1. স্বাস্হ্য আৰু জীৱন

ভেজাল হালধি পৰীক্ষা কৰাৰ ৪ টা সহজ উপায়

KJ Staff
KJ Staff
How to  Check Adulterated Turmeric
How to Check Adulterated Turmeric

ভাৰতীয় লোকৰ সকলোৰে পাকঘৰত বহুলভাৱে ব্যৱহাৰ কৰা মছলা বিধেই হৈছে হালধি । হালধিয়ে আঞ্জাৰ খোৱাদ বঢ়োৱাৰ উপৰিও বহুতো ৰোগ প্ৰতিৰোধ কৰিবলৈ সক্ষম, হালধিয়ে শৰীৰৰ প্রতিৰোধ ক্ষমতা বঢ়ায় । ইএণ্টি-অক্সিডেণ্ট, এণ্টি-ইনফ্লেমেটৰী আৰু এণ্টি-কাৰ্চিন'জেনিকৰ গুণাগুণৰে সমৃদ্ধ। কিন্তু আপুনি ব্যৱহাৰ কৰি থকা হালধি বিশুদ্ধ নহবও পাৰে, কিয়নো আজি কালি বহুতো অসাধু ব্যৱসায়ীয়ে ব্যৱসায়িক লাভৰ বাবে হালধিৰ লগত বিভিন্ন সস্তীয়া পদার্থ মিহলি কৰা দেখা যায় । যদি আপুনি এই ভেজাল হালধি সেৱন কৰে, ই স্বাস্থ্যৰ বাবে অতিকৈ ক্ষতিকাৰক হ'ব পাৰে। 

জানিব পৰা মতে হালধিগুৰিৰ লগত মেটানিল নামৰ হালধীয়া ৰাসায়নিক পদাৰ্থৰ সৈতে ভেজাল কৰা হয়, যি কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে । এক বিশেষ প্ৰতিবেদন অনুসৰি, হালধি কেতিয়াবা ক্ৰমেট নামৰ উজ্জ্বল হালধীয়া সীহ থকা যৌগৰ সৈতেও ভেজাল কৰা হয় । 

আপুনি ঘৰলৈ অনা হালধিগুৰি ভেজাল কৰা হৈছে নেকি পৰীক্ষা কৰিবলৈ নিম্নলিখিত পৰামৰ্শবোৰ অৱলম্বন কৰক ।

  1. আপুনি অতিসহজে পানীৰ সহায়ত হালধিগুৰি ভেজাল কৰা হৈছে নেকি পৰীক্ষা কৰিব পাৰে। ইয়াৰ বাবে, আপুনি গিলাচ এটাত গৰম পানী লব লাগিব আৰু পানীখিনিত এক চামুচ হালধি দিয়ক। মনত ৰাখিব আপুনি হালধিখিনি মিহলি কৰি নিদিবা। ইয়াৰ পিছত ২০ মিনিটমান সময় অপেক্ষা কৰক। এনে কৰাৰ পিছত, যদি হালধিখিনি তলফালে যায় আৰু ওপৰৰ পানী পৰিষ্কাৰ হৈ থাকে, তেন্তে জানিব যে হালধিখিনি বিশুদ্ধ, কিন্তু যদিহে পানী অস্পষ্ট বা গোটেই পানী ৰঙচোৱা হৈ পৰে, তেনেহ'লে জানিব ইয়াক ভেজাল কৰা হৈছে।

  2. হালধিত মেটানিল নামৰ এবিধ হালধীয়া পদাৰ্থ মিহলি কৰা হয় ইয়াক পৰীক্ষা কৰিবলৈ, লেবৰেটৰীৰ পৰীক্ষা নলী এটাত হালধি অলপ লওক আৰু কেইটোপালমান হাইড্ৰক্ল'ৰিক এচিড যোগ দিয়ক আৰু অলপ পানী দিয়ক, তাৰ পিছত নলীটো জোৰেৰে লৰাই দিয়ক। যদি ই গুলপীয়া বা আন কোনো ৰং দেখা পায়, তেন্তে বুজি পাব হালধি গুৰিত মেটানিল ভেজাল কৰা হৈছে।

  3. চক পাউডাৰ আৰু হালধীয়া চাবোন পাউডাৰ ভেজাল পৰীক্ষা কৰিবলৈ এটা পৰীক্ষা নলীত অলপ হালধিগুৰি দিয়ক। তাৰ পিছত অলপ পানী আৰু কেইটোপালমান হাইড্ৰক্ল'ৰিক এচিড যোগ দিয়ক। ভালদৰে মিহলি কৰাৰ পিছত যদি বুদবুদ থাকে, তেন্তে জানিব চক পাউডাৰ আৰু হালধীয়া চাবোন পাউডাৰেৰে ভেজাল কৰা হৈছে ।

  4. আজিকালি কেৱল হালধিগুৰি নহয়, হালধিৰ টুকুৰাও কিছুমান ৰুঙেৰে ভেজাল কৰা হয়। ইয়াক চিনাক্ত কৰিবলৈ, কাগজ এখনত হালধিৰ টুকুৰা এটা ৰাখক আৰু টুকুৰাটোত ঠাণ্ডা পানী ঢালি দিয়ক। ইয়াৰ শেষত, যদি পানীখিনি ৰঙচোৱা হয়, তেন্তে জানিব যে হালধিখিনি ভেজাল কৰা হৈছে ৷

লগতে পঢ়কঃ খালী পেটত ঘিউ খোৱাৰ শীৰ্ষ ৩ টা আয়ুৰ্বেদিক লাভালাভ

English Summary: Easy Ways to Check Adulterated Turmeric

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.