 
    লতাজাতীয় উদ্ভিদ ভেদাইলতাৰ বৈজ্ঞানিক নাম Paedericto Chide। ভেদাইলতা Rubiaceae গোটৰ অন্তৰ্গত। ভেদাইলতা এবিধ ঔষধি গুণবিশিষ্ট বনশাক। ভেদাইলতাৰ এটা অকটা গোন্ধ আছে। ভেদাইলতা ঘৰৰ-বাৰীখনৰ জেকা আৰু হাবিতলীয়া ঠাইত গজে।
ভেদাইলতাৰ বেয়া গোন্ধৰ কাৰণ
এই লতাৰ পাত বা কাণ্ড মুচৰি দিলে চালফাৰৰ দৰে গোন্ধ (sulphurous odour) ওলায়। এই গোন্ধৰ কাৰণ হ’ল ভেদাইলতাৰ লতাৰ পাত বা কাণ্ডত ছালফাৰৰ যৌগ যেনে ডাইমিথাইল ডাইছালফাইড (dimethyl disulphide) থাকে। এই পাত মোহাৰি দিলে এই যৌগ থকা তেল বাহিৰ হয় আৰু তীব্ৰ গোন্ধ ওলায়। সেয়েহে ভেদাইলতাৰ অন্য এক নাম হ’ল পাদুৰীলতা।
ভেদাইলতাৰ ঔষধিগুণসমূহ হ’ল-
- 
ডায়েৰিয়া ৰোগত ভেদাইলতা উপকাৰী। পেটৰ বিভিন্ন প্ৰকাৰৰ ৰোগ, অৰুচি, গ্ৰহণী আদিত ভেদাইলতাৰ তৰকাৰী খালে সুফল পোৱা যায়। 
- 
বাতবিষত আক্ৰান্ত হ’লে ভেদাইলতা ৰস খালে আৰোগ্য হয়। 
- 
অৰ্শৰোগত ভেদাইলতাৰ শিপাৰ ৰস খাব লাগে। 
- 
ভেদাইলতা শক্তিবৰ্ধক। পাত আৰু শিপাৰ ৰস নিয়মীয়াকৈ খাব লাগে। 
- 
দাঁতৰ বিষ হ’লে ভেদাইলতাৰ গুটি খাব লাগে। 
- 
ভেদাইলতাৰ ৰস খালে স্নায়ুৰোগত সুফল পোৱা যায়। 
- 
ভৰি-হাতৰ হাড় ভাগিলে বা মোচোকা খালে ভেদাইলতা পিচি তাৰ ৰসৰ প্ৰলেপ দিলে বিষ কমে। 
- 
ভেদাইলতাৰ ৰসে হজম শক্তি বঢ়ায়। 
- 
ছালৰ ৰোগত ভেদাইলতাৰ ৰসৰ প্ৰলেপ দিলে সুফল পোৱা যায়। 
- 
প্ৰ্সূতিসকলক প্ৰসৱৰ আগে-পিছে ভেদাইলতাৰ চাটনি কৰি খুৱাব লাগে। 
- 
গা আৰু বুকুৰ বিষত ভেদাইলতা উপকাৰী। 
গতিকে ইমানবোৰ ঔষধি গুণযুক্ত ভেদাইলতাক খাদ্য তালিকাত আগস্থান দি ইয়াৰ জুতি লওঁ আৰু শৰীৰটোক নিৰোগী কৰি ৰাখোঁ আহক।
উৎস-Vikaspedia
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments