গ্ৰীষ্মকালীন ফল কঁঠাল
কঁঠাল অসমৰ গাঁও-চহৰ সকলো বাৰীত উপলব্ধ এবিধ সহজলভ্য গছ। ই এবিধ উৎকৃষ্ট গ্রীষ্মকালীন ফল। ইয়াৰ ইংৰাজী নাম জেক ফ্ৰুইট (Jack Fruit)। কঁঠাল চিৰহৰিৎ উদ্ভিধ। এইবিধ উদ্ভিদ প্রায় ১৫-২০ ফুটমান ওখ হয়। ইয়াৰ পাতবোৰ নিমজ নহয়। ফলবোৰ সাধাৰণতে আয়তাকাৰ গোল। ফলৰ বাকলি অংশত অলপ জোঙাল সৰু-সৰু কাঁইট থাকে। পকা কঁঠালৰ ভিতৰত হালধীয়া বৰণৰ সোৱাদেৰে ভৰা ফোটা থাকে। এই ফোটাবোৰৰ ভিতৰত গুটি থাকে। গুটিবোৰ টান। পকা কঁঠালৰ ফোটবোৰ মিঠা আৰু ৰসাল৷ কেঁচা কঁঠাল তৰকাৰি ৰান্ধি খাব পাৰি। কঁঠালৰ গুটিবোৰো ভাজি বনাই, দাইলত দি নাইবা মাছেৰে আঞ্জা ৰান্ধি খাব পাৰি। কঁঠাল গুটিৰ খাৰো উপাদেয় ব্যঞ্জন। কঁঠাল বৰ পুষ্টিকৰ ফল। অৱশ্যে কঁঠালত থকা গোন্ধৰ বাবে বহুতে কঁঠাল খাব নোখোজে। কঁঠালত ঔষধি গুণো আছে। কিছুমান ঔষধি গুণ এনেধৰণৰ-
- কেঁচা, পকা উভয়বিধ কঁঠালেই শক্তিদায়ক।
 - কঁঠালৰ কুকুৰীকণা ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে।
 - কৌষ্ঠকাঠিন্যত ভোগাসকলৰ বাবে কঁঠাল উপকাৰী। কাৰণ ই শৌচ খোলোচা কৰে।
 - কঁঠালে কর্কট ৰোগ প্রতিৰোধ কৰাত সহায় কৰে।
 - যৌনশক্তি বৃদ্ধিও কঁঠালে অগ্রণী ভূমিকা লয়।
 - কঁঠালে শুক্ৰানুবৃদ্ধিত সহায় কৰে। বিশেষকৈ কঁঠালৰ গুটি খালে শুক্ৰানু বৃদ্ধি হয়।
 - ৰক্তহীনতাত ভোগাসকলৰ বাবে কঠাল উপকাৰী। ই ৰক্ত বৃদ্ধিত সহায় কৰে।
 
সাধাৰণ জিকাৰ অসাধৰণ গুণ
জিকা এবিধ লতাজাতীয় পাচলি। ইয়াৰ পাতবোৰ খহটা৷ ফুলবোৰ হালধীয়া ৰঙৰ৷ ফলবোৰ দীঘলীয়া যদিও কিছুমান থোপোকা জিকাও থকা দেখা যায়। ফল কোমল। ফলত দীঘলীয়াকৈ সিৰ থাকে। কেঁচা অৱস্থাত জিকা সেউজীয়া। পকিলে মাটি ৰঙৰ হয়। জিকাৰ ভিতৰত থকা গুটিবোৰ বগা যদিও পকিলে ক’লা বৰণৰ হয়। জিকা এবিধ পুষ্টিকৰ পাচলি। ইয়াত খনিজ পদার্থ আৰু খাদ্যপ্রাণ যথেষ্ট পৰিমাণে পোৱা যায়। ই নিৰোগী পাচলি। সেয়ে প্রায় সকলো ৰোগীয়ে ইয়াক গ্রহণ কৰিব পাৰে। সেই জিকাৰো পিছে বহু ঔষধি গুণ আছে। তাৰে কিছুমান এনে ধৰণৰ-
- জিকা খালে কৌষ্ঠকাঠিন্য দূৰ হয়।
 - অন্ত্রমূল ৰোগত আক্রান্ত ব্যক্তিৰ বাবে জিকা সুপথ্য।
 - ছাইনাছাইটিছ ৰোগীৰ বাবেও জিকা উপকাৰী। ইয়াৰ পূৰঠ গুটিৰ পৰা ৰস উলিয়াই ১০-১৫ দিনমান নাকত দিলে সুফল পোৱা যায়।
 - জিকা পিত্তশূল ৰোগীৰ বাবেও উপকাৰী।
 - যিকোনো ছালৰ ৰোগত জিকা সুপথ্য।
 - জিকাৰ পাত পিহি ৩-৪ মাহমান কুণ্ঠ ৰোগ হোৱা ৰোগীৰ ছালত লগালে উপকাৰ পোৱা যায়।
 - পাকস্থলীত ঘা হ’লে মছলা নিদিয়াকৈ জিকা ৰান্ধি খালে উপকাৰ পোৱা যায়।
 - মণ্ড দাইলেৰে ৰন্ধা জিকাৰ তৰকাৰি কলা জ্বৰত আক্ৰান্ত ৰোগীৰ বাবে উপকাৰী।
 - কুকুৰীকণা ৰোগীৰ বাবেও জিকা সুপথ্য
 - লেখিকা: ললিতা শৰ্মা লহকৰ, অসম বাণী।
 
                    
                    
                    
                    
                                        
                                            
                                            
                        
                        
                        
                        
Share your comments