1. Government Schemes

Good News! বৃক্ষৰোপণ কৰিলে চৰকাৰে দিব ১০,০০০ টকা, জানিবলৈ পঢ়ক

KJ Staff
KJ Staff
ঝাৰখণ্ড চৰকাৰৰ  বৃক্ষৰোপণ আচঁনি
ঝাৰখণ্ড চৰকাৰৰ বৃক্ষৰোপণ আচঁনি

দেশত বৃক্ষৰোপনৰ প্ৰতি সজাগ কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ উভয়ে বিভিন্ন সময়ত জোৰ দি অহা পৰিলক্ষিত হৈছে । সেউজীয়াকৰণ বৃদ্ধিৰ লক্ষ্যৰে শেহষতীয়াকৈ ছত্তীশগড় চৰকাৰে মুখ্যমন্ত্ৰী বৃক্ষ ৰোপণ উৎসাহ নামৰ(Mukhyamantri Vriksharopan Protsahan Yojana) এক বিশেষ আঁচনি আৰম্ভ কৰিছে । আচনিখনৰ বিশেষত্ব এই যে ইয়াৰ জৰিয়তে বৃক্ষৰোপক সকলক চৰকাৰে ১০,০০০ টকাৰ চৰকাৰী ৰাজসাহাৰ্য প্ৰদান কৰা হ’ব ।

মুখ্যমন্ত্ৰী বৃক্ষ ৰোপণ আঁচনি আৰু ইয়াৰ লক্ষ্য কি ?

  • ছত্তীশগড় চৰকাৰে ৬ জুন, ২০২১ তাৰিখে মুখ্যমন্ত্ৰী বৃক্ষ ৰোপণ আঁচনি আৰম্ভ কৰিছিল

  • আঁচনিখন মুখ্যতঃ পৰিৱেশ সুৰক্ষিত কৰা আৰু কৃষকসকলৰ উপাৰ্জন বৃদ্ধিকৰাৰ উদ্দেশ্যৰে আৰম্ভ কৰা হৈছে

  • ই পঞ্চায়ত আৰু বন সমিতিৰ উপাৰ্জনো বৃদ্ধি কৰে । আঁচনিখনৰ অধীনত বন বিভাগে এই বছৰ ৰাজ্যখনত প্ৰায় ৯৯ লাখ গছপুলি ৰোপণ কৰিব বুলি আশা কৰা হৈছে।

  • মুখ্যমন্ত্ৰী বৃক্ষ ৰোপণ প্ৰচাৰ আঁচনিৰ অধীনত ৰাজ্যখনৰ বাসিন্দাসকলক প্ৰায় ২৭ কোটি গছপুলি বিতৰণ কৰা হ'ব

  • আগন্তুক ধানৰ বতৰত বাণিজ্যিক সহায়ৰ সৈতে বা অবিহনে গছ ৰোপণ কৰিবলৈ কৃষকসকলক অধিক উদগনি প্ৰদান কৰা হ'ব

বৃক্ষ ৰোপণ আঁচনিখনৰ লাভালাভ

  • আঁচনিখনৰ মূল উদ্দেশ্য হৈছে ৰাজ্যখনত পৰিৱেশ সুৰক্ষা

  • আঁচনিখনে ৰাজ্যখনৰ কৃষক, পঞ্চায়ত আৰু বন সমিতিৰ উপাৰ্জন বৃদ্ধি কৰিব

  • এই বছৰ আঁচনিখনৰ অধীনত প্ৰায় ৯৯ লাখ গছপুলি ৰোপণ কৰা হ'ব

  • ৰোপণৰ বাবে নাগৰিকসকলক প্ৰায় ২৭ কোটি গছপুলি বিতৰণ কৰা হ'ব

  • গছ কটাৰ ওপৰত নিয়ম কঠোৰ কৰা হ’ব

  • যিসকল কৃষকে বাণিজ্যিক গছ ৰোপণ কৰে তেওঁলোকক টকাৰ উদগনি দিয়া হ'ব

  • সফল বৃক্ষৰোপণৰ পিছত এবছৰত প্ৰতি একৰ মাটিত ১০,০০০ টকা লাভ কৰিব

আঁচনিখনৰ মুখ্য বিষয়সমূহ

  • আঁচনিখন ৰাজ্যখনৰ বন বিভাগে নিয়ন্ত্ৰণ কৰিব

  • বাণিজ্যিক বৃক্ষৰোপণৰ ক্ষেত্ৰত, পঞ্চায়ত বা বন সমিতিৰ সৈতে উপলব্ধ পৰিমাণ গছ খেতিৰ বাবে ব্যৱহাৰ কৰা হ'ব

  • এই আঁচনিয়ে কৃষক, পঞ্চায়ত আৰু বন সমিতিৰ ৰাজহ বৃদ্ধিত সহায় কৰিব।

  • মুখ্যমন্ত্ৰী বৃক্ষৰোপণ প্ৰচাৰ আঁচনিৰ অধীনত চৰকাৰে গছ কটাৰ নিয়ম কৰিব

  • মালিকানাধীন ভূমিত গছ কাটি বিক্ৰী কৰাৰ অধিকাৰ সংশ্লিষ্ট পক্ষক দিয়া হ'ব

আচঁনিখনৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ

  • মোবাইল নম্বৰৰ সৈতে আধাৰ কাৰ্ড লিংক

  • বাসস্থানৰ প্ৰমাণপত্ৰ

  • উপাৰ্জনৰ প্ৰমাণপত্ৰ

  • বেংক একাউণ্ট পাছবুক

  • পাছপোৰ্ট আকাৰৰ ফটো

এই আঁচনিখনৰ বাবে কেনেদৰে অনলাইন আবেদন কৰিব লাগিব

এই আঁচনিখন প্ৰাপ্ত কৰিবলৈ আৰু অধিক তথ্য প্ৰাপ্ত কৰিবলৈ আবেদন কৰিবলৈ https://kisan.cg.nic.in/ লৈ যাব লাগিব ।

লগতে পঢ়কঃ কৃষি বিশ্ববিদ্যালয়ে বিকশিত কৰিলে ওটচ, ঘেঁহু, চাউল আৰু নাইজাৰ উন্নত বীজ

English Summary: tree plantaion scheme by Jharkhand Government

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.