
স্বাভাৱিকতে ঋতুস্ৰাৱৰ সময়ত পেটৰ বিষ হয়, পেটত খোচ মাৰি ধৰে, ভৰি আৰু কঁকাল, গৰ্ভাশয়ৰ কাষৰ গাঁঠিবোৰো টানি ধৰে, বিষ হয়। এই বিষ ভৰিলৈকে বিয়পি পৰে। বিষ বাঢ়ি গ’লে বমি আৰু শৌচ হোৱাও পৰিলক্ষিত হৈছে। স্ৰাৱ যোৱা কম হ’লে বিষ বাঢ়ি যায়। ইয়াৰোপৰি ঋতুস্ৰাৱত হোৱা বিষৰ ভয়ে মাংসপেশীৰ স্বাভাৱিক ক্ৰিয়াত বাধাৰ সৃষ্টি কৰে। ফলত স্ৰাৱৰ লগত টুকুৰা-টুকুৰো ওলাব পাৰে। তেতিয়া বিষ বেদনা এটা চৰম পর্য্যায় পালে মূৰ ঘূৰায় আৰু বুকু ধপধপায়।
ঋতুস্ৰাৱৰ সময়ত হোৱা বিষ কেইবাটাও কাৰণত হ’ব পাৰে-
1. বেছিকৈ চিন্তা-ভাৱনাৰ উদ্বেগ হ’লে ঋতুস্ৰাৱ যন্ত্ৰণাদায়ক হয়।
2. গৰ্ভাশয়ৰ বা ডিম্বাগ্ৰন্থি উখহাৰ কাৰণে নতুবা ডিম্বাগ্ৰন্থিৰ স্নায়ুৰ দুৰ্বলতাৰ কাৰণেও বেদনাদায়ক ঋতুস্ৰাৱ হয়।
2. ঋতুস্ৰাৱত কষ্ট পোৱাৰ আন এটা কাৰণ হ’ল গৰ্ভাশয়ৰ মুখখন সৰু হোৱাটো কেতিয়াবা অনুভৱহীন যৌন সম্ভোগ কৰাৰ ফলত যৌনাংগ ফুলি যায়। ইয়াৰ ফলতে ঋতুস্ৰাৱত কষ্ট হয়।
ঋতুস্ৰাৱৰ সময়ত ল’বলগীয়া কেইটামান সাৱধানতা-
1. ঠাণ্ডাৰ পৰা বাচি থকা উচিত।
2. কোষ্ঠকাঠিন্য একেবাৰে হ’ব দিব নালাগে।
3. জলকীয়া-মছলা আদিৰ পৰা আঁতৰত থকাই ভাল।
4. বেছি কষ্টকৰ কাম কৰিব নালাগে।
চিকিৎসা (Treatment)
1. ঋতুস্ৰাৱতে কষ্ট পোৱাসকলে গৰম পানীৰে গা ধুব লাগে।
2. ৰাতিপুৱা আৰু গধূলি দুবাৰ গৰম পানীৰে গা ধুব লাগে। এবাৰ কঁকালৰ তলৰ পৰা ঠাণ্ডা পানীৰে ধুব লাগে। এনে কৰিলে বিষৰ পৰা উপশম পোৱা যায়।
3. ৰোগীয়ে গুড় খাই দিলেও স্ৰাৱ বেছিকৈ যোৱাৰ ফলত বিষয় উপশম ঘটে।
4. আজোৱানৰ গুড়ি এক চামুচ এগিলাচ গৰম গাখীৰৰ লগত মিহলাই দিনে দুবাৰকৈ নিতৌ গ্রহণ কৰিব লাগে।
5. যোগাসনৰ জৰিয়তে ঋতুস্ৰাৱৰ বিষ-বেদনা নোহোৱা কৰিব পাৰি নিয়মিতভাৱে পদ্মাসন আৰু মুদ্রাসন কৰিলে সুফল পোৱা যায়।
ইয়াৰ পিছতো যদি বিষৰ উপশম নহয় তেনেহ’লে স্ত্ৰীৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত।
Share your comments