে চলি আহিছে। ৰোগীয়া আৰু  দুৰ্বল শৰীৰত বল পাবলৈ মাটিকাদুৰি, মানিমুনি, নৰসিংহ, ভেদাইলতাৰ জোল বনাই খুওৱা হয়। প্ৰসূতা তিৰোতাৰ বাবে তৈয়াৰ কৰা বিশেষ ব্যঞ্জন সমূহৰ ভিতৰত মাটিকাদুৰি, বন জালুক, নৰসিংহ, ভেদাইলতাৰ জালুকীয়া ব্যঞ্জন অন্যতম। ঔষধি গুনেৰে ভৰা এই ব্যঞ্জন সমূহে প্ৰসৱোত্তৰ কালত তিৰোতা গৰাকীৰ স্বাস্থ্য অটুট ৰাখে আৰু দুগ্ধ উৎপাদনত সহায় কৰে। শক্তিবৰ্দ্ধক আৰু খাবলৈ সোৱাদ ভৰা এই ব্যঞ্জন সমূহৰ ঔষধি গুণ কোনো গুণে কম নহয়। কেৱল অসমতে নহয় কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু আদি ভাৰতৰ বিভিন্ন ঠাইত মাটিকাদুৰি বনৌষধি হিচাবে ব্যৱহাৰ হয়।

ইয়াৰ উপৰিও পৃথিৱীৰ বিভিন্ন দেশতো ই বহুলভাৱে ব্যৱহৃত হয়। থাইলেণ্ড আদি দক্ষিণ পূব এছিয়াৰ দেশসমূহত প্ৰসূতাৰ দুগ্ধ উৎপাদন বৃদ্ধি কৰিবৰ বাবে মাটিকাদুৰীৰ ব্যঞ্জন খাবলৈ দিয়া হয়। শ্ৰীলংকাত মাটিকাদুৰি বিভিন্ন প্ৰকাৰৰ চালাডত দি পৰিবেশন কৰা হয়। আফ্ৰিকা, তাইৱান আদি দেশতো বিভিন্ন ৰোগৰ চিকিৎসাত এইবিধ বনৌষধিৰ বহুল প্ৰয়োগ হোৱা দেখা যায়। প্ৰটিন, কেলচিয়াম, আইৰণ, ফচফৰাছ, এন্টিঅক্সিডেন্ট, ফ্লেভনয়ডছ (flavonoids)' কেৰোটিনয়ড(carotenoid)আঁহ (dietary fibre) ইত্যাদিৰে ভৰপূৰ মাটিকাদুৰীৰ ঔষধি গুণসমূহ হৈছে-

(১) কৌষ্ঠকাঠিন্য (constipation) আৰু অৰ্শ (piles) ৰোগত মাটিকাদুৰি উপকাৰী। ইয়াত থকা আঁহে(dietary fibre) পেট খোলোচা কৰে আৰু  দুয়োটা সমস্যাত সুফল দিয়ে।

(২) জণ্ডিচ আৰু লিভাৰজনীত অন্যান্য অসুখত মাটিকাদুৰি উত্তম পথ্য। মাটিকাদুৰিয়ে লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে আৰু পিত্তৰসৰ (bile juice) প্ৰবাহ (flow) বৃদ্ধি কৰে। মছন্দৰী, মানিমুনি, ভেদাইলতা, নৰসিংহ আদি বনশাকৰ লগত মাটিকাদুৰীৰ আঞ্জা খালে সুফল পোৱা। মাটিকাদুৰীৰ লগত এই বনশাকসমূহ একেলগে খালে ঔষধি গুণ বহুগুণে বৃদ্ধি হয়।

(৩) পেটৰ বিভিন্ন ৰোগ যেনে পেটৰ বিষ,ডায়েৰিয়া , ডিচেণ্ট্ৰি আদি ৰোগত মাটিকাদুৰি সুপথ্য। এইবোৰ সমস্যাত ভোগা ৰোগীক মাটিকাদুৰি,ভেদাইলতাৰ আঞ্জা খাবলৈ দিলে সুফল পোৱা যায়। ৰোগীয়া আৰু দুৰ্বল শৰীৰ সবল (rejuvenate) হৈ পৰে।

(৪) ডায়েবেটিচ ৰোগীয়ে মাজে সময়ে মাটিকাদুৰি খালে ব্লাড চুগাৰ নিয়ন্ত্ৰণত থাকে। অৱশ্যে তাৰ লগত নিয়মীত শাৰীৰিক পৰিশ্ৰম আৰু সঠিক খাদ্যাভ্যাস গ্ৰহণ কৰিব লাগিব, পথ্য অপথ্যৰ নীতি নিয়ম মানি চলিব লাগিব।

(৫) মুত্ৰজনন (diuretic) হোৱা বাবে ই প্ৰসাবৰ বিভিন্ন সমস্যাত উপকাৰী। প্ৰসাৱ জ্বলা পোৰা কৰা, মূত্ৰনলীৰ সংক্ৰমণ হ'লে (urinary tract infection)  বা গৰমত হোৱা  প্ৰসাবৰ বিভিন্ন সমস্যাত দুই চামুচ কেঁচা মাটিকাদুৰীৰ ৰসৰ লগত মিছিৰি দি খালে সুফল পোৱা যায়। আনকি গৰ্ভৱতী মহিলাৰ প্ৰসাৱজনীত বিভিন্ন সমস্যাতো এই দিহা ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।

(৬) স্ত্রীজননতন্ত্র বা পুংজননতন্ত্রৰ বিভিন্ন ৰোগত মাটিকাদুৰি উত্তম পথ্য। সন্তানহীনতাৰ সমস্যাত ভোগা দম্পতিয়ে মাটিকাদুৰি আৰু বনজালুক দি বনোৱা মাগুৰ, শিঙি, গৰৈ আদিৰ আঞ্জা খোৱা উচিত। নাইবা কলমৌ শাকৰ লগত মাটিকাদুৰিৰ আঞ্জা খাব পাৰে। কাৰণ ঔষধৰ লগত উত্তম খাদ্য গ্ৰহন কৰাটোও অতি গুৰুত্বপূৰ্ণ। মাটিকাদুৰিত থকা বিভিন্ন উপদানে স্ত্রী বা পুৰুষ উভয়ৰে হৰমন (hormone)প্ৰভাৱিত কৰে।

৭) বগাস্ৰাৱ (white discharge) সমস্যাত ভোগা মহিলা সকলে মাজে সময়ে মাটিকাদুৰী শাকৰ ব্যঞ্জন খোৱা উচিত। এই সমস্যাত ভোগা মহিলা সকল দুৰ্বল হয়, ভোক কম হয় আৰু বহুতো উপসর্গই দেখা দিয়ে। মাটিকাদুৰিয়ে  এই সমস্যা সমূহ কম কৰাত সহায় কৰে আৰু ৰোগীৰ  শৰীৰত পুষ্টি যোগাই স্বাস্থ্য উন্নত কৰে।

লগতে পঢ়ক-কচু শাকৰ পুষ্টিগত গুণ আৰু স্বাস্হ্য উপকাৰিতা-

(৮) ছাল, চুলিৰ সৌন্দৰ্য বৰ্ধন কৰাতো ই সহায় কৰে কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। চকুৰ দৃষ্টিশক্তি কমি যোৱা সমস্যাত নিয়মিতভাবে মাটিকাদুৰি শাক সেৱন কৰিলে সুফল পোৱা যায়। নিদ্ৰাহীনতাত ভোগা লোকেও নিয়মিত মাটিকাদুৰি,মানিমুনিৰ মিহলি শাকৰ আঞ্জা খালে উপকৃত হয়।

৯) অম্ল (acid) নিষ্ক্রিয় কৰা  ক্ষমতা থকাৰ বাবে এচিডিটিৰ সমস্যাত ভোগা লোকৰ বাবে উপকাৰী। এই সমস্যাত ভোগা লোকে শাকৰ সিতা খিনি চেপি তাৰ ৰস খাব লাগে।(কিছুমানৰ শাকৰ সিতা খালে গেছৰ সমস্যা বৃদ্ধি হয়, সেয়ে সিতা খিনি পেলাই খোৱা উচিত)।

(১০) মাটিকাদুৰিয়ে স্নায়ুতন্ত্রৰ (nervous system) কাৰ্যক্ষমতা বৃদ্ধি কৰে, স্মৰণশক্তি বৃদ্ধি কৰে আৰু স্নায়ুতন্ত্রৰ বিভিন্ন ৰোগ উপশম কৰে, চকুৰ মাংসপেশী আৰু স্নায়ু সবল কৰে।

বিভিন্ন গুনেৰে ভৰপূৰ মাটিকাদুৰি আমাৰ স্বাস্থ্যৰ বাবে বৰদান স্বৰূপ। ৰাসায়নিক সাৰ আৰু কীটনাশক দিয়া বজাৰৰ শাক পাচলিতকৈ বহুগুণে উন্নত আমাৰ এই থলুৱা বনশাকসমূহ ।  কিন্তু আধুনিকতাৰ পৰশত আমি এক কৃত্ৰিম অভিজাত্যৰ ধঙত এই বনশাকসমূহ এলাগী বুলি ভাবি খাবলৈ এৰি দিলো আৰু তাৰ ফলাফল আমি সকলোৱেই ভোগ কৰিছো। মেদবহুলতা, ডায়েবেটিচ, উচ্চৰক্তচাপ ,বিভিন্ন হৰমনজনীত ৰোগে আমাক জোলোকা জোলোকে পানী খুৱাইছে।  আমি যদি প্ৰত্যেকেই নিজকে নিৰোগী আৰু স্বাস্থ্যবান কৰি ৰাখিব বিচাৰো তেন্তে এই থলুৱা বনৌষধি ও বনশাক সমূহ আদৰি লোৱা উচিত। গৃহিনীসকলেও তেওঁলোকৰ পাকঘৰ এই থলুৱা বনশাকেৰে শুৱনি কৰি তোলক। আমাৰ স্বাস্থ্য আমাৰ হাতৰ মুঠিত ।

ডাঃ ৰেইনী দেৱী (আয়ুৰ্বেদিক চিকিৎসক)

BAMS (GU)

মোবাইল নং 7399114617

লগতে পঢ়ক-ৰঙালাও (Pumpkin) গুটিৰ স্বাস্হ্য উপকাৰিতা

English Summary: Sessile joyweed Health Benefit

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.