
অসমীয়া সমাজত অতীজৰে পৰা প্ৰচলিত এবিধ উদ্ভিদ হৈছে নুনি অথবা মালবেৰী (Mulberry)। ই হৈছে সহজাত লাভ কৰিব পৰা এবিধ অখ্যাত ফল যি আপোনাৰ শৰীৰৰ বাবে অত্যন্ত উপযোগী। নুনি গছৰ পাত আৰু পাতৰ ৰস, গছৰ গুটি, গা-ছালৰ ৰস আদি বহু পুৰণি দিনৰ পৰাই মানুহে খাইছিল। এই নুনি গছৰ বহু ঔষধি গুণ আছে বুলি সকলো মানুহ জ্ঞাত নহয়, কিন্তু আগৰে পৰাই পৃথিৱীৰ বহু কেইখন দেশে অন্য ফলৰ লেখীয়াকৈ খোৱাৰ লগতে পাত–শাক হিচাবেও খায়।
-
সতেজ নুনি বা মালবেৰীত ৮৮ %পানী, কেলৰি ১.৭% ,আহঁযুক্ত পদাৰ্থ ১.৪% , প্ৰটিন ০.৪১ % আৰু চৰ্বী থাকে।
-
নুনিত আইৰণ, ভিটামিন-C, ভিটামিন E & K আৰু পটাছিয়াম থাকে।
-
নুনিত থকা Anthocyanin এ কলেচতেৰল আৰু হৃদৰোগ প্ৰতিৰোধত সহায় কৰে।
খাদ্য হিচাপে:
নুনি পাতৰ পৰা চাহৰ নিচিনাকৈ প্ৰস্তুত কৰি খাব পাৰি। কেচাঁ নুনিগুটি খোৱাটো শৰীৰৰ কাৰণে হানিকাৰক কিন্তু ইয়াৰ পাতৰ ৰস খালে শৰীৰৰ কাৰণে ভাল বুলি কয়। কুমলীয়া নুনি পাতেৰে পকৰা খাবলৈও ভাল।
ইয়াৰ উপৰিও নুনিৰ পকা গুটি খাবলৈ বৰ সোৱাদযুক্ত। নুনিৰ পৰা ব্ৰেড, মাফিনচ, জাম, মদ আৰু Ice cream আদিও বনায়। নুনি মানুহৰ বৰ প্ৰিয় খাদ্য হিচাপে ব্যৱহৃত হৈছে। অসমৰ কাৰ্বি আংলং আদি ঠাইত মাংসৰ সৈতে কুমলীয়া নুনি পাতৰে আঞ্জা ৰান্ধি খায়।
মালবেৰী প্ৰাকৃতিক ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্ধক বুলি কোৱা হয়। মালবেৰীত থকা মেংগানিজে কোষবোৰক মুক্ত ৰেডিকেলৰ প্ৰভাৱৰ পৰা সুৰক্ষিত কৰি ৰাখে। অয়ুৰ্বেদিক তথ্য অনুসৰি মালবেৰীত কাৰ্বোহাইড্ৰেট থাকে, যি চেনিক গ্লুকোজলৈ ৰূপান্তৰ কৰে আৰু কোষবোৰক শক্তি প্ৰদান কৰে। মালবেৰী গ্ৰহণে আপোনাৰ শৰীৰত আইৰনৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে অক্সিজেনৰ যোগান পৰ্যাপ্ত কৰে।
লগতে পঢ়ক-মাটিকঁঠাল অথবা অনাৰসৰ খেতিঃ জানক কেনেদৰে কৰা হয় ইয়াৰ পৰিচৰ্যা
Share your comments