
আপুনি জানেনে কেঁচা পনীৰ আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী? কেঁচা পনীৰত আমাৰ দেহৰ বাবে প্রয়োজনীয় বহুতো পুষ্টি যেনে- প্ৰ'টিন, কাৰ্বোহাইড্ৰেট, ফোলেট, ভিটামিন আৰু কেলচিয়াম থাকে, যি আমাৰ শৰীৰৰ বাবে অতি লাগতিয়াল৷ আপোনাৰ যদি পনীৰ (Paneer) অতি প্রিয়, তেন্তে কেঁচা পনীৰ খাব পাৰে। বিশেষজ্ঞৰ মতে কেঁচা পনীৰ (Raw paneer) দেহৰ বাবে অতি লাভজনক। কেঁচা পনীৰ খোৱাৰ ফলত আমাৰ স্বাস্থ্য লাভালাভৰ বিষয়ে তলত আলোচনা কৰা হল -
ছালৰ বাবে উপকাৰী
কেঁচা পনীৰ খালে ছালৰ উজ্জ্বলতা বৃদ্ধি হয়। কিয়নো পনীৰত প্ৰ'টিন, ভিটামিন-A, বি1, বি3, বি6 ৰ লগতে বহুতো পুষ্টি আৰু চেলেনিয়াম, ভিটামিন E, এণ্টিঅক্সিডেণ্ট থাকে যি মুক্ত ৰেডিকেলৰ বিৰুদ্ধে যুঁজাৰ সহায়ক। ই ছাল সতেজ আৰু উজ্জ্বল কৰি তোলে।
ওজন হ্ৰাস হয়
কেঁচা পনীৰ খালে ওজন হ্ৰাস হয়৷ পনীৰত প্রচুৰ পৰিমাণে লিনোলিক এচিড থাকে। যিয়ে দেহৰ চৰ্বি দহন প্ৰক্ৰিয়া দ্ৰুত কৰে আৰু অতিৰিক্ত ওজন হ্রাস কৰাত বিশেষ ভূমিকা গ্রহণ কৰে।
হাড় মজবুত কৰে
কেঁচা পনীৰে হাড় মজবুত কৰাত সহায় কৰে। কেঁচা পনীৰত প্রচুৰ পৰিমাণে কেলচিয়াম আৰু ফছফৰাছ থাকে যি হাড় শক্তিশালী কৰে।
দেহৰ দুর্বলতা দূৰ কৰে
শৰীৰৰ দুৰ্বলতা আৰু সোনকালে ভাগৰ লগা দূৰ কৰিবলৈ কেঁচা পনীৰ খাব লাগে। পনীৰ বহুতো পুষ্টি থকাৰ বাবে, ই দুৰ্বলতা আৰু ভাগৰ দূৰ কৰিব পাৰে, তদুপৰি ই ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু প্লেটলেট বৃদ্ধি কৰিব পাৰে।
মানসিক চাপ উপশম কৰে
বর্তমান সময়ত সকলোৰে জীৱনত কম-বেছি পৰিমানে মানসিক চাপ থাকে। গতিকে আপুনি সাময়িকভাৱে হলেও আঁতৰাবলৈ কেঁচা পনীৰ খাব পাৰে। ই আপোনাৰ চাপ দূৰ কৰিব আৰু মানসিক স্বাস্থ্য সন্তুলিত কৰি ৰাখিব।
পাচন তন্ত্ৰ উন্নত কৰে
কেঁচা পনীৰ খালে আমাৰ পাচন প্রক্রিয়া উন্নত হয় আৰু কোষ্ঠকাঠিন্যৰ পৰা হাত সাৰিব পাৰি। পনীৰত আইচোটিন আৰু চৰ্বিটল উপাদান থাকে যি এই সমস্যাবোৰৰ পৰা পৰিত্রান পোৱাত সহায় কৰে।
এই প্ৰবন্ধৰ তথ্য সাধাৰণ বিশ্বাসৰ ওপৰত আধাৰিত। কৃষি জাগৰণে এয়া নিশ্চিত নকৰে। এইবোৰ গ্রহণ কৰাৰ আগত বিশেষজ্ঞৰ পৰামর্শ লব
Share your comments