1. স্বাস্হ্য আৰু জীৱন

কঠালৰ গুটি খাই বেয়া পাই নেকি আপুনি? গুণাগুণ জানিলে আপুনিও খাবলৈ লব কঠাল গুটি

KJ Staff
KJ Staff
Health Benefit Jackfruit Seeds
Health Benefit Jackfruit Seeds

অসমৰ জলবায়ুত বিভিন্ন ধৰণৰ ফলৰ উৎপাদন হয়। আহাৰ, শাওন মাহত আম, কঠাল, মাটিকঁঠাল, মধুৰী আদি ফলেৰে ঘৰৰ বাৰী ভৰি পৰে। ইয়াৰে কেতবোৰ ফল  কেচা, পকা দুয়োধৰণে খোৱা হয় আৰু আনকি কিছুমান ফলৰ গুটিবোৰো আমি খাদ্য  হিচাবে ব্যৱহাৰ কৰো। গ্ৰীষ্মকালৰ তেনে ফলৰ ভিতৰত কঠালৰ নামেই কব লাগিব। কাৰণ কঠাল কেচা বা পকা দুয়োবিধ আমি সেৱন কৰো আনকি ইয়াৰ গুটিবোৰো পেলনী নাযায়।

গ্ৰীষ্মকালত হোৱা বিভিন্ন ফলৰ ভিতৰত কঠালেই কিজানি ডাঙৰ ফল আৰু ইয়াৰ বৈশিষ্ট্য এয়ে যে এই ডাঙৰ ফলটোৰ ভিতৰত অসংখ্য গুটি থাকে। পকা কঠাল খোৱাৰ পিছত ইয়াৰ গুটিবোৰ ভালকৈ ধুই চালনিত দি ৰ’দত শুকুৱাই থৈ গোটেই বছৰটোৰ বাবে সংৰক্ষণ কৰা হয়। সাধাৰণতে গাঁওত গৃহিনীসকলে প্ৰতিবছৰে এইদৰে কঠালগুটি সংৰক্ষণ কৰি ৰাখে। এই পৰম্পৰা অতীতৰে পৰা চলি আহিছে। এইদৰে সংৰক্ষণ কৰা কঠালগুটিৰ পৰা আবতৰত(off season) বিভিন্ন ব্যঞ্জন বনাই আমি জুতি লওঁ। পৰম্পৰাগত থলুৱা খাদ্যসম্ভাৰত কঠাল গুটিৰ বহু ব্যঞ্জন আছে যিবোৰ আমাৰ বহুতৰে নিশ্চয় অতিকে প্রিয়। কঁঠাল গুটি দি পাতলকৈ বনোৱা মচুৰ দাইল, পোৰা বা বইল কৰা কঠাল গুটিৰ পিতিকা, কঠাল গুটিৰ বৰ বা পকৰি, ঢেঁকীয়া আৰু বইল কৰা কঠাল গুটিৰ শুকান ভাজি আৰু কত যে ব্যঞ্জন আছে।

নক’লেও হ’ব যে জুতি লগা এইবোৰ ব্যঞ্জনে আমাৰ স্বাস্থ্য ৰক্ষাত সহায় কৰে আৰু লগতে বহু ৰোগৰ প্ৰতিষেধক হিচাবেও কাম কৰে। সমগ্ৰ এছিয়াতে কঁঠালৰ আদৰ আছে কাৰণ এছিয়াৰ দেশসমূহৰ জলবায়ুত কঁঠালৰ উৎপাদনো বেছি হয়। সেয়েহে এছিয়াৰ প্ৰায়বোৰ দেশতে কঠাল (কেচা, পকা দুয়োবিধ) বা কঁঠাল গুটি বিভিন্ন ব্যঞ্জনত ব্যৱহাৰ হোৱা দেখা পোৱা যায়। কঁঠালৰ দৰে কঠালৰ গুটিবোৰো পৰিপুষ্টিৰে ভৰপূৰ। ইয়াত ভিটামিন এ, থাইমিন, ৰাইব’ফ্লেভিন আদি ভিটামিন বি, প্ৰটিন, আইৰণ, জিঙ্ক, কেলচিয়াম, পতাচিয়াম, মেংগানিজ আদি বিভিন্ন অত্যাৱশ্যকীয় উপাদান পোৱা যায়। সেয়েহে স্বাস্থ্য ৰক্ষাত কঠাল গুটি বৰ উপকাৰী।

ফলৰ ভিতৰত থকা গুটিৰো যে ইমান যে পুষ্টিকৰ গুণ থাকিব পাৰে ভাবিলে আচৰিত লাগে নহয়নে বাৰু? তাতোকৈ আচৰিত লাগে যে আমাৰ পূৰ্বপুৰুষ সকলে কেনেকৈ ইমান কথা জানিছিল বাৰু! কোনবিধ ফলৰ গুটি খাব পাৰি সেইটো বাচি উলিওৱাটোও তেওঁলোকৰ বাবে নিশ্চয় অতি কষ্টৰ কাম আছিল। বাৰু যিয়েই নহওঁক, তেওঁলোকৰ জহতেই আমিও এনেবোৰ খাদ্যসম্ভাৰৰ জুতি ল’ব পাৰিছো। স্বাস্থ্য ৰক্ষাত আমাৰ চিনাকি এই কঠালগুটিয়ে কেনেদৰে  সহায় কৰে অলপ জানি থওঁ আহক:-
 পুষ্টিকৰ হোৱাৰ বাবে আৰু ভিটামিন, এন্টিঅক্সিডেন্ট আদি বহুতো অত্যাৱশ্যকীয় উপাদান থকা বাবে কঁঠাল গুটি সেৱন কৰিলে ই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে। ইয়াৰ উপৰিও বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে ই বিভিন্ন বীজাণুৰ সংক্ৰমণ ৰোধ কৰে।  E.coli আদি বেক্টেৰিয়াজনীত ৰোগ উপশম কৰাতো কঠাল গুটি উপকাৰী।

কেলচিয়াম, মেগনেছিয়াম আদি থকাৰ বাবে ই হাড়ৰ গঠন মজবুত কৰে, মাংসপেশী সবল কৰে, অষ্টিওপৰ’চিচ হোৱাটো বাধা দিয়ে। গতিকে দেখা যায় যে কঠালগুটি এক পুষ্টিকৰ খাদ্য যিয়ে আমাৰ সকলোৰে শৰীৰৰ যতন লয়।
আঁহযুক্ত হোৱাৰ বাবে পেটৰ সমস্যা যেনে কৌষ্ঠকাঠিন্য, অৰ্শ ৰোগত উপকাৰী। পেটৰ সমস্যা থকা ৰোগীয়ে কঠালগুটি খাব পাৰে।

লগতে পঢ়ক-অসমৰ বনৌষধিঃ চালকুঁৱৰী, অৰ্জুন, দুপৰ টেঙা আৰু মান কচু

কঠালৰ দৰে ইয়াৰ গুটিবোৰো ভিটামিন এ যুক্ত হোৱাৰ বাবে আমাৰ দৃষ্টিশক্তি অটুট ৰখাত সহায় কৰে। কুকুৰীকণা (night blindness) ৰোগ প্ৰতিৰোধ কৰে। সেয়েহে চকুৰ সমস্যা থকা লোকে কঠালগুটি সেৱন কৰা উচিত।
বিভিন্ন তথ্যৰ পৰা জনা যায় যে পুৰুষ মহিলা উভয়ৰে যৌন ক্ষমতা বৃদ্ধি কৰাতো কঠাল গুটি উপকাৰী। গতিকে যৌন সমস্যাত আক্ৰান্ত লোকৰ বাবে কঠাল গুটি নিশ্চয় উত্তম পথ্য।
আইৰণ থকা বাবে ৰক্তহীনতাটো উপকাৰী আৰু অন্য ৰক্তজ ৰোগতো কঠাল গুটি উপকাৰী। মাজে সময়ে কঠালগুটি সেৱন কৰিলে ৰক্তহীনতা দূৰ হয়।
 শাৰীৰিক সুস্বাস্থ্যৰ লগতে আমাৰ মানসিক সুস্বাস্থ্যৰ বাবেও ই উপকাৰী বুলি ক’ব  পাৰি। ইয়াত উপলব্ধ বিভিন্ন অত্যাৱশ্যকীয় উপাদানৰ বাবে কঁঠাল গুটিয়ে কিছু পৰিমাণে ষ্ট্ৰেছ কম কৰাতো সহায় কৰে বুলি জনা যায়। মানসিক দুঃচিন্তা বা মানসিক অৱসাদগ্ৰস্ত লোকে সেয়েহে মাজে সময়ে কঠালগুটি সেৱন কৰিব পাৰে।
ছালৰ বিভিন্ন সমস্যাতো কঠাল গুটি উপকাৰী। ইয়াৰ সেৱনে  বয়সৰ চাপ পৰা সমস্যা নিৰাময় কৰে, শুকান ৰুক্ষ ছালৰ সমস্যা দূৰ কৰে। ইয়াৰ উপৰিও বসন্ত ৰোগ হোৱাৰপিছত ছালত ৰৈ যোৱা দাগও কঁঠাল গুটি খালে লাহে লাহে কমি নাইকিয়া হৈ যায়। জনবিশ্বাস মতে কঁঠাল গুটিয়ে শুকনিৰ(as a healing medicine) দৰে কাম কৰে। সেয়েহে গাওঁসমূহত খৰিচা, মাগুৰ মাছ আদিৰ লগত কঁঠাল গুটি ভাজি খোৱাও দেখা যায়। ইয়াৰো নিশ্চয় বৈজ্ঞানিক সত্যতা থাকিব।

 সকলোৱেই বতৰৰ ফলসমূহৰ জুতি লৈ ভাল পায়। যেতিয়া আমাৰ পছন্দৰ ফলবোৰৰ গুটিবোৰো আমাৰ প্রিয় খাদ্য হৈ পৰে তেতিয়াতো কথাই নাই। আমাৰ পৰম্পৰাগত থলুৱা খাদ্যসম্ভাৰসমূহ অতি স্বাস্থ্যসন্মত। যিমানে আমি এই থলুৱা খাদ্য গ্ৰহণ কৰিম সিমানেই আমি ৰোগৰ পৰা আঁতৰত থাকিব পাৰিম সেইটো নিশ্চিত। বৰ্তমান সময়ত আমি প্ৰকৃতি প্ৰদত্ত এনেবোৰ খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। ওপৰৰ কথাখিনিৰ পৰা এটা কথাই অনুধাৱন কৰিব পাৰি যে পুষ্টিকৰ ফল কঠালৰ গুটিবোৰৰো বহু গুণাগুণ আছে। কঠালগুটি এনে এক পুষ্টিকৰ খাদ্য যিয়ে আমাৰ সকলোৰে শৰীৰৰ যতন লয়। সেয়েহে কঁঠাল গুটি খাই ভাল পোৱাসকলে বতৰ বা আৱতৰত ইয়াৰ জুতি লওক আৰু স্বাস্থ্যবান হৈ থাকক।

লগতে পঢ়ক-বেলৰ বিভিন্ন গুণাগুণ আৰু ইয়াৰ স্বাস্হ্য উপকাৰিতা-

ডাঃ ৰেইনী দেৱী (আয়ুৰ্বেদিক চিকিৎসক)
BAMS( GU)
গুৱাহাটী, ফোন – 7399114617

English Summary: Health Benefit Jackfruit Seeds

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.