1. স্বাস্হ্য আৰু জীৱন

ৰোগ প্ৰতিৰোধী খাদ্য

KJ Staff
KJ Staff
Foods Protect Diseases
Foods Protect Diseases

স্বাস্থ্য ৰক্ষাৰ বাবে আৱশ্যক হোৱা খাদ্যবোৰ দেহৰ মৌলিক পুষ্টি সাধন কৰাৰ উপৰি দেহৰ বৃদ্ধি তথা বিকাশ সাধনতো কাৰ্যকৰী ভূমিকা পালন কৰে। এনে খাদ্যবোৰে শৰীৰৰ স্বাস্থ্য উন্নত কৰাৰ উপৰি বেমাৰৰ লগত যুঁজ কৰাতো সহায় কৰে। এনে খাদ্যই শৰীৰৰ পুষ্টিসাধন কৰাৰ জৰিয়তে সুস্বাস্থ্য সুৰক্ষিত কৰাতে ক্ষান্ত নাথাকি বেমাৰ নিৰাময় তথা প্ৰতিৰোধ কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শৰীৰৰ সাধাৰণ হিতসাধন, ৰোগৰ লক্ষণ নিয়ন্ত্ৰণ তথা মাৰাত্মক প্ৰক্ৰিয়াবোৰক বাধা প্ৰদান কৰি দেহক সুৰক্ষা প্ৰদান কৰিবলৈ কাৰ্যকৰী খাদ্যৰ অৰিহণা অপৰিসীম। নিৰ্দিষ্ট খাদ্যবোৰ সঠিক কামত লগা বুলি ক’ব পাৰি যদিহে এইবোৰ জৈৱ ৰাসায়নিক তথা প্ৰতিজাৰক পদাৰ্থৰে সুসমৃদ্ধ হৈ থাকে, য’ত লগতে সূক্ষ্ম তথা স্থূল পোষক দ্ৰব্য মজুত থাকে। উদ্ভিদ ৰাসায়নিকবোৰ স্বাভাৱিক সক্ৰিয় ৰাসায়নিক। এইবোৰ ফল-মূল, শাক-পাচলি, ছয়া খাদ্যসমূহ, শস্য বহুতো শাক-বন, মচলা আদিত উভৈনদী, যিবোৰে সামগ্ৰিক স্বাস্থ্য উন্নত কৰিব পাৰে। আনহাতে, প্ৰতিজাৰক এনে এবিধ অণু, যিয়ে আন অণুৰ জাৰণ ৰোধ কৰে। জাৰণ ক্ৰিয়া সংঘটিত হ’লে মুক্তমূলক উৎপন্ন হয়। এই কণিকাবোৰে কোষত শৃংখল বিক্ৰিয়া আৰম্ভ কৰে, যাৰ পৰিণতি কোষৰ ক্ষতিসাধন অথবা চৰম অৱস্থাত মৃত্যু। প্ৰতিজাৰকবোৰে মুক্তমূলকৰ মধ্যৱৰ্তী অৱস্থা আঁতৰ কৰি শৃংখল বিক্ৰিয়াৰ অৱসান ঘটায় আৰু আন জাৰণ বিক্ৰিয়াবোৰ ৰোধ কৰে। মুক্তমূলকবোৰে কোষৰ যি ক্ষতিসাধন কৰে তাক বাধা দিব পাৰে প্ৰতিজাৰকে, যিবোৰে মুক্তমূলক নিষ্ক্ৰিয় কৰে। এইবোৰ খাদ্য খাদ্যপ্ৰাণত চহকী, য’ত তাম, দস্তা, ছেলেনিয়াম উভৈনদী আৰু ৰেছভাৰেট্টল, ফ্লেভনয়ড্‌ছ আদিৰ দৰে পলিফেনলন সমৃদ্ধ খাদ্যত প্ৰতিজাৰক থাকে। এনে গুণসম্পন্ন ভাল খাদ্যবোৰ হ’ল-মাছ, সামুদ্ৰিক প্ৰাণী, শস্যৰ বীজ, কণী, কুকুৰাৰ মাংস, ফল-মূল, শাক-পাচলি, নহৰু আদি। তেজত থকা কেতবোৰ অপকাৰী কণিকাই চিকিৎসা সম্পৰ্কীয় সমস্যা সৃষ্টি কৰাৰ উপৰি নানা জটিলতাৰ সৃষ্টি কৰিব পাৰে প্ৰতিজাৰকী এই বিধ্বংসী কণিকাবোৰৰ হানিকাৰক প্ৰক্ৰিয়াত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি স্বাস্থ্যৰক্ষাৰ পথ সুগম কৰে। আমাৰ শৰীৰে খাদ্যৰ পৰা আহৰণ কৰা প্ৰতিজাৰকৰ জৰিয়তে নানা ধৰনৰ সুবিধাৰ সৃষ্টি কৰি দেহ সুস্থ-সবল কৰি ৰখাৰ উপৰি ৰোগ প্ৰতিৰোধ কৰাৰ বেলিকাও আশানুৰূপ ফল লাভ কৰে।

বহু গৱেষকে প্ৰমাণ দিয়া মতে, কেতবোৰ খাদ্যত নিৰ্দিষ্ট উপাংশ থাকে, যিবোৰে ব্যক্তিৰ স্বাস্থ্য সুৰক্ষিত কৰাত সহায় কৰে। খাদ্য তথা পৰিপুষ্টিৰ উপাদানবোৰে অভিযোজিত প্ৰযুক্তি কৌশলৰ জৰিয়তে অগ্ৰসৰ হৈ মানুহৰ শাৰিৰীক তথা মানসিক উপকাৰ সাধন কৰে। বহুতো পৰম্পৰাগত খাদ্য-সম্ভাৰত থকা উপাদানবোৰ স্বাস্থ্য উপযোগী সম্ভাৱনাৰে পৰিপূৰ্ণ।

সাম্প্ৰতিক কালত ভালেসংখ্যক লোকে ওট্‌ছ অথবা ওত নামৰ শস্যৰ পৰা প্ৰস্তুত কৰা খাদ্য গ্ৰহণ কৰে, যিবোৰত বহুতো দ্ৰৱণীয় আঁহ থাকে, যিবোৰে তেজত ক’লেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। যিবোৰ লোকে দেহৰ ভাৱ কমাব বিচাৰে। তেওঁলোকে পুৱাৰ জলপান হিচাপে ইয়াক গ্ৰহণ কৰি সুফল লাভ কৰিব পাৰে। তেল থকা মাছত বিশেষ ধৰণৰ স্নেহ যেনে- ওমেগা ৩ উভৈনদী, এই পদাৰ্থই ট্ৰাইগ্লিচাৰাইড্‌ছ হ্ৰাস কৰি ধমনী বিষয়ক কলিজাৰ ৰোগ প্ৰতিহত কৰে। সামান্য অথবা মুঠেই তেল নিদিয়াকৈ ৰন্ধা এনে মাছ স্বাস্থ্যৰ বাবে উপযোগী। বিলাহী, মধুৰিআম, অমিতা, তৰমুজ আদিত উদ্ভিদজ ৰাসায়নিক যেনে লাইক’পেন থাকে যি পদাৰ্থ দেহৰ স্বাস্থ্যৰক্ষাৰ বাবে উপকাৰী, কিয়নো ই কলিজাৰ বিকাৰ, কেতবোৰ কৰ্কট ৰোগ বিশেষকৈ মদন গ্ৰন্থিৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে। সকলো ধৰণৰ সেউজীয়া তথা শাক-পাত জাতীয় পাচলিত প্ৰচুৰ পৰিমাণে উদ্ভিদজ ৰাসায়নিক থাকে, যিবোৰ কেৰ’টিনয়ড্‌ছ, ছালফ’ৰেপহেন্‌ছ, এ পিজেনিন, লুটেইন, জিয়াজেন্থিন আদি নামেৰে জনাজাত। এই সকলো উপাংশই কোষত কৰ্কট ৰোগ উৎপন্ন কৰিব পৰা পদাৰ্থ (কাৰ্টিন’জেন) প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে। ছালফ’ৰেপহেনছ আৰু এপিজেনিন নামৰ পদাৰ্থই কলিজাক বেমাৰৰ আক্ৰমণৰ পৰা নিৰাপত্তা প্ৰদান কৰে। লুটেইন নামৰ পদাৰ্থই বয়সিয়াল লোকৰ বেলিকা অন্ধতা লাঘৱ কৰে। জিয়াজেন্থিন নামৰ পদাৰ্থই আনহাতে, শৰীৰৰ প্ৰতিৰোধ ক্ষমতা মজবুত কৰে। কেতবোৰ শাক-পাচলি যেনে-চজিনাৰ পাত, ব্ৰ’কলি, ধনিয়া, পদিনা আদিত উপৰি উক্ত ৰাসায়নিকবোৰ উভৈনদী যিবোৰ প্ৰতিদিনে খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰি স্বাস্থ্যৰক্ষা তথা বেমাৰ প্ৰতিৰোধ আৰু নিৰাময়ত সফলতা অৰ্জন কৰিব পাৰি।

সকলো ধৰণৰ ফল বিশেষকৈ নেমু, বেল, আমলখি আদিত পৰ্য্যাপ্ত পৰিমাণে প্ৰতিজাৰক থাকে, যি পদাৰ্থই উচ্চ ৰক্তচাপ তথা কলিজাৰ বিকাৰ প্ৰতিৰোধ কৰে। কেতবোৰ খাদ্য যেনে- দৈ, মাখন, তোলা গাড়ীৰ, তপতোৱা গাড়ীৰ দৈ আদিত থকা জৈৱ পদাৰ্থই পাকস্থলী, পাচন নলী আদি সুৰক্ষিত কৰাত সহায় কৰে। এই খাদ্যবোৰত অধিক মাত্ৰাত থকা কেলচিয়ামে হাড়ৰ গঠন তথা সুৰক্ষাত অপৰিসীম সহায় কৰে। ছয়াবিন এবিধ উত্তম শস্য য’ৰ পৰা উৎপাদন কৰা ছয়া গাখীৰ গুৰি আদিৰ দৰে নানাবিধ খাদ্য খালে তেজত বেয়া ক’লেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰি ভাল ক’লেষ্টেৰলৰ পৰিমাণ বৃদ্ধি কৰে। উল্লেখ্যযোগ্য যে তেজত বেয়া ক’লেষ্টেৰলৰ পৰিমাণ বাঢ়িলেই তেজ পৰিবাহী নলীৰ ভিতৰবেৰত জমা হৈ নলীৰ ফুটা ঠেক কৰে যাৰ ফলত ৰক্তচাপ বৃদ্ধি পায়।

 লিখক: আনন্দ দেৱ গোস্বামী, দৈনিক অসম।

English Summary: Foods to protect us from diseases

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.