1. স্বাস্হ্য আৰু জীৱন

Burmese Grapes: বতৰৰ ফল লেতেকু খোৱাৰ লাভালাভবোৰ!

RAHUL ALI
RAHUL ALI
Burmese Grapes
Burmese Grapes

লেটেকু (ইং: বাৰ্মিজ গ্ৰেপ) হৈছে ফাইলেনথেছিয়া পৰিয়ালৰ অন্তৰ্গত এজোপা মন্থৰ গতিত বৃদ্ধি হোৱা চিৰসেউজীয়া উদ্ভিদ, উচ্চতা প্ৰায় ২৫ মি পৰ্যন্ত হয়। সমগ্ৰ এছিয়া মহাদেশত এই উদ্ভিদ দেখা পোৱা যায়, ভাৰত আৰু মালেছিয়াত সাধাৰণভাৱে খেতি কৰা হয়। ইয়াক চিৰসেউজীয়া অৰণ্যত বিস্তৃত ভাবে গজা দেখা যায়।

বতৰৰ ফলৰ ভিতৰত লেতেকু এতিয়া বজাৰত উপলব্ধ। ই এক পুষ্টিকৰ ফল। ইয়াত বিভিন্ন ধৰণৰ খনিজ পদাৰ্থ থাকে, যাৰ ভিতৰত আছে ভিটামিন আৰু খাদ্য। টেঙা মিঠা সোৱাদ থকা এই ফলটো স্বাস্থ্যৰ বাবে অতি উপকাৰী।

লেতেকু খোৱাৰ লাভালাভবোৰ হৈছে:

  • যিহেতু লেতকুত যথেষ্ট ভিটামিন চি থাকে, ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। ই শৰীৰত যিকোনো ধৰণৰ সংক্ৰমণ যেনে চৰ্দি আৰু কাহ নিৰাময় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিশেষজ্ঞসকলে কৈছে যে দিনে দুইৰ পৰা তিনিটা লেতেকু খোৱাটোৱে শৰীৰৰ ভিটামিন চিৰ প্ৰয়োজনীয়তা পূৰণ কৰে। ভিটামিন চি-য়ে দাঁতৰ স্বাস্থ্যও সুৰক্ষিত কৰে।

  • যদি শৰীৰত লোৰ অভাৱ হয়, ৰক্তহীনতা হয়, তেতিয়া লেতেুকু খাব লাগে। লেতেকুত যথেষ্ট পৰিমাণৰ লো থাকে, ই ৰক্তহীনতা প্ৰতিৰোধ কৰে।

  • লেতেকু তেজৰ বাবেও উপকাৰী। ইয়াৰ কাৰণ হৈছে এই ফলটোত পৰ্যাপ্ত পৰিমাণৰ পটাছিয়াম থাকে। কলৰ দৰে, এই ফলটোৱেও উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত এক ভূমিকা পালন কৰে।

  • লেতেকুত পৰ্যাপ্ত কেলচিয়াম আছে। এই কাৰণে, লেতেকু আৰু কেলচিয়াম সমৃদ্ধ খাদ্য নিয়মীয়াকৈ খোৱাৰ ফলত হাড় হেৰুওৱাৰ আশংকা হ্ৰাস হয়।

  • লেতেকু খালে হজম উন্নত হয়। ইয়াত থকা আঁহে হজম বৃদ্ধি কৰাত সহায় কৰে। ই মলাশয়ৰ কৰ্কট ৰোগৰ আশংকাও হ্ৰাস কৰে।

  • লেতেকুৱে মূৰ ঘূৰোৱা আৰু ওকালি অহাৰ পৰা সকাহ দিব পাৰে।

লগতে পঢ়ক-ৰঙালাও গুটিৰ স্বাস্হ্য উপকাৰিতা সম্পৰ্কে গুৰুত্বপূৰ্ণ তথ্য

English Summary: Health Benefit Burmese Grapes

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.