1. স্বাস্হ্য আৰু জীৱন

বানৰ পৰা হ’ব পৰা ৰোগ

KJ Staff
KJ Staff
Flood Causes Diseases
Flood Causes Diseases

বানে মানুহৰ অৰ্থনৈতিক ভেটি দুর্বল কৰাই নহয়, স্বাস্থ্যও হানি কৰে। অর্থাৎ বানে মানৱ জীৱনলৈ বিভিন্ন ৰোগ আৰু সমস্যা কঢ়িয়াই আনে। তেনেধৰণ ৰোগ তথা সমস্যাবোৰ হৈছে— ডায়েৰিয়া, গ্ৰহণী, পানীলগা, জ্বৰ-কাহ, খৰ-খজুৱতি, পেলুৰ সমস্যা, ফুড পইজনিং আদি।

ডায়েৰিয়া-
বানৰ সময়ত বা পানী শুকোৱাৰ সময়ত ডায়েৰিয়াই মানুহক বৰকৈ জুৰুলা কৰে। বিশুদ্ধ খোৱাপানী, পুষ্টিকৰ পৰিষ্কাৰ খাদ্য, শৌচাগাৰৰ অভাৱ আদি কাৰণত মানুহ এই ৰোগত আক্রান্ত হয়। এই ৰোগত আক্রান্ত হোৱাৰ লগে লগে লোকজনৰ সঘনাই পনীয়া শৌচ হয়। সঘনাই হোৱা এই পনীয়া শৌচকে ডায়েৰিয়া হোৱা বুলি কোৱা হয়। ডায়েৰিয়াৰপৰা হাত সাৰিবলৈ বিশুদ্ধ বা পৰিষ্কাৰ খোৱাপানী আৰু পুষ্টিকৰ খাদ্য গ্রহণ কৰাটো খুবেই প্রয়োজন। খোৱাৰ আগেয়ে চাবোনেৰে হাত ভাল দৰে ধুই ল’ব লাগে। অ’ আৰ এছৰ পেকেট লগত ৰাখিব লাগে। ঘৰৰ চাৰিওফাল পৰিষ্কাৰ কৰি ৰখাটো অতি প্রয়োজন। ডায়েৰিয়া বা বমি হ’লে লগে লগে ডাক্তৰৰ কাষ চাপিব লাগে।

গ্ৰহণী-

সঘনাই পনীয়া শৌচ কৰা বা ডায়েৰিয়া হোৱা কোনো ৰোগীৰ পাইখানাৰ লগত তেজো যাব পাৰে। শৌচৰ লগত তেজ যোৱা কাৰ্যটোক তেজ হাগিনী বা গ্ৰহণী হোৱা বুলি কয়। বিভিন্ন বীজাণুৰ কাৰণে এই ৰোগ হ’ব পাৰে। বিশেষকৈ বানৰ সময়তে এই বীজাণুবোৰে মানুহৰ শৰীৰত আক্রমণ কৰে। সোনকালে চিকিৎসা নকৰিলে ই মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে। এই ৰোগৰ লক্ষণ দেখা লগে লগে ডাক্তৰৰ কাষ চপাৰ প্রয়োজন।

পানী লগা, জ্বৰ, কাহ-
বানৰ সময়ত বা পানী পৰিৱেশ আৰু তাৰ পৰা নির্গত হোৱা দুৰ্গন্ধ আদি বিভিন্ন কাৰণ মানুহৰ জ্বৰ, কাহ, পানী লগা আদি হ’ব পাৰে। এই ক্ষেত্ৰত হতাশ হোৱাৰ কোনো কাৰণ নাই। ডাক্তৰৰ পৰামর্শ লৈ ঔষধ খালেই সহজে ভাল ফল পাব পাৰি।

খৰ-খজুৱতি-
বানৰ লেতেৰা তথা বিষাক্ত পানীয়ে মানুহৰ গাত খৰ-খজুৱতিৰ সৃষ্টি কৰে। এই ক্ষেত্ৰত ডাক্তৰৰ লগত আগতীয়াকৈ যোগাযোগ কৰি মলম আদি আনি থ’ব লাগে।

পেলু-
পেলু কৃমি আদিয়ে বছৰৰ যিকোনো সময়তে আমনি কৰে যদিও বানৰ সময়তে ই বেছিকৈ উক দিয়ে। এবছৰৰ পৰা দহ বছৰৰ ভিতৰৰ ল’ৰা-ছোৱালীবোৰক পেলুৱে এই সময়ত বেছিকৈ আমনি কৰে। অৱশ্যে ডাঙৰো ইয়াৰ পৰা সাৰি নাযায়। গতিকে বানৰ সময়ছোৱাত পৰিয়ালৰ জ্যেষ্ঠসকলে অথবা চিকিৎসা সাহায্য আগবঢ়োৱা কর্মীসকলে এই দিশটোৰ প্ৰতি গুৰুত্ব দিয়াটো খুবেই প্রয়োজন।

প্ৰসৱ-প্রক্রিয়া-
বানে নাৰীৰ প্ৰসৱ প্রক্রিয়াতো প্রভাৱ পেলায়। বাট-পথ পানীয়ে বুৰাই পেলোৱা চিকিৎসালয়লৈ যোৱাত যথেষ্ঠ কষ্টকৰ হৈ পৰে। সেয়ে এই ক্ষেত্ৰতো চিকিৎসা-কর্মীকে ধৰি সকলো সজাগ হৈ থকাটো বাঞ্ছনীয়।

খাদ্যত বিষক্রিয়া-
বাৰিষা বান অহাৰ লগে লগে বিশুদ্ধ খোৱাপানীৰো সমস্যা আহে। খাদ্য ধোৱা-পখলা কৰোঁতে বা ৰান্ধোতে বিশুদ্ধ পানী ব্যৱহাৰ নকৰিলে খাদ্য বিষাক্ত (ফুড পইজনিং) হ’ব পাৰে। এইখিনি সময়ত খোৱা-লোৱাৰ বস্তুৰ ক্ষেত্ৰত সকলোৱে সাৱধান হোৱাটো দৰকাৰ।

                                                                                                                        উৎস: দৈনিক জনমভূমি।

English Summary: Flood causes diseases

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.