
ঘৰৰ ভিতৰত বা অফিচ-কাছাৰিৰ ভিতৰত ফুলৰ টাবত গছ পুলি বা ফুলপুলি ৰোপন কৰাতো বৰ্তমান সময়ত ট্ৰেণ্ডলৈ ৰূপান্তৰ হৈছে। কিন্তু উদ্ভিদসমূহৰ গুণাগণ নজনাকৈ আমি ধৰণৰ উদ্ভিদ ৰোপণ কৰোঁ।কিন্তু এনেদৰে ৰোপণ কৰা কিছুমান উদ্ভিদ বিষাক্তও হ'ব পাৰে।

ভাল বুলি বা সোন্দৰ্যৰ বাবে ৰোপণ কৰা উদ্ভিদবোৰ কেতিয়াবা ক্ষতিকাৰক হৈয়ো উঠিব পাৰে। আজি আমাৰ এই আলোচনাত এনে এবিধ ঘৰৰ ভিতৰত ৰুৱ পৰা এবিধ বিষয়ে জনাম যি এয়াৰ পিউৰিফায়াৰৰ দৰে কাম কৰে।
ঘৰৰ ভিতৰত ৰোপণ কৰিব পৰা এই Spider plant নামৰ এই উদ্ধিদবিধে বায়ুত থকা টলুইন, কাৰ্বন মনোক্সাইড, জাইলিন, ফৰ্মেলডিহাইডৰ দৰে বিপদজনক ৰাসায়নিক পদাৰ্থ আঁতৰ কৰাত সহায় কৰে। ই দেখাত খুব আধুনিক। লগতে স্বাস্থ্য সন্মত। বিশেষজ্ঞসকলে বিশ্বাস কৰে যে Spider plant নামৰ এই উদ্ধিদবিধে চাপ বৃদ্ধি সহায়ক।

ঘৰত Spider plant থাকিলে কৰ্টিচোলৰ হৰমন হ্ৰাস হয়। যি এজন ব্যক্তিক চাপ আৰু হতাশাৰ পৰা সকাহ দিয়াত সহায় কৰে। ইয়াৰ বাহিৰেও, ৰক্তচাপ, হৃদৰোগ আৰু Spider plant ৰোগীৰ কোঠাত ৰাখিলে ৰোগীক সহায় কৰে। স্পাইডাৰ প্লান্ট আপুনি যিকোনো ধৰণৰ টাবত ৰোপণ কৰিব পাৰে। তদুপৰি এই উদ্ভিদৰ প্ৰয়োজন নহয় বৰ বেছি যত্নও।
Share your comments