1. স্বাস্হ্য আৰু জীৱন

যদি আপোনাৰ এই 4 টা সমস্যা আছে, ইলাচীচ খোৱা বন্ধ কৰক, এটা গুৰুতৰ বিপদ হ'ব পাৰে

KJ Staff
KJ Staff
Cardamom
Cardamom

ইলাচিক মছলাৰ ৰাণী বুলি কোৱা হয়। ইলাচি অতি সুগন্ধি থকা এবিধ মচলা। আমি খাদ্যটো সোৱাদ বৃদ্ধি কৰিবলৈ ইলাচী ব্যৱহাৰ কৰো। কিন্তু আপুনি জানেনে ৰন্ধাৰ সোৱাদ বৃদ্ধি কৰাৰ উপৰিও, ইয়াৰ বিভিন্ন লাভালাভ আছে। মুখৰ গোন্ধ, ফাঁপা বা দাঁতৰ ক্ষয়ৰ সৈতে ৰক্তক্ষৰণৰ দৰে গুৰুতৰ সমস্যাত ইলাচী এক অতি গুৰত্বপূর্ণ ভূমিকা পালন কৰে। আনকি ইলাচী তেলমুখৰ সমস্যা নিৰাময় কৰিবলৈ এক কাৰ্যকৰী ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। ইলাচী কৰ্কট ৰোগ প্ৰতিৰোধত কাম কৰে। ইয়াৰ উপৰিও,শ্বাসতন্ত্ৰৰ সমস্যা হুপিং, হাঁওফাঁওৰ সংক্ৰমণ আৰু হাপানিৰ দৰে সমস্যাৰ বাবে অতি উপযোগী।

   ইলাচী হৈছে আহাৰৰ এক গুৰুত্বপূৰ্ণ অঙ্গ। ইলাচীৰ বহুতো ঔষধি গুণ আছে। সেয়েহে এইটো আমাৰ শৰীৰৰ বাবে অতি উপযোগী বুলি গণ্য কৰা হয়। অৱশ্যে, যদি আপোনাৰ এই চাৰিটা সমস্যা থাকে, ইলাচী খোৱা আপোনাৰ বাবে বিপদজনক হ'ব পাৰে। গতিকে জানি লঁও আহক এই সমস্যাবোৰনো কি কি? 

 

   ভাৰতীয় মচলাত দুই প্ৰকাৰৰ ইলাচী পোৱা যায়। এটা ডাঙৰ ইলাচী আৰু আনটো হৈছে সৰু ইলাচি। সৰু ইলাচি সেউজীয়া। যদিও ইলাচি খালে আমাৰ শৰীৰক যথেষ্ট লাভান্বিত কৰিব পাৰে, কিছুমান অসুবিধা বা সমস্যা সৃষ্টি কৰিব পাৰে।

 

  • গৰ্ভাৱস্থাৰ সময়ত আপুনি খাদ্যৰ বাবে অধিক সচেতন হ'ব লাগে। অত্যাধিক ইলাচি খালে গৰ্ভপাতত সমস্যা হ'ব পাৰে। যদি আপুনি গৰ্ভাৱস্থাৰ সময়ত ইলাচি খাব বিচাৰে, প্ৰথমে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওঁক। চিকিৎসকে অনুমতি দিলেহে খাওক। 

  • বৃক্ক বা বৃক্কৰ পাথৰৰ সমস্যা থকা সকলৰ বাবে, ইলাচি ক্ষতিকাৰক হ'ব পাৰে। ইলাচিৰ বীজে শৰীৰত থকা সেই পাথৰ বৃদ্ধি কৰিব পাৰে। সেয়েহে, ইয়াক খোৱাৰ আগতে, আপুনি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

  • এলাৰ্জি থকা লোকসকলে খোৱা পৰিহাৰ কৰিব লাগে। ইয়াক গ্ৰহণ কৰিলে শ্বাসতন্ত্ৰৰ সমস্যাও সৃষ্টি কৰিব পাৰে। লগতে, বহুতো লোকৰ ইলাচিৰ পৰা এলাৰ্জিজনিত সমস্যা হ'ব পাৰে, সেয়েহে সেইবিলাক ভাবি-চিন্তিহে ইলাচি খাব।

  • এই সমস্যাবোৰ উপৰিও, অতিৰিক্ত ইলাচি খোৱাৰ ফলত কাহ আৰু বমি হ'ব পাৰে। ইলাচি সোৱাদ ঠাণ্ডা, সেয়েহে ই অতিৰিক্ত খাদ্যৰ বাবে কাহ ও সৃষ্টি কৰিব পাৰে। যদি আপোনাৰ এই সমস্যাবোৰ থাকে তেন্তে ইলাচি খোৱা পৰিহাৰ কৰিব।

 

 খেতিৰ উন্নত কৃষি পদ্ধতিৰ বিষয়ে জানো আহক ( dhania ferming in assam)

English Summary: Don't take elaich if you suffering this problems

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.