 
            জালুক এবিধ অনন্য ঔষধি গুণেৰে পৰিপুষ্ট লতাজাতীয় গছ। সেয়েহে এই গছে আন গছৰ সহায়তহে বগাই ওপৰলৈ উঠি যায় । পাণ আৰু পিপলি গছৰ পাতৰ লগত এই গছৰ পাতৰ সাদৃশ্য দেখা যায় । সেউজীয়া বৰণৰ ক্ষুদ্ৰ ক্ষুদ্ৰ গোলাকাৰ গুটিবোৰ পুৰঠ হ’লে ক’লা বৰণৰ হয়। গছত থোপাথোপে লগা গুটিবিলাক জ্বলা। জালুকৰ বৈজ্ঞানিক নাম ‘পিপাৰ্ নাই গ্ৰাম’। ভাৰতৰ বিভিন্ন ৰাজ্যত ইয়াক বিভিন্ন নামেৰে জনা যায়। বাংলা ভাষাত ইয়াক ‘গোলমৰিছ’ আৰু হিন্দীত ‘গেলিমিৰ্চ’ বোলা হয় । সমগ্ৰ ভাৰতবৰ্ষতে মানুহে মছলা হিচাপে বিভিন্ন ব্যঞ্জনৰ লগত ইয়াক ব্যৱহাৰ কৰে । কাৰণ জালুকৰ আছে মানুহৰ ৰোগ নিৰাময়ৰ অনেক ঔষধি গুণ। উল্লেখযোগ্য যে জালুক এবিধ গুৰুপাক নাশক, ৰুচিকৰ আৰু বায়ু নাশক । তদুপৰি
জালুকৰ আছে বিভিন্ন ঔষধি গুণ-
- 
মানুহে কঠোৰ শাৰীৰিক শ্ৰম কৰাৰ ফলত শৰীৰৰ অসহ্য বিষ-বেদনা হ’লে ভেদাইলতাৰ পাত বা ঠাৰিৰ ৰসৰ সৈতে জালুকৰ গুড়ি অকণমান মিহলাই একেৰাহে দিনত দুবাৰকৈ প্ৰায় তিনি-চাৰি দিন মান খালে বিষ উপশম হয়। 
- 
ফেৰিণজাইটিছ অসুখত দীৰ্ঘদিন ধৰি ভুগি থকা মানুহে দুই-তিনিটা জালুকৰ গুড়ি মণিছালৰ দুটা গুটিৰ বাকলিৰ ৰসৰ সৈতে মিশ্ৰণ কৰি কুহুমীয়া একাপ গৰম পানীত ভালদৰে মিহলাই ৰাতি ভাত খোৱাৰ পাছত এচামুচকৈ দুই বা তিনি দিন খালে ৰোগ নিয়ন্ত্ৰণ হয় । এই মিশ্ৰণ কেতিয়াও খালী পেটত খাব নালাগে । 
- 
দীৰ্ঘদিন ধৰি পিত্ত ৰোগত আক্ৰান্ত হৈ থকা মানুহৰ বায়ু ঊৰ্ধ্বমুখী হৈ হাওঁফাওঁ, বুকু, মূৰৰ বিষ আদিৰ সৃষ্টি হয় । তেতিয়া এই ৰোগ নিৰাময়ৰ বাবে প্ৰায়ে ৩০০ গ্ৰাম গাখীৰৰ লগত তিনি-চাৰিটামান জালুকৰ গুড়ি ভালদৰে মিহলাই প্ৰতিদিনে দুবাৰকৈ পাঁচ-ছদিন খাব লাগে । 
- 
মাজে-সময়ে টনছিলৰ অসুখত ভোগা মানুহে ক’লা কচুৰ আঞ্জাৰ লগত চাৰি-পাঁচটামান জালুকৰ গুড়ি মিহলাই খালে এই অসুখ উপশম হয় । দুই-তিনি দিনৰ মূৰে মূৰে একেৰাহে এসাঁজকৈ এমাহ খালে এই অসুখৰ সুফল পোৱা যায় । 
- 
নিমোনিয়া, পানী লগা, কাহ, শ্বাসৰোগ আদিত আক্ৰান্ত হোৱা লোকে এচামুচ মৌ জোলৰ লগত তিনিটা বা চাৰিটা জালুকৰ গুড়ি ভালদৰে মিহলাই প্ৰতিদিনে তিনিবাৰকৈ একেৰাহে তিনি-চাৰি দিন খালে এই ৰোগ সম্পূৰ্ণ নিৰাময় হয়। 
- 
পূৰ্ণনৱা বা পনৌনোৱা গছৰ শিপাৰ লগত অকণমান জালুকৰ গুড়ি মিশ্ৰণ কৰি আকৌ ভালদৰে সেই মিশ্ৰণ খুন্দি অলপ কুহুমীয়া গৰম পানীৰে দিনে দুবাৰকৈ একেৰাহে প্ৰায় আঠ-ন দিন খালে হাঁপানী ৰোগৰ উপশম হয়। 
- 
তিনি-চাৰিটামান জালুকৰ গুড়িৰ লগত সামান্য নিমখ মিহলাই সেই মিশ্ৰণখিনিকে দিনত তিনিবাৰ খালে সৰু ল’ৰা-ছোৱালীৰ কৃমি নাশ হয়। এয়া একেৰাহে কেইদিনমান নিয়মিত খাব লাগে। 
- 
বেলপাতৰ ৰসৰ সৈতে জালুকৰ গুড়ি ভালদৰে মিহলাই বিহ ফোঁহাৰ চাৰিওফালে প্ৰলেপ দিলে ফোঁহা শুকাই যায় । একেৰাহে তিনি-চাৰি দিনমান লগাব লাগে। 
- 
যকৃতৰ অসুখত ভোগা মানুহৰ মুখৰ দুৰ্গন্ধ আঁতৰাবলৈ পিপ্লি আৰু আদাৰ ৰসৰ লগত জালুকৰ গুড়ি মিহলাই মাজে মাজে কেইদিনমান মুখত কিছুসময় ৰাখিব লাগে । তেতিয়া মুখৰ দুৰ্গন্ধ নাইকিয়া হয়। 
প্ৰকৃততে অনেক ঔষধি গুণেৰে পৰিপুষ্ট জালুক বৰ মূল্যৱান খাদ্যদ্ৰব্য । নানাধৰণৰ আয়ুৰ্বেদিক দৰৱ প্ৰস্তুত কৰোতেও জালুকৰ ব্যৱহাৰ অপৰিহাৰ্য । কিন্তু অধিকাংশ লোকে জালুকৰ ইমানবোৰ ঔষধি গুণ সম্পৰ্কে অৱগত নহয়। সি যি কি নহওক, অসমৰ হাবি-বননিত উপলব্ধ এই গছক পুনৰ ভালদৰে সংৰক্ষিত কৰি ৰখাৰ দায়িত্ব আমাৰ সকলোৰে।
লেখক: ঘনশ্যাম দাস
লগতে পঢ়কঃ ইলাচী খেতি: মচলাৰ ৰাণী ইলাচীৰ খেতি কেনেদৰে কৰিব, জানক সম্পূৰ্ণ তথ্য
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments