1. স্বাস্হ্য আৰু জীৱন

কলা চাউলে আমাৰ দেহৰ বাবে কি কি প্রয়োজনীয় উপাদান যোগান ধৰিব পাৰে জানো আহক -

KJ Staff
KJ Staff
Black Rice
Black Rice

ইয়াৰ উপকাৰিতাসমূহ -

১. ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী - 

ক'লা চাউলত থকা প্রচুৰ পৰিমানণৰ ফাইবাৰ আৰু এন্টিঅক্সিডেন্টৰ বাবে তেজলৈ চুগাৰৰ শোষন (Absorption) কমকৈ হয়৷ সেয়েহে টাইপ 2 ডায়েবেটিছ ৰোগত ই অতি উপকাৰী৷ অৱশ্যে ডায়েবেটিছ ৰোগীৰ বাবে ই ঔষধৰ বিকল্প বুলি ভাবিলে ভুল হব৷ এই চাউলৰ গ্লাইচেমিক ইনডেক্স কম৷ অৰ্থাৎ খাদ্য হিচাবে ইয়াৰ তেজত চুগাৰৰ ওপৰত অপকাৰী প্ৰভাৱ কমকৈ পৰে৷ তদুপৰি ক'লা চাউলত কাৰ্বোহাইড্ৰেট কম আৰু ফাইবাৰ বেচিকৈ থাকে৷ ক'লা চাউল হজম হবলৈ বেচি সময় লাগে৷ এইবিলাক কাৰণত ডায়েবেটিছ ৰোগীয়ে অন্য চাউলৰ পৰিৱর্তে এই চাউল গ্রহণ কৰিব লাগে৷

২. হৃদৰোগ পৰা সুৰক্ষা -

   ক'লা চাউল সঠিক পৰিমানত গ্রহণ কৰিলে ক'লেষ্টেৰল, ট্ৰাইগ্লিচাৰাইড আৰু এল.ডি.এল ক'লেষ্টেৰল হ্রাস কৰে ৷ তেজৰ নলীত চৰ্বিৰ প্ৰলেপ (Atherosclerosis) হবলৈ নিদিয়ে৷ ক'লা চাউলত থকা প'টেচিয়ামে ৰক্তচাপ আৰু হৃদযন্ত্রৰ চাপ নিয়ন্ত্ৰণত ৰাখে ৷

৩. লিভাৰ সুস্থ ৰাখে-

  এন্টিঅক্সিডেন্টে লিভাৰক সুৰক্ষা দিয়ে ফলত ফেটি লিভাৰৰ উপশম ঘটে৷

৪. দেহত চর্বি কমায়- 

  যিসকল লোক মেদবহুলতাৰ চিকাৰ আৰু ওজন বঢ়াৰ ভয়ত ভাত নোখোৱাকৈ থাকে, তেনে লোকসকলে নিৰ্ভয়ে ক'লা চাউল খাব পাৰে৷ ফাইবাৰৰ উপস্থিতিয়ে ওজন কমায় আৰু সোনকালে ভোকো নলগায় ৷ক'লা চাউলৰ ১০০গ্ৰাম ভাতত কেলৰি থাকে মাত্ৰ ৩০০ ৷ তদুপৰি দিনটোত এবাৰ ভাত খালেই দিনটো নাখালেও চলি যায়৷ এনে কাৰণত তেজৰ অপকাৰী ক'লেষ্টৰলৰ লগতে শৰীৰৰ ওজনো কমে৷

৫. পাকস্থলীৰ অসুখ নিৰাময় কৰে-

শৌচ নিয়মীয়া কৰে৷ ওকালি, বদহজম, ডায়েৰিয়া, ইৰিটেবল বাৱেল চিনড্ৰম আদি পেটৰ অসুখ ভাল কৰে ৷

৬. কৰ্কট ৰোগৰ পৰা সুৰক্ষা-

ক'লা চাউলৰ লাগতিয়াল তত্ব সমূহে শৰীৰৰ প্রতিৰোধ ক্ষমতা বঢ়ায়৷ শৰীৰৰ পৰম অহিতকাৰী ফ্ৰি-ৰেডিকেলচ্ৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু শৰীৰক কেন্সাৰ ৰোগৰ পৰা সুৰক্ষা দিয়ে ৷

৭. তেজ বিশুদ্ধীকৰণ-

এন্টিঅক্সিডেন্টে লিভাৰ আৰু কিডনিৰ কাম সুচলে হোৱাত সহায় কৰি শৰীৰৰ তেজ বিশুদ্ধ থকাত সহায় কৰে ৷

৮. চকুৰ সুৰক্ষা- ক'লা চাউলে কেটেৰেক্ট, গ্ল'কমাৰ পৰা সুৰক্ষা দিয়ে আৰু দৃষ্টিশক্তি বঢ়ায় ৷

৯. ছাল আৰু চুলিৰ বাবে উপযোগী- ভিটামিন-ই হ'ল চুলি আৰু চৰ্মৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় তত্ব৷ ক'লা চাউলৰ ফেচ মাস্ক বনাই লগাব পাৰি ৷

১০. হাঁপানী ৰোগ প্ৰতিৰোধক- এন্ঠোচায়ানিনে শ্বাস প্ৰনালীক সুৰক্ষা দিয়ে৷ ফ্ৰি-ৰেডিকেলচ বিনষ্ট কৰে আৰু ফলত হাঁপানীৰ চিকিৎসাত সহায়ক হয়৷ অৱশ্যে ক'লা চাউল গ্ৰহণ কৰিলেই হাঁপানীৰ নিয়মীয়া দৰব চিকিৎসকক নজনোৱাকৈ একেবাৰে বন্ধ কৰি দিব নালাগে৷

১১. সংক্ৰমণ প্ৰতিৰোধক - ডেংগু, চিকেনগুনিয়া,আৰ্থাইটিচ,নানাবিধ সংক্ৰমণ আৰু এলাৰ্জিৰ পৰা শৰীৰক সুৰক্ষা দিয়ে ৷

১২. মস্তিষ্কৰ সুৰক্ষা - স্মৃতিশক্তি বঢ়ায়৷ বাৰ্ধক্যজনিত এলজাইমাৰ ৰোগ প্ৰতিৰোধ কৰে ৷

আৰু পঢ়ক- ৰাজস্থানৰ কোটাৰ এইজন আম খেতিয়ক কিহৰ কাৰণে বিশ্ব বিখ্যাত হৈ পৰিছে? তেঁও বিকশিত কৰা Dwarfs প্রকাৰৰ আমৰ বিশেষত্ব কি? জানক সকলো ইয়াত

 

English Summary: 10 Impressive health benefits of eating black rice

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.